ETV Bharat / state

Presidential Election: বিয়লি ৫ বজাত দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত সমাপ্ত ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ

অসমত ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ সোমবাৰে বিয়লি ৫ বজাত অন্ত পৰে (Presidential election Polling ended 5 pm on Monday) । দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত মুঠ 123 গৰাকী বিধায়কে ভোটদান কৰে (Total 123 MLAs cast votes in Central Hall) । ইয়াৰে ভিতৰত বিজেপি আৰু মিত্ৰদলৰ 85 গৰাকী আৰু কংগ্ৰেছ, ৰাইজৰ দল আৰু চিপিআইএমৰ মুঠ 26 গৰাকী বিধায়কে ভোটদান কৰে । এ আই ইউ ডি এফৰ 13 গৰাকী বিধায়কে ভোটাধিকাৰ সাব্যস্ত কৰে ।

author img

By

Published : Jul 18, 2022, 7:34 PM IST

a
a

গুৱাহাটী, ১৮ জুলাই : দেশৰ পৰৱৰ্তী ৰাষ্ট্রপতি নির্বাচনৰ বাবে ভোটগ্ৰহণৰ সোমবাৰে বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰে (Presidential election Polling ended 5 pm on Monday) । অসমত দিছপুৰ বিধানসভাৰ চেণ্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । অসমৰ শাসক আৰু বিৰোধী বিধায়কসকলে দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্রপতি নির্বাচনৰ ভোটদান কৰে (Assam MLAs cast votes in Dispur assembly Central Hall) ।

ভোটদানৰ বাবে বিধায়কসকলে গুলপীয়া বেলট আৰু সাংসদসকলে সেউজীয়া ৰঙৰ বেলটৰ জৰিয়তে ভোটদান সাব্যস্ত কৰে । ভোটদানত বেগুনীয়া চিয়াঁহী ব্যৱহাৰ কৰা হয় । ভোটদানত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰা হয় । শাসকীয় দলৰ পৰা পীযূষ হাজৰিকা, ভূবন পেগু আৰু সুশান্ত বৰগোঁহায়ে প'লিং এজেণ্ট হিচাপে কাম কৰে । আনহাতে, বিৰোধী পক্ষৰ পৰা ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আৰু দিগন্ত বৰ্মন প'লিং এজেণ্ট হিচাপে থাকে । বিয়লি পাঁচ বজালৈ অনুষ্ঠিত ভোটদানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

আজি দিছপুৰৰ বিধানসভাৰ চেণ্ট্ৰেল হলত মুঠ 123 গৰাকী বিধায়কে ভোটদান কৰে (Total 123 MLAs cast votes in Central Hall) । ইয়াৰে ভিতৰত বিজেপি আৰু মিত্ৰদলৰ 85 গৰাকী আৰু কংগ্ৰেছ, ৰাইজৰ দল আৰু চিপিআইএমৰ মুঠ 26 গৰাকী বিধায়কে ভোটদান কৰে । এ আই ইউ ডি এফৰ 13 গৰাকী বিধায়কে ভোটাধিকাৰ সাব্যস্ত কৰে । উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে সংসদৰ ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰে । লগতে অসমৰ কেউজন সাংসদেই সংসদত ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰে ।

ইপিনে এ আই ইউ এফৰ দুজন বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু সুজামউদ্দিন লস্কৰে হজলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ভোটদান কৰিব নোৱাৰিলে । আনহাতে, কংগ্ৰেছৰ নিলম্বিত বিধায়কসকলৰ এজন শশীকান্ত দাসে দ্রৌপদী মূমুর্ক ভোট দিয়াৰ বিপৰীতে শ্বেৰমান আলীয়ে যশোৱন্ত সিন্হাক ভোটদান কৰে বুলি জানিব পৰা গৈছে । আন এজন নিলম্বিত কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদেও দ্রৌপদী মূমুর্ক ভোটদান কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিয়লি ভোটদান সম্পন্ন হোৱাৰ পাছতে বেলট বাকচটো পৰৱৰ্তী সময়ত উপলব্ধ বিমানযোগে নতুন দিল্লীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয় ।

বিধানসভাৰ চৌহদৰ পৰা সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাৰে পাইলট এছক'ৰ্টেৰে লৈ যোৱা হয় বৰঝাৰ বিমানবন্দৰলৈ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু সংবিধান প্ৰদত্ত ৰাজকীয় প্ৰক্ৰিয়াৰ মাজেৰে বিমানযোগে দিল্লীলৈ লৈ যোৱা হয় এই বেলট বাকচ (Ballot box sent to New Delhi in tight security) ৷ মূল বেলট বাকচটোৰ উপৰি আন তিনিটা অতিৰিক্ত বাকচ লৈ যোৱা হয় দিল্লীলৈ ৷ য’ত আছে নিৰ্বাচনত ব্যৱহৃত অন্যান্য তথ্য-পাতি । ৰাজ্যসভাত স্থাপন কৰা ষ্ট্ৰং ৰুমত সেইটো জমা কৰিব লাগিব বুলি অসমৰ ৰিটার্নিং বিষয়াই জানিবলৈ দিছে ।

লগতে পঢ়ক :Presidential Election 2022: ভিভিআইপি মৰ্যদাৰে দিল্লীলৈ লৈ যোৱা হ’ব বেলট বাকচ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.