ETV Bharat / state

তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

author img

By

Published : Feb 20, 2022, 10:58 PM IST

কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (Assam CM pressmeet regarding cabinet decision)। ২৫ ফেব্ৰুৱাৰীত ৰাজ্যত আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ram Nath Kovind to visit Assam on three day)। কাজিৰঙাত কৰিব জীপ চাফাৰী । মঙলদৈৰ স্কীল বিশ্ববিদ্যালয়খন এডিবিৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰিবলৈ ১০১৬ কোটি টকাৰ অনুমোদন । ৰাজ্য চৰকাৰৰ যিমান সংখ্যক গ্ৰুপ-এ আৰু গ্ৰুপ-বিৰ পদ আছে সকলোবোৰ পদৰ বাবে এ পি এছ চিয়ে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ।

তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind to visit Assam on three day) । দেওবাৰে ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ অন্তত জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM pressmeet regarding cabinet decision) । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২৫ ফেব্ৰুৱাৰীত ৰাজ্যত আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।

কামৰূপ জিলাৰ দদৰাত হ'বলগীয়া আলাবৈ যুদ্ধৰ স্মৃতি স্মাৰক আৰু যোৰহাটৰ সমীপত থকা লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ ২২ বিঘা ভূমিৰ নতুন ৰূপৰ আধাৰশিলা ৰাষ্ট্ৰপতিগৰাকীয়ে স্থাপন কৰিব । ইয়াৰ পাচত ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সিদিনাই বিয়লি ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাত জীপ চাফাৰী কৰিব ।

আনহাতে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙাৰ বিভিন্ন প্ৰকল্পৰ ক্ষেত্ৰতো পৰ্যালোচনা কৰিব ।

২৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিগৰাকী দিল্লী অভিমুখে যাত্ৰা কৰিব । দেওবাৰে কেবিনেটে ৰাষ্ট্ৰপতিগৰাকীৰ তিনিদিনীয়া ভ্ৰমনসূচীক অনুমোদন জনাই বুলি সদৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয় কেবিনেটে । ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে অসমলৈ আহিবৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক : মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত : মন্ত্ৰী পীযুষ হাজৰিকা

আনহাতে, অসম চৰকাৰে এইবাৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী দেশৰ কেইবাটাও স্থানত অনুষ্ঠিত কৰিব । দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিয়ন্ত্ৰণ জনোৱা হ'ব । মুম্বাইত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আমন্ত্ৰণ জনোৱা হ'ব । সেইদৰে গুজৰাটত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনোৱা হ'ব ।

লাচিত বৰফুকনৰ ওপৰত উন্নত মানৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হ'ব বুলি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বুঢ়ীদিহিং আৰু বেঁকীত দুটা বান নিয়ন্ত্ৰণ প্ৰকল্পত কেবিনেটে অনুমোদন জনায় । ইয়াত ৮০০ কোটি টকা বিনিয়োগ কৰা হ'ব ।

আনহাতে, মঙলদৈৰ স্কীল বিশ্ববিদ্যালয়খন এডিবিৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰিবলৈ ১০১৬ কোটি টকা কেবিনেটে অনুমোদন জনায় । সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আম, কঠাল, বাঁহ, জামু, অগৰু, চন্দন, শিমলু, কদম আদি এইধৰণৰ সকলো গছ ন'ন ফৰেষ্ট এলেকাত হ'লে কাটিব আৰু বিক্ৰী কৰিবৰ বাবে বন বিভাগৰ অনুমতিৰ প্ৰয়োজন নহ'ব ।

লগতে পঢ়ক : বিজেপি প্ৰাৰ্থীৰ ভাগ্য উদয় : মনোনয়ন প্ৰত্যাহাৰ পৌৰসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থীৰ

ৰাজ্যিক কেবিনেটত দেওবাৰে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰৰ যিমান সংখ্যক গ্ৰুপ-এ আৰু গ্ৰুপ-বিৰ পদ আছে, সকলোবোৰ পদৰ বাবে এ পি এছ চিয়ে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব । ৰাজ্য চৰকাৰৰ ৪৮ টা নতুন পদ ৰাজ্য চৰকাৰে এ পি এছ চিৰ কম্বাইন চিভিল চাৰ্ভিছ পৰীক্ষাৰ সৈতে একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এতিয়াৰে পৰা ৰাজ্যৰ নিবনুৱা সকলে গ্ৰুপ-এ আৰু গ্ৰুপ-বিৰ পদত নিযুক্তি লাভৰ বাবে পৃথক পৃথক পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে । এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ দ্বাৰাই বছৰত এই নিযুক্তি লাভ কৰা হ’ব । যিসকল পৰীক্ষাৰ্থীয়ে ভাল নম্বৰ পাই তেওঁলোকে এ চি এছ, এ পি এছ হ’ব আৰু কম নম্বৰ পোৱা পৰীক্ষাৰ্থী সকলে অন্য পদ লাভ কৰিব ।

আনহাতে, ৰাজ্যৰ গ্ৰুপ-চি আৰু গ্ৰুপ-ডিৰ বাবেও এটাই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : মাজুলীৰ ৰাজনীতিত ইউটাৰ্ন চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে থিয় দিলে ৰাজীৱ লোচন পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.