ETV Bharat / state

মা কামাখ্যাৰ আশীৰ্বাদ ল’লে ৰাষ্ট্ৰপতি কোবিন্দে - মা কামাখ্যাৰ আশীৰ্বাদ ল’লে ৰাষ্ট্ৰপতি কোবিন্দে

তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Kovind in Assam) । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত দিনৰ প্ৰায় ১১.৩০ বজাত অৱতৰণ কৰে । ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৷

President Kovind pray at the Kamakhya temple
মা কামাখ্যাৰ আশীৰ্বাদ ল’লে ৰাষ্ট্ৰপতি কোবিন্দে
author img

By

Published : Feb 25, 2022, 2:01 PM IST

গুৱাহাটী, 25 ফেব্ৰুৱাৰী : গুৱাহাটীত উপস্থিত হৈ অভিভূত হৈ পৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বাৰেবৰণীয়া সংস্কৃতিৰ নাচ-গানেৰে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনোৱা হয়(cultural performance to welcome President) । বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ আহি থকা অৱস্থাত ৰাষ্ট্ৰপতিগৰকীয়ে এবাৰ নহয়, দুবাৰকৈ গাড়ীৰ পৰা নামি ৰাইজক অভিবাদন জনায় । যথেষ্ট কটকটীয়া বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতিগৰাকী বিমান বন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ যোৱা হয় ।

মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে । কামাখ্যা মন্দিৰত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে । মন্দিৰতে কিছুসময় জিৰণি লয় ৰাষ্ট্ৰপতিগৰাকীয়ে । তেওঁ বিয়লি 5 বাজি 30 মিনিটৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ৰাষ্ট্ৰপতিগৰাকী কলাক্ষেত্ৰত প্ৰায় এঘণ্টা সময় থাকিব আৰু তাতে তেওঁ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । সেই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলি আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক : President Kovind in Assam : অসমত উপস্থিত ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.