ETV Bharat / state

ক'ভিডে সৃষ্টি কৰা অনিশ্চয়তাৰ মাজত দেশবাসী - ক'ভিডে সৃষ্টি কৰা অনিশ্চয়তাৰ মাজত এতিয়া দেশবাসী

দেশত ভয়ানক হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে প্ৰশাসনে জাৰি কৰা ক'ভিড সংক্ৰান্তীয় নীতি নিৰ্দেশনা আৰু লকডাউনৰ প্ৰসংগই দেশবাসীক পুনৰ অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে ৷

ক'ভিডে সৃষ্টি কৰা অনিশ্চয়তাৰ মাজত এতিয়া দেশবাসী

author img

By

Published : Apr 21, 2021, 1:49 PM IST

গুৱাহাটী, ২1 এপ্ৰিল : নিৰ্বাচনৰ সময়ত অসমৰ প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি কৈছিল যে, অসমত ক'ভিড নাই ৷ আনকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ মাধ্যমৰ সাংবাদিকৰ সন্মুখত মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই বুলি সদম্ভে ঘোষণা কৰি বিভিন্ন যুক্তি দাঙি ধৰিছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছৰ পৰিস্থিতি হঠাতে সলনি হোৱা পৰিলক্ষিত হৈছে ৷ সৌ সিদিনাৰ আৰু আজিৰ পৰিস্থিতিৰ মাজত যেন এতিয়া আকাশ-পাতাল পাৰ্থক্য। সৰ্বত্ৰে এতিয়া ক'ভিড-19 ৰ আতংক ।

অসম ক’ৰণামুক্ত বুলি চৰম মিথ্যাচাৰেৰে শাসকীয় দল বিজেপিয়ে তথা নেতা-মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰিণতি এতিয়া ৰাজ্যবাসীয়ে ভোগ কৰিব লগীয়া হৈছে । মূলতঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিজেপিৰ প্ৰতিজন নেতাই অসমে ক’ভিডৰ পৰা মুক্তি পোৱা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাই নহয়, নিৰ্বাচনী প্ৰচাৰ সভাতো কোনো ধৰণৰ ক'ভিড প্ৰ'টকল মানি চলা নাছিল। একপ্ৰকাৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাইজক সংকটৰ দিশে ঠেলি দিছিল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় মন্ত্রীসকলে অসমে ক’ভিডক জয় কৰাত দেশৰ ভিতৰতে সফল হোৱা বুলি কৈ নিৰ্বাচনী প্ৰচাৰ সভাত জনতাক সম্বোধন কৰে। কিন্তু বাস্তৱ ক্ষেত্রৰ ছবিখন পৃথক আছিল। নিৰ্বাচনৰ পূৰ্বৰ পৰাই ৰাজ্যত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছিল আৰু ক'ভিডৰ বাবে সেই সময়ৰ পৰাই বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। বিগত বৰ্ষৰ ৩১ মাৰ্চত অসমত প্ৰথমগৰাকী ক'ভিড ৰোগী চিনাক্ত হৈছিল আৰু সেই সময়ৰ পৰা কম-বেছি পৰিমাণে অব্যাহত আছে ক'ভিড-19 ৰ সংক্ৰমণ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ লাহোৱালস্থিত ৰিজনেল মেডিকেল ৰিচাৰ্জ চেণ্টাৰ চমুকৈ আইচিএমআৰ-এ ফেব্ৰুৱাৰী মাহতে ৰাজ্য চৰকাৰক ক'ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক বাণী প্ৰদান কৰিছিল । ক'ভিডৰ ইউ কে ভেৰিয়েণ্টৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আইচিএমআৰে ৰাজ্য চৰকাৰক উপযুক্ত পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিছিল। কিন্তু ৰাজ্য চৰকাৰে সেই পৰামৰ্শক অলপো গুৰুত্ব নিদি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থাকিল।

একমাত্র ৰাজনৈতিক লাভালাভ আৰু ভোটৰ অংকৰ বাবেই যেন চৰকাৰখনে জনগণক এনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিলে । এইখিনিতে প্ৰশ্ন হয় যে, এই অপৰাধৰ বিচাৰ কোনে ল'ব ? প্ৰাপ্ত তথ্য অনুসৰি, বিগত বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰত গুৱাহাটীত এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছিল ৷ আনহাতে চলিত বৰ্ষৰ জানুৱাৰী মাহত ৫ জন, ফেব্ৰুৱাৰী মাহত ৫ জন আৰু মাৰ্চ মাহত ৪ জন লোকৰ ক’ভিড-19 ত মৃত্যু হৈছিল ।

অতি পৰিতাপৰ বিষয় যে, মুখ্যমন্ত্ৰী সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড-19 ৰ বাবে কোনো শংকা নাই বুলি ৰাইজক প্ৰৰোচনা কৰি তথা বিপদত পেলাই বিশাল নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিল । কিন্তু আজিৰ পৰিস্থিতিত সেই সময়ত সামাজিক দূৰত্ব বিধি মানি চলাৰ আৰু মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি কৈ সৰ্বসাধাৰণক বিপদৰ মুখলৈ ঠেলি দিয়া সকলক এতিয়া কোনে জবাবদিহি কৰিব ?

লগতে পঢ়ক : ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.