গুৱাহাটী, ১২ ছেপ্টেম্বৰ: শাৰদীয় উৎসৱৰ ব্যস্ততা আৰম্ভ । ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা । বিশ্ব খনিকৰৰ বন্দনা কৰিবলৈ সাজু ৰাজ্যবাসী । চমু চাপিছে সময়, বাঢ়িছে ব্যস্ততা । ব্যস্ত মৃণ্ময় শিল্পীসকল । সমাগত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা । মাজত মাথো কেইটামান দিন বাকী । পূজালৈ যিমানে সময় চমু চাপিছে সিমানেই ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীসকলৰ । দিনে নিশাই মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকল ।
মূৰ তুলিবলৈ আহৰি নাই মহানগৰীৰ মৃণ্ময় শিল্পীৰ । প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীসকল । মহানগৰীৰ বহুকেইটা স্থানৰ লগতে লাচিত নগৰৰ মৃণ্ময় শিল্পীসকলো বছৰৰ পিছত বছৰ ধৰি নিয়োজিত হৈ আছে মূৰ্তি নিৰ্মাণৰ কামত । লাচিত নগৰৰ বহুকেইটা স্থানত নিৰ্মান কৰা হয় মৃণ্ময় মূৰ্তিসমূহ । এইবৰ্ষত বিশ্বকৰ্মা পূজা উপলক্ষে তেওঁলোকে নিৰ্মাণ কৰিছে ১ ৰ পৰা ৬ ফুট উচ্চতাৰ বিশ্বকৰ্মাৰ মূৰ্তিসমূহ । লাচিত নগৰৰ এগৰাকী মৃণ্ময় শিল্পীয়ে জনোৱা অনুসৰি এইবাৰ মহানগৰীৰ বিভিন্ন পূজা সমিতিসমূহৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় ১০০ টা মৃণ্ময় মূৰ্তিৰ অৰ্ডাৰ লাভ কৰিছে । ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৬ হাজাৰ টকা পৰ্যন্ত মূল্য নিৰ্ধাৰণ কৰা হৈছে মূৰ্তিসমূহৰ ।
এই বৰ্ষৰ ১৮ ছেপ্টেম্বৰ তাৰিখে ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্বকৰ্মা পূজা । বেদত উল্লেখ থকা অনুসৰি বিশ্বকৰ্মাক বিশ্বৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে । প্ৰতিবছৰৰ দৰে ভাদ মাহৰ সংক্ৰান্তিত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, দোকান-পোহাৰ, উদ্যোগ-প্ৰতিষ্ঠান, কল-কাৰখানা আদিত পূজাৰ দিনা বিশ্বখনিকৰক আৰাধনা কৰিব ৰাজ্যবাসীয়ে ।
লগতে পঢ়ক: Ganesha Chaturthi 2023: গণেশ চতুৰ্থীলৈ দুই লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ ৰাজ্যৰ বৃহত্তম গণেশৰ মূৰ্তি