গুৱাহাটী, 31 ডিচেম্বৰ: বুধবাৰে জ্যোতি চিত্ৰবনত প্ৰদৰ্শন কৰা হয় 'অৰ্জুন: The Hero of Forest’ নামৰ তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ। বিদ্যা ফিল্মচৰ বেনাৰত নিৰ্মিত এই চলচিত্ৰখনত তুলি ধৰা হৈছে বন্যপ্ৰাণীৰ সংগ্ৰাম আৰু বনাঞ্চল ধ্বংসৰ এক জীয়া প্ৰতিচ্ছবি। ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ মুখ্য সচিব অবিনাশ যোশী, অভিনেতা আকাশদ্বীপৰ লগতে তথ্যচিত্ৰখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় প্ৰিমিয়াৰ শ্ব’।
![premier show of Arjun- the hero of fo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-02-30dec-theheroofforest-pic-as10003lipikadeka_30122020224924_3012f_1609348764_69.jpg)
এই প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰে টাইমছ অব ইণ্ডিয়াৰ উত্তৰ-পূব সংস্কৰণৰ সম্পাদক প্ৰবীণ কলিতা, বন বিষয়া এ. এম সিঙৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। প্ৰিমিয়াৰ শ্ব’ৰ শেষত বনমন্ত্ৰী শুক্লবৈদ্যই চলচিত্ৰখনে নতুন বছৰত সকলোৰে মনত প্ৰকৃতি প্ৰেম জগাই তুলিবলৈ সামৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। তথ্যচিত্ৰখন ৰচনা আৰু পৰিচালনা কৰিছে ৰজনী বৰ্মনে লগতে প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে।
![premier show of Arjun- the hero of fo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-02-30dec-theheroofforest-pic-as10003lipikadeka_30122020224924_3012f_1609348764_256.jpg)
লগতে পঢ়ক: প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকীত নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰীৰ