ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত 5 জনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 8, 2021, 10:57 PM IST

প্ৰি-মেট্ৰিক সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত পাঁচজনক গ্ৰেপ্তাৰ চিআইডিৰ ৷ আটকাধীন লোককেইজন ক্ৰমে নুৰ হক(38), গুলাম মুস্তাফা(27), আজাদ ৰফিকুল ইছলাম(41), মনিৰুদ্দিন(25), আজিজুল হক(28) বুলি জানিব পৰা গৈছে ৷

Pre-matric Minority Scholarship scam
সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত পুনৰ 5 জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,8 ফেব্ৰুৱাৰী: প্ৰি-মেট্ৰিক সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিআইডিক ৷ ইয়াৰ ভিত্তিতে চিআইডিৰ দল, প্ৰশাসন আৰু স্থানীয় লোকে বকো আৰক্ষী চকী, নগৰবেৰা আৰক্ষী চকী, ধুপধৰা আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলসমূহত 7 আৰু 8 জানুৱাৰীত অভিযান চলায় ৷ এই অভিযানত উক্ত কেলেংকাৰীৰে জড়িত 5 জনকৈ লোকক আটক কৰা হৈছে ৷

আটকাধীন লোককেইজন ক্ৰমে নুৰ হক(38), গুলাম মুস্তাফা(27), আজাদ ৰফিকুল ইছলাম(41), মনিৰুদ্দিন(25), আজিজুল হক(28) বুলি জানিব পৰা গৈছে ৷ চিআইডিৰ জেৰাত আৰু প্ৰাপ্ত তথ্যৰ ভিত্তিত আটাইকেইগৰাকীয়ে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত বুলি স্পষ্ট হৈ পৰিছে ৷ অভিযু্ক্ত পাঁচজনকে মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ’ব ৷ উল্লেখ্য যে, এই পৰ্যন্ত এই কেলেংকাৰীৰে জড়িত 35 জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে অপৰাধ অনুসন্ধান শাখাই ৷

লগতে পঢ়ক-ৰাজ্যত অব্যাহত ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.