গুৱাহাটী, 1 মাৰ্চঃ অসুস্থ শিল্পী জুবিন গাৰ্গ ৷ বিগত দুদিন ধৰি চিকিৎসাধীন হৈ আছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ ৷ অসমবাসী ৰাইজৰ অতিকৈ মৰমৰ শিল্পী গৰাকীৰ অসুস্থতাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্যত । সকলোৰে কামনা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা মৰমৰ জুবিন গাৰ্গ সোনকালে আৰোগ্য হৈ ওলাই আহক চিকিৎসালয়ৰ পৰা । জুবিনৰ আশু-আৰোগ্য কামনাৰে মঠ-মন্দিৰে পূজা-অৰ্চনা চলাৰ পৰিৱৰ্তে মছজিদ-মাজাত অনুষ্ঠিত হৈছে বিশেষ দোৱাৰ । দেওবাৰে মহানগৰীৰ দক্ষিণগাঁৱত গৰিয়া-মৰিয়া সংগঠনে শিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনাৰে অনুষ্ঠিত কৰে এক বিশেষ দোৱাৰ । দক্ষিণগাঁৱৰ স্থানীয় ৰাইজৰ লগত সংগঠনৰ সদস্য সকলে কোৰাণ পাঠ কৰি শিল্পী গৰাকী সোনকালে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ওলাই অহাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে । জুবিন গাৰ্গৰ আশু-আৰোগ্য কামনাৰ লগতে বৰ্তমান দেশত সৃষ্টি হোৱা অশান্তিৰ পৰিৱেশ আঁতৰি যাতে দেশৰ লগতে সমগ্ৰ বিশ্বতে শান্তি স্থাপন হয় ইয়াৰ বাবেও অঞ্চলটোৰ স্থানীয় বাসিন্দাই আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায় ।
উল্লেখ্য যে, অসমৰ ৰাইজৰ অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ শুকুৰবাৰে সন্ধিয়া অসুস্থ হৈ পৰিছিল । তাৰ পাচতেই শিল্পীগৰাকীক মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰিছিল । শিল্পীগৰাকী বৰ্তমান সংকটমুক্ত যদিও চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী ।