ETV Bharat / state

Pranjal Moran Missing Case : ন্যায় বিচাৰি চচলত প্ৰতিবাদত বহিল প্ৰাঞ্জল মৰাণৰ পৰিয়াল - Pranjal Moran family strike

এতিয়াও সন্ধান নাই লিডু কয়লা খনিত নিখোঁজ হোৱা প্ৰাঞ্জল মৰাণৰ । ন্যায় প্ৰদানৰ দাবীত পৰিয়ালৰ চচল ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট । উল্লেখ্য যে উল্লেখ্য যে তিনিচুকীয়াৰ শুকানি গাঁৱৰ বাসিন্দা প্ৰাঞ্জল মৰাণে লিডুৰ কয়লা খনিত কাম কৰিবলৈ গৈ প্ৰায় দুমাহ ধৰি নিখোঁজ হৈ আছে (Pranjal Moran of Lidu missing case) ।

Pranjal Moran
Pranjal Moran
author img

By

Published : Mar 13, 2023, 9:09 PM IST

প্ৰাঞ্চল মৰাণৰ সন্ধান বিচাৰি পৰিয়ালৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী, ১৩ মাৰ্চ : লিডু কয়লা খনিত নিখোঁজ হোৱা প্ৰাঞ্জল মৰাণৰ (Lidu coal field worker Pranjal Moran missing) পৰিয়ালক উচিত ন্যায় প্ৰদানৰ দাবীত প্ৰাঞ্জল মৰাণৰ পত্নী উর্বশী মৰাণ, কণমানি পুত্ৰ সন্তানৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Pranjal Moran family strike) । মন কৰিবলগীয়া কথা এই যে দুটা মাহ অতিক্ৰম কৰাৰ পাছতো মৰাণৰ আৰক্ষীয়ে প্ৰাঞ্জল মৰাণৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । এই ঘটনাৰ লগত তিনি কয়লা মাফিয়া বি গণেশ, ৰাজা সাই আৰু কমল সাই জড়িত থকাৰ অভিযোগ তুলি আইনী ব্যৱস্থা গ্ৰহণৰ লগতে ন্যায়িক তদন্ত বিচাৰৰ পিছতো মৰাণ আৰক্ষীয়ে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত পত্নী উর্বশী মৰাণে সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (Pranjal Moran of Lidu missing case) ।

সংবাদ মাধ্যমৰ আগত প্ৰাঞ্জল মৰাণৰ ন্যায় প্ৰদান কৰিব নোৱাৰা আৰক্ষীয়ে তিনি অভিমুক্তক ৰক্ষণাবেক্ষণ দিযাৰ অভিযোগ তোলে । ইফালে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত বৰা, উপ দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা কংগ্ৰেছী বিধায়কৰ এটা সঁজাতী দলে সোমবাৰে প্ৰাঞ্জল মৰাণৰ ন্যায়ৰ দাবীত চচলত প্ৰতিবাদত বহা পৰিয়ালবৰ্গক সাক্ষাৎ কৰে । প্ৰাঞ্জল মৰাণৰ পৰিয়ালটোৰ মনৰ কথা বুজ লোৱাৰ লগতে এই সমগ্ৰ বিষয়টো চলিত অসম বিধানসভাৰ বাজেট অধিবেশনত উত্থাপন কৰাৰ লগতে এইক্ষেত্ৰত আইনী যুঁজত সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ১২২ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ কাচমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত শুকানি গাঁৱৰ বাসিন্দা প্ৰাঞ্জল মৰাণে লিডুত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ প্ৰায় দুমাহ ধৰি নিখোঁজ হৈ আছে । চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত লক্ষীপথাৰ নিবাসী হীৰেন গগৈ নামৰ ব্যক্তিজনে উৰ্বশী মৰাণৰ স্বামী প্ৰাঞ্জল মৰাণ কৰ্মস্থলীতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বুলি কোৱাৰ লগতে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিব নোৱাৰিব বুলি পৰিয়ালক অৱগত কৰিছিল ।

তাৰ উপৰি তেওঁৰ মৃত্যুৰ বাবদ পৰিয়ালটোক ৫ লাখ টকা দিবলৈ আহিছিল উক্ত লোকজনে । কিন্তু পত্নীয়ে ধন নালাগে, স্বামীক ঘূৰাই লাগে বুলি কৈ তেওঁলোকক উভতাই পঠিয়াইছিল । তাৰ পিছতেই যোৱা ৩ ফেব্ৰুৱাৰীত লংকাচি থানাত স্বামী নিখোঁজ হোৱা সন্দৰ্ভত গোচৰ দিবলৈ পত্নী যায় যদিও লংকাচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এজাহাৰখন গ্ৰহণ নকৰি ঘটনাটো সংঘটিত হোৱা লিডু থানাত গোচৰ দিবলৈ কয় । তেওঁৰ কথামতে পত্নীয়ে পিছদিনা অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত লিডু থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । কিন্তু লিডু আৰক্ষীয়ে পত্নীৰ এজাহাৰখন ৬ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰে ।

এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছতো আৰক্ষীয়ে তিনি কয়লা মাফিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত পত্নী উর্বশী মৰাণে আক্ষেপ প্ৰকাশ কৰে । ইফালে তিনিচুকীয়া জিলা প্ৰশাসন আৰু ক'ল ইণ্ডিয়া লিমিটেডে প্ৰাঞ্জল মৰাণৰ মৃতদেহ বিচাৰি অভিযান চলোৱাৰ পিছতো আজিলৈকে পৰিয়ালে মৃতদেহ লাভ নকৰাত মৃতকৰ ক্ৰিয়াকৰ্ম কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :Adani stock manipulation: আদানীৰ বিয়াগোম বিত্তীয় কেলেংকাৰী তদন্তৰ দাবীৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.