ETV Bharat / state

অসম চৰকাৰে CAAৰ বিৰোধিতা নকৰাতো লজ্জাজনক : প্ৰফুল্ল কুমাৰ মহন্ত

author img

By

Published : Dec 16, 2019, 7:05 PM IST

অসম চুক্তিক অৱমাননা কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ অগপৰ নেতাসকলক আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই ৷ নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাচতে অসমবাসীক শুভেচ্ছা জনোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াৰ ক্ষোভ সম্পৰ্কে কিমান দূৰ জ্ঞাত হৈছে সেই সম্পৰ্কে সন্দেহ আছে বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assamese people never accept CAA
Assamese people never accept CAA

গুৱাহাটী, 16 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদ মেল ৷ সংবাদমেলত মহন্তই কয় যে, কোনো কাৰণতে অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি নলয় , সেয়ে চৰকাৰে অনতি বিলম্বে এই আইনখন প্ৰত্যাহাৰ কৰিব লাগে ৷ অগপৰ একাংশ নেতাই নাগৰিকত্ব আইন সমৰ্থন কৰি ইয়াৰ সপক্ষে ভোটদান কৰা কাৰ্যক গৰিহণা দিয়ে মহন্তই ৷ অসম চুক্তিক অৱমাননা কৰা এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অগপৰ নেতাসকলক আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই ৷ নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাচতে অসমবাসীক শুভেচ্ছা জনোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াৰ ক্ষোভ সম্পৰ্কে কিমান দূৰ জ্ঞাত হৈছে সেই সম্পৰ্কে সন্দেহ আছে বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰফুল্ল মহন্তৰ

ইয়াৰ লগতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷ উত্তৰ-পূৱৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঠিয় দিয়াৰ সময়তে সৰ্বানন্দ সোণোৱালে এই আইনৰ সমৰ্থন কৰাতো পৰিতাপৰ কথা বুলি উদ্বেগ প্ৰকাশ কৰে মহন্তই ৷ ইয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যি সকল অগপ নেতাই নাগৰিকত্ব আইনৰ সমৰ্থন জনাইছে, এসময়ত সেইসকলেই ইয়াৰ বিৰুদ্ধে অনশন কৰিছিল ৷

বাতিল কৰিব লাগে নাগৰিকত্ব সংশোধনী আইন : মহন্ত

অসম গণ পৰিষদৰ শাসনকালতে কেন্দ্ৰ চৰকাৰে বিদেশী বিতাড়ণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই অসমৰ পৰা বিদেশী বিতাৰণ সম্ভৱ নহ'ল ৷ এই অভিযোগ তুলিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

লগতে পঢ়ক : সমুজ্জল ভট্টাচাৰ্যসহ হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীক মুক্তি দিলে আৰক্ষীয়ে

Intro:প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই অগপৰ শাসনকালত অসমৰ পৰা অধিক বিদেশী বিতাড়ণ কৰিব নোৱাৰটোত কেন্দ্ৰ চৰকাৰৰ পৰ্যাপ্ত সহযোগিতাৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰি কয় অগপৰ দিনতে অসমত ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষাৰ কাম আৰম্ভ হৈছিল।

Body:অসম গণ পৰিষদৰ শাসনকালত কেন্দ্ৰ চৰকাৰে বিদেশী বিতাড়ণৰ ক্ষেত্ৰত পৰ্যাপ্ত গুৰুত্ব প্ৰদান নকৰাৰ ফলতে অসমৰ পৰা অধিক বিদেশী বিতাড়ণ কৰা সম্ভৱ নহ'ল। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে অসমৰ ৰাইজে গ্ৰহণ নকৰে বুলি মন্তব্য কৰি কয় কেন্দ্ৰ চৰকাৰে এই বিতৰ্কিত আইনখন বাতিল কৰিব লাগিব। মহন্তই অগপৰ নেতা সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পক্ষে ভোটদান কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয় অগপৰ প্ৰতিগৰাকী নেতাই এই আইনখনৰ বিৰোধিতা কৰি যাবলৈ আহ্বান জনায়। মহন্তই লগতে অগপৰ নেতা সকলে অসম চুক্তিক ব্যঘট কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত দল-সংগঠন সমূহে প্ৰতিবাদ অব্যহত ৰাখিছে গতিকে কেন্দ্ৰ চৰকাৰে এই আইনখন কাৰ্যকৰী কৰাৰ পৰা বিৰত থকা উচিত বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:মহন্তই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে উত্তৰ পূৱৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলে এই আইনৰ বিৰোধিতা কৰিছে যদিও অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাটো পৰিতাপৰ বিষয়। আজি নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা অগপৰা নেতা সকলে এটা সময়ত এই বিধেয়কখনৰ বিৰোধিতা কৰি অনশন কৰিছিল বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰফুল্ল
কুমাৰ মহন্তই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.