গুৱাহাটী , 14 ফেব্ৰুৱাৰীঃ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰীয়াৰ সংবাদমেল । সংবাদমেল সম্বোধন কৰি আহোম সকল খিলঞ্জীয়া নহয় বুলি আমিনুল ইছলাম কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে টোগাৰীয়াই ৷ আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায় নেতা গৰাকীয়ে ৷
সংবাদমেলত নেতা গৰাকীৰ মন্তব্য , NRC ৰ জৰিয়তে 80 লাখ বিদেশীক স্বদেশী বনালে চৰকাৰে ৷ অসমত প্ৰায় সম্পূৰ্ণ হোৱা NRC খন বাতিল কৰাৰ দাবী উত্থাপন কৰাৰ লগতে 6 মাহৰ ভিতৰত বাংলাদেশী সকলক চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিবলৈ আহ্বান প্ৰবীণ ভাই টোগাৰীয়াৰ । নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি নেতা গৰাকীয়ে কয় যে , বাংলাদেশ, পাকিস্তান, আফগানিস্তানত হিন্দু সকল নিৰ্যাতনৰ বলি হৈ থকাৰ বাবেই এইখন আইন কাৰ্যকৰী কৰা হৈছে ৷ গতিকে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা হিন্দু সকলক সংস্থাপন দিয়াৰ লগতে প্ৰত্যেক খন দেশৰ শৰণাৰ্থী সকলক 10 কোটিকৈ টকা দিবলৈ আহ্বান জনালে টোগাৰীয়াই ৷ গুৰুত্বপূৰ্ণ যে , কেৱল অসমত নহয় , শৰণাৰ্থী সকলক গুজৰাট , মহাৰাষ্ট্ৰ , ৰাজস্থান তথা সকলো ৰাজ্যত সংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰে নেতা গৰাকীয়ে ৷
দিল্লীৰ নিৰ্বাচন প্ৰসংগত টোগাৰিয়াই কয় যে, দিল্লীৰ শাহীন বাগ বিজেপিৰ বাবে মাৰ্কেটিংৰ স্থান আছিল , কিন্তু বিজেপিৰ মাৰ্কেটিং কৌশল বিফল হ’ল ,যাৰ বাবে দিল্লীত শোচনীয় পৰাজয় হ’ল বিজেপিৰ ৷ উল্লেখযোগ্য যে, মোডী চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি সমূহ পূৰণ নকৰাৰ বাবেই এনেকৈ নিৰ্বাচনত মুখ ঠেকেছা খাব লগা হৈছে বুলিও মন্তব্য কৰিলে নেতা গৰাকীয়ে ৷ আনহাতে অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আৰবী শিকিবৰ বাবে চৰকাৰে কোটি কোটি টকা খৰছ কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰে টোগাৰীয়াই ৷ সংস্কৃত ভাষাৰ শিক্ষাৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা টোগাৰিয়াই ৷
লগতে পঢ়কঃ আমি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিমঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা