নিউজ ডেস্ক,2 মাৰ্চঃ বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা প্ৰভাত শৰ্মা আৰু নাই ৷ অন্ত পৰিল এটা প্ৰভাতী সুৰৰ যুগৰ ৷ মঙলবাৰে পুৱা প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীৰ সুৰেৰে ঝংকাৰ তোলা শিল্পী গৰাকীয়ে ৷ বয়সৰ দোহাই দি শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকী মঙলবাৰে পুৱা মহানগৰীস্থিত অম্বিকাগিৰি নগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ 85 বছৰ বয়সত দেহাৱসান ঘটে শিল্পী গৰাকীৰ ৷ প্ৰয়াত শৰ্মা গায়িকা তৰালি শৰ্মাৰ পিতৃ ৷
১৯৩৫ চনৰ ৭ জুলাইত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত জন্ম গ্ৰহণ কৰিছিল প্ৰভাত শৰ্মাই ৷ বৰপেটা চহৰৰ বিদ্যাপীঠত দশম শ্ৰেণীলৈ শিক্ষাগ্ৰহণ কৰে শিল্পী গৰাকীয়ে ৷ শিক্ষাগ্ৰহণ কৰি থকা সময়চোৱাতে সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱ মিশ্ৰ আৰু সত্যকৃষ্ণ দেৱ মিশ্ৰৰ পৰা সত্ৰীয়া সংগীতৰ উপৰিও বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিল প্ৰভাত শৰ্মাই ৷ সৰুৰে পৰা সংগীতৰ প্ৰতি টান থকা প্ৰভাত শৰ্মাই শাস্ত্ৰীয় সংগীত আৰু অসমৰ লোক সংগীতৰ প্ৰাথমিক জ্ঞান আহৰণ কৰে বৰপেটাৰ জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰীশ চন্দ্ৰ দাসৰ পৰা ।
১৯৬০-১৯৯০ ৰ দশকৰ শেষলৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট হিচাপে কৰ্মৰত আছিল শিল্পীগৰাকী ৷ ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ ব্লেকমানী, সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, অনল, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শঙ্কৰদেৱ ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালকৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক পথৰুঘাটে ৰিঙিয়ায় আৰু বৃকোদৰ বৰুৱাৰ বিয়াত সংগীত পৰিচালনা কৰিছিল ৷ অসমীয়া লোক সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত শৰ্মাই লাভ কৰে সংগীত নাটক একাডেমী বঁটা ৷ লণ্ডনত অসমীয়া গীতৰ বাঁহীৰ সুৰ পৰিৱেশন কৰাৰ বাৰে প্ৰভাত শৰ্মাক ২০০১ চনত প্ৰদান কৰা হয় শিল্পী দিৱস বঁটা ।
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাকে আদি কৰি বিভিন্ন শিল্পীৰ গীতত বাঁহীৰ সুৰ দিয়ে এইগৰাকী শিল্পীয়ে । থলুৱা বাদ্যযন্ত্ৰীক লৈ প্ৰভাত শৰ্মাই “পাঞ্চজন্য শংখ ধ্বনি” নামৰ এটি অৰ্কেষ্ট্ৰা দল গঠন কৰিছিল ৷ যিটো পৰৱৰ্তী সময়ত জনপ্ৰিয় হৈ পৰাৰ পাছতে ইয়াক দেৱ গান্ধাৰ নামেৰে নামকৰণ কৰা হয় ৷
বাঁহীৰ সুৰেৰে ঝংকাৰ তোলা শিল্পী প্ৰয়াত প্ৰভাত শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহলত ৷
লগতে পঢ়কঃ পুৱাৰ শীৰ্ষ খবৰ...