ETV Bharat / state

Power Crisis in Assam : সামান্য বিদ্যুৎ উৎপাদন অসমৰ, কিনিছে চৰা দামত বিদুৎ - electricity crisis in Assam

এফালে তীব্ৰ গ্ৰীষ্মৰ দহন আৰু বৃষ্টিহীনতা, আনফালে বিদ্যুতৰ লুকাভাকু । তাৰ মাজতে বিদ্যুতৰ বৰ্ধিত মূল্যই জনসাধাৰণক ৰাজ্যজুৰি জলা-কলা খুৱাইছে ৷ দুখলগাকৈ কমিছে অসমৰ নিজা বিদ্যুৎ উৎপাদন ৷ বিদ্যুতৰ চাহিদাৰ পূৰণত ব্যৰ্থ অসম চৰকাৰ ৷ 'পিক আৱাৰ'ত ২১০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ বাহিৰৰপৰা চৰা দামত কিনিবলগীয়া হৈছে ৰাজ্য চৰকাৰে (power crisis in Assam) ৷

Power Crisis in Assam
Power Crisis in Assam
author img

By

Published : Jun 7, 2023, 11:14 AM IST

গুৱাহাটী, ৭ জুন : ৰাজ্যবাসীয়ে অভাৱনীয়ভাৱে গৰমত হাহাকাৰ (Severe heat wave in Assam) কৰাৰ সমান্তৰালভাৱে বিদ্যুতৰ অভাৱনীয় নাটনি আৰু বিদ্যুতৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক (power price hike in Assam) ৷ অসমৰ নিজা উৎপাদন চাহিদা অনুসৰি তেনেই কম কাৰণেই শক্তি খণ্ডত আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে অসম ৷ আন ৰাজ্যৰ পৰা বৃহৎ পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে আমাৰ ৰাজ্যখনে ৷ ২১০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ বাহিৰৰপৰা কিনিবলগীয়া হৈছে ৷

এফালে প্ৰচণ্ড গৰমে দহিছে জনতাক ৷ আনফালে বিদ্যুতৰ চৰা দাম আৰু লুকাভাকুক লৈ জনপ্ৰতিনিধিৰ তুলুঙা মন্তব্যই অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক ৷ বিপৰীতে অসমত বিদ্যুৎ উৎপাদন সামান্য পৰিমাণৰ হোৱাৰ বাবেই চুবুৰীয়া ৰাজ্যৰপৰা দৈনিক গড়ে ২০০০-২১০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ কিনিবলগীয়া হৈছে অসমে (electricity crisis in Assam) ৷ শেহতীয়াভাৱে গৰমৰ মাত্ৰা অধিক হোৱাৰ বাবেই চুবুৰীয়া ৰাজ্যৰপৰা দৈনিক শক্তি বিভাগে অতিৰিক্ত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে ৷ 'পিক আৱাৰ'ত অৰ্থাৎ সন্ধিয়াৰ বেলিকা আটাইতকৈ বেছি চাহিদা থকাৰ সময়ত সম্প্ৰতি অসমত বিদ্যুৎ লাগে প্ৰায় ২১০০-ৰ পৰা ২২০০ মেগাৱাট ৷

এইবাৰ গৰমৰ বাবে এই চাহিদা অতিৰিক্ত ৪০০-ৰ পৰা ৫০০ মেগাৱাট পৰ্যন্ত বৃদ্ধি পাইছে ৷ এনেয়ে স্বাভাৱিক অৱস্থাত অসমে দৈনিক ১৪০০-১৫০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ চুবুৰীয়া ৰাজ্যৰপৰা কিনিবলগীয়া হয় ৷ কিন্তু প্ৰচণ্ড গৰমৰ প্ৰকোপৰ বাবেই অসম চৰকাৰে এতিয়া দৈনিক ১৪০০-১৫০০ মেগাৱাটৰ সলনি ২০০০-২১০০ মেগাৱাট পৰ্যন্ত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে ৷

এয়া শক্তি বিভাগৰ ভিতৰুৱা তথ্য । চৰকাৰে পিক আৱাৰত পূৰ্বৰ চুক্তিতকৈ হঠাৎ অতিৰিক্ত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হ’লে অতি উচ্চ দৰত বিদ্যুৎ ক্ৰয় কৰিবলগা হয় ৷ তাৰবাবে চৰকাৰৰ হাতত নাই মূলধন ৷ সেয়ে উচ্ছ দৰত অধিক বিদ্যুৎ ক্ৰয় কৰিব নোৱাৰা অৱস্থা হৈছে ৷ সেয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যুৎ কৰ্তন কৰিবলৈ বাধ্য হৈছে বিদ্যুৎ বিভাগ ৷

সম্প্ৰতি অসমৰ নিজা বিদ্যুৎ উৎপাদন কিমান ? ক্ৰয় কৰিবলৈ বাধ্য কিয় ?

অসমৰ চাহিদা অনুযায়ী নিজা উৎপাদন নথকা বাবে উচ্চ মূল্যত বিদ্যুৎ কিনিবলগা হোৱা বাবেই মাজে মাজে বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ বাদে আন উপায় নাথাকে শক্তি বিভাগৰ হাতত ৷ স্বাভাৱিক অৱস্থাত ৰাজ্যৰ চাহিদা থকা বিদ্যুতৰ মাত্ৰ প্ৰায় ২০ শতাংশ বিদ্যুতহে অসমে নিজে উৎপাদন কৰিবলৈ সক্ষম ৷ অসমৰ নামৰূপ থাৰ্মেল প্ৰকল্পৰপৰা ১১৯ মেগাৱাট, লাকুৱা প্ৰকল্পৰপৰা ১৫৭ মেগাৱাটকে ধৰি আন সৰু সৰু কেইটামান প্ৰকল্প মিলি প্ৰায় ৩৮৫ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতাহে আছে অসমৰ ৷

কিন্তু যোৱা কিছুদিনৰপৰা ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে ৷ কেৱল বৰষুণৰ পৰিমাণেই নহয়, বিভিন্ন কাৰিকৰী বিসংগতি তথা অসুবিধাৰ বাবে ৩৮৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, কাৰ্যত অক্ষম হৈ থকা প্ৰকল্পৰ তৎকালীন মেৰামতিৰ ব্যৱস্থা কৰিবৰ বাবেও হাতত প্ৰয়োজনীয় ধনৰ অভাৱ অসম চৰকাৰৰ ৷ শক্তি বিভাগৰ সূত্ৰ অনুসৰি, অসমত এতিয়া দৈনিক গড়ে ২৫০ মেগাৱাটহে বিদ্যুৎ উৎপাদন হৈ আছে ৷ সমগ্ৰ অসমৰ গাঁও আৰু সকলো চহৰত আজিৰ দিনটোত দৈনিক ২৩০০-২৫০০ মেগাৱাট বিদ্যুৎ প্ৰয়োজন হয় ৷ গৰমৰ বাবে বিদ্যুতৰ চাহিদা দৈনিক বাঢ়ি গৈ আছে ৷

শক্তি বিভাগৰ শীৰ্ষ সূত্ৰ অনুসৰি, যোৱা দেওবাৰৰ দিনা ২,৩৫০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হৈছিল ৷ বৰ্তমান অসমৰ নিজা বিদ্যুৎ উৎপাদন ক্ষমতা ২৫০ মেগাৱাটহে ৷ স্বাভাৱিকতে সেইদিনা প্ৰায় ২১০০ মেগাৱাট বিদ্যুত শক্তি কিনিবলগা হৈছিল ৷ গতিকে ৰাজ্যৰ বাহিৰৰ উৎসৰ পৰা দৈনিক ১৪০০-১৫০০ মেগাৱাট কিনিলে প্ৰায় ১৭০০-১৭৫০ মেগাৱাটৰ চাহিদা পূৰ্ণ হয় ৷

২০১৩-১৪ চনত পিক আৱাৰত অসমত বিদ্যুতৰ চাহিদা আছিল ১২৫০-ৰ পৰা ১৩৫০ মেগাৱাট ৷ জনসংখ্যা বৃদ্ধি আৰু নগৰাঞ্চলৰ প্ৰসাৰৰ লগে লগে যোৱা এটা দশকত অসমত প্ৰায় ১০০০ মেগাৱাটৰো অধিক বিদ্যুৎ চাহিদা বৃদ্ধি পালে ৷ তেতিয়া অসমৰ নিজা বিদ্যুৎ উৎপাদন আছিল প্ৰায় ৪২৫-ৰ পৰা ৪৫০ মেগাৱাট ৷ সেই অনুসাৰে কিন্তু বিগত সময়ছোৱাত অসম চৰকাৰে বিদ্যুৎ শক্তি উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা নগ’ল ৷ ৰাজ্যত বিদ্যুতৰ চাহিদা বৃদ্ধি পালে, কিন্তু ১ মেগাৱাটো বিদ্যুৎ উৎপাদন বৃদ্ধি নাপালে ৷

এতিয়া এই তীব্ৰ গ্ৰীষ্মপ্ৰৱাহৰ সময়ত ৰাজ্যত ২৩০০-২৫০০ মেগাৱাট পৰ্যন্ত চাহিদাই স্পৰ্শ কৰিছে ৷ বিভাগীয় তথ্য অনুসৰি, মণিপুৰৰ লকটক, ত্ৰিপুৰাৰ পালাটনা, নিপকোৰ ফাৰাক্কা, তালাচিৰা, ৰঙানদী, এন এইচ পি চি আদিৰপৰা উচ্চ হাৰত বিদ্যুৎ দৈনিক ক্ৰয় কৰি আহিছে অসমে ৷ প্ৰতিদিনে বিদ্যুত বিভাগে পৰ্যালোচনা কৰি বিদ্যুৎ ক্ৰয়ৰ ‘অৰ্ডাৰ’ দিয়ে ৷ কিন্তু বাহিৰৰপৰা বিদ্যুৎ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰত্যেক ৰাজ্যৰে এক সীমা বান্ধি থোৱা থাকে ৷ সেয়ে অসমে ইচ্ছা কৰিলেই বেছি বিদ্যুৎ বেলেগ ৰাজ্যৰ পৰা যিকোনো সময়তে কিনিব নোৱাৰে ৷ ৰাজ্যৰ বাহিৰৰ পৰা পেনাল্টী আদায় দি এতিয়া অধিক বিদ্যুৎ কিনিলে প্ৰতি ইউনিটত ৮-৯ টকাৰ অধিক দাম ভৰিবলগা হয় ৷

যাৰ বাবে গ্ৰাহকেও ভৰিবলগা হৈছে উচ্চ নিৰিখত বিদ্যুৎ মাচুল ৷ কিন্তু প্ৰশ্ন হয়, কিমান দিনলৈ এইদৰে জোৰা-টাপলি মাৰি চলিব শক্তি বিভাগ ৷ নিজাকৈ বিদ্যুৎ শক্তি উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা ৰাজ্য চৰকাৰে হাতত নোলোৱালৈকে এই জোৰা-টাপলি যে চলি থাকিব সেয়া নিশ্চিত ৷ অসম চৰকাৰে কেৱল বাহিৰৰপৰা বিদ্যুৎ ক্ৰয়তহে গুৰুত্ব দি থাকিব নে নিজাববীয়াকৈ বিদ্যুৎ শক্তি উৎপাদনতো গুৰুত্ব দিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসমৰ অনাগত দিনৰ শক্তি খণ্ডৰ ভৱিষ্যৎ ।

লগতে পঢ়ক :Gauhati High court Issue: গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.