ETV Bharat / state

দুৰ্গোৎসৱক লৈ পূৰ্বৰ দৰে ব্যস্ততা নাই মৃন্ময় শিল্পীৰ

author img

By

Published : Oct 18, 2020, 9:58 PM IST

কৰ’নাৰ বাবেই ম্লান পৰিছে দুৰ্গোৎসৱৰ উচাহ, উদ্দীপনা ৷ বিশেষকৈ মৃন্ময় শিল্পী সকলৰ এইবাৰ নাই কোনো ব্যস্ততা ৷ কিয়নো দুৰ্গাপূজা সমিতি সমূহে অনুষ্টুপীয়াকৈ পালন কৰিব দুৰ্গা পূজা ৷

durga pooja
durga pooja

গুৱাহাটী, 18 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শৰতৰ আঁচলত ধৰি ধৰালৈ আহিছে দুৰ্গা পূজা ৷ কিন্তু পূৰ্বৰ দৰে এইবাৰ পৰিৱেশ যেন সুকীয়া ৷ চৌদিশে মহামাৰীৰ আতংক ৷ কৰ’নাৰ বাবেই ম্লান পৰিছে দুৰ্গোৎসৱৰ উচাহ, উদ্দীপনা ৷ বিশেষকৈ মৃন্ময় শিল্পী সকলৰ এইবাৰ নাই কোনো ব্যস্ততা ৷ কিয়নো দুৰ্গাপূজা সমিতি সমূহে অনুষ্টুপীয়াকৈ পালন কৰিব দুৰ্গা পূজা ৷ সেয়ে এইবাৰ মাত্ৰ ১৫ খন প্ৰতিমাহে প্ৰস্তুত কৰিছে মহানগৰীৰ এইসকল মৃন্ময় শিল্পীয়ে ৷ যি সমূহ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে তাৰো আকাৰ তেনেই সীমিত কৰিছে ৷ সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও জুৰুলা কৰিছে এই সকল শিল্পীক ৷

durga pooja
দুৰ্গোৎসৱক লৈ পূৰ্বৰ দৰে ব্যস্ততা নাই মৃন্ময় শিল্পীৰ
এনেদৰেই ব্যাপক সমস্যাত পৰিছে মহানগৰীৰ এইসকল শিল্পী ৷ চৰকাৰলৈ বহু সময়ত তেওঁলোকে সমস্যা সন্দৰ্ভত আবেদন জনাইছে যদিও কোনো সুফল পোৱা নাই ৷ এনে পৰিস্থিতিৰ মাজতে দূৰ্গা প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈছে শিল্পী সকল ৷ আশা কৰিছে নিৰ্মাণ সম্পূৰ্ণ হোৱা দেৱী প্ৰতিমা সমূহ ক্ৰয় কৰিব সমিটি সমূহে ৷

লগতে পঢ়ক : আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.