ETV Bharat / state

Separate State of Kamtapur : ২৬ জানুৱাৰীৰ পূৰ্বেই অস্ত্ৰসম্বৰণ কে এল অ’ৰ; ঘোষিত হ’বনে পৃথক কামতাপুৰ ৰাজ্য ? - কামতাপুৰ ৰাজ্যৰ দাবী

পৃথক কামতাপুৰ ৰাজ্যত অন্তৰ্ভূক্ত কৰা হ’ল অসম, পশ্চিমবংগ আৰু বিহাৰৰ বহু কেইখন জিলা ৷ বিষয়টোৱে ইতিমধ্যে অসমৰ লগতে পশ্চিমবংগতো তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷ কেএল অ’ৰ (Kamatapur Libaration Organization) উপ-মুখ্য সেনাধ্যক্ষৰ এক মন্তব্যই প্ৰকট কৰিছে পৃথক কামতাপুৰ ৰাজ্য ঘোষণাৰ সম্ভাৱনা ৷

Surya Koch KLO
কামতাপুৰ ৰাজ্য ঘোষণাৰ সম্ভাৱনা
author img

By

Published : Jan 4, 2023, 6:19 PM IST

Updated : Jan 4, 2023, 6:47 PM IST

২৬ জানুৱাৰীৰ পূৰ্বেই অস্ত্ৰসম্বৰণ কে এল অ’ৰ; ঘোষিত হ’বনে পৃথক কামতাপুৰ ৰাজ্য ?

গুৱাহাটী, ৪ জানুৱাৰী: অসম আৰু পশ্চিমবংগক জোকাৰি থকা দীৰ্ঘদিনীয়া এটা বিষয় হ’ল পৃথক কোঁচ-ৰাজবংশীসকলৰ বাবে কামতাপুৰ ৰাজ্যৰ দাবী ৷ মঙলবাৰৰ পৰা জোকাৰণি তুলিছে এটা বাতৰিয়ে- প্ৰস্তাৱিত কামতাপুৰৰ দাবী মানি শীঘ্ৰেই ঘোষিত হ’ব পৃথক কামতাপুৰ ৰাজ্য (Separate State of Kamtapur)৷ এই প্ৰস্তাৱিত কামতাপুৰ ৰাজ্যত অসম, পশ্চিমবংগ আৰু বিহাৰৰ বহু কেইখন জিলা অন্তৰ্ভুক্ত কৰা হ’ব ৷

এই বিষয়টোৱে এতিয়া নামনি অসমৰ লগতে পশ্চিমবংগতো জোকাৰণি তুলিছে ৷ শেহতীয়াকৈ নতুন বছৰ উপলক্ষে উগ্ৰবাদী সংগঠন কে এল অ’ৰ (Kamtapur Liberation Organisation) উপ-মুখ্য সেনাধ্যক্ষ সূৰ্য কোচে এক বিবৃতি আগবঢ়াইছিল ৷ "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰত চৰকাৰৰ সৈতে কে এল অ’ৰ শান্তিচুক্তি(Peace talk with KLO) আলোচনা প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে সকলো সঠিকভাৱে থাকিলে খুব সোনকালে নতুন বছৰৰ আৰম্ভণিতে কামতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হোৱা দেখিবলৈ পাব" বুলি কে এল অ’ৰ সূৰ্য কোচে(Surya Koch KLO) মন্তব্য আগবঢ়ায় ৷ তাৰ পিছতে ৰাজ্যজুৰি বিষয়টো লৈ জোকাৰণিৰ আৰম্ভ হয় ৷

Separate State of Kamtapur
কে এ অ’ৰ শুভেচ্ছাবাণী

অহা ২৬ জানুৱাৰীত সঁচাকৈয়ে পৃথক কামতাপুৰ ৰাজ্য ঘোষিত হ’ব নেকি ? কেন্দ্ৰীয় চৰকাৰে অতি সন্তৰ্পণে বিষয়টো আগবঢ়াই নিয়াটো সঁচা কথা ৷ শেহতীয়াভাৱে পৃথক কামতাপুৰ প্ৰসংগত কে এল অ’ৰে শান্তিচুক্তিৰ আলোচনাৰ মধ্যস্থতাকাৰী ভি কে ডুগ্গলে(Vinod Kumar Duggal) শেহতীয়াভাৱে গোপনে নামনি অসম ভ্ৰমণ কৰি যায় ৷

এতিয়া মূল কথা হ’ল সঁচাকৈয়ে কে এল অ’ই দাবী কৰাৰ দৰেই কামতাপুৰ ৰাজ্য কেন্দ্ৰই ঘোষণা কৰিবনে ? যদি কৰে কি পৰিসীমা হ’ব কামতাপুৰৰ ? ই টিভি ভাৰত অসমৰ(ETV Bharat Assam) হাতত পৰা তথ্য অনুসৰি- পৃথক কামতাপুৰ প্ৰসংগত কে এল অ’ৰে শান্তিচুক্তি প্ৰসংগ পূৰ্ণ পৰ্যায়ত আগবাঢ়িছে ৷ অহা ২৬ জানুৱাৰীত অথবা তাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে কামতাপুৰ প্ৰসংগত কেএলঅ’ৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

শান্তি প্ৰক্ৰিয়াটোত জড়িত ব্যক্তিয়েও এই কথা স্বীকাৰ কৰিছে ৷ যিটো কথা সূৰ্য কোঁচে নিজৰ প্ৰেছ বিবৃতিটোত প্ৰকাশ কৰিছিল ৷ পূৰ্ণাংগ কামতাপুৰ ৰাজ্যৰ পৰিৱৰ্তে কেন্দ্ৰই কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপেহে ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে ৷ এই প্ৰস্তাৱো আগবঢ়াইছে কে এল অ’লৈ ৷ বৰ্তমানলৈ এই প্ৰস্তাৱ কে এল অ’ই মানি লোৱা নাই যদিও হয়তো শেষত এই প্ৰস্তাৱত সংগঠনটোৱে এৰা-ধৰা কৰি সৈমান হোৱাৰ সম্ভাৱনা আছে ৷

অহা ৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী পৰ্যায়ত সংগঠনটোৰ নেতৃত্বৰে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা ৷ ইয়াতেই চূড়ান্ত হ’ব শান্তিচুক্তিৰ সকলো ৰূপ-ৰেখা ৷ এক কথাত কামতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন হোৱাৰ সম্ভাৱনাই আটাইতকৈ বেছি ৷

কি সীমা হ’ব কামতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ? ঘোষিত হ’বলগীয়া কামতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কোন ৰাজ্যৰ কি কি জিলা অন্তৰ্ভুক্ত কৰিব কেন্দ্ৰই ? দুই-এটা জটিলতা থাকিলেও কে এল অ’ই দাবী কৰাৰ দৰেই এক বৃহৎ অঞ্চল কেন্দ্ৰই কামতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত কৰিবলৈ প্ৰস্তুত হৈছে ৷

সম্পূৰ্ণ উত্তৰ বংগ কামতাপুৰত সংলগ্ন কৰিবলৈ সন্মত হৈছে কেন্দ্ৰ ৷ উত্তৰ বংগৰ ৮ খন জিলা কামতাপুৰত অন্তৰ্ভুক্ত কৰিব ৷ কোঁচবিহাৰ, জলপাইগুৰি, দাৰ্জিলিং, আলিপুৰ দুৱাৰ, কলিংপং, উত্তৰ দিনহাজপুৰ, পশ্চিম দিনহাজপুৰ আৰু মালদাহ- এই ৮ খন জিলা কৰ্তন হ’ব পশ্চিমবংগৰ পৰা (West Bengal districts in Kamtapur State)৷

আনহাতে বিহাৰৰ পুনীয়া আৰু কিষাণগঞ্জ জিলা কামতাপুৰত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ কে এল অ’ৰ দাবীত আছে বিহাৰৰ কাটিহাৰ আৰু আৰাৰিয়া জিলাও (Bihar districts in Kamtapur State)৷ বিহাৰৰ এই জিলাসমূহ দাবী জনালেও বৰ বেছি জোৰ নাছিল কে এল অ’ৰ ৷ কামতাপুৰৰ এই সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত আটাইতকৈ জটিলতাৰ সন্মুখীন হৈছে অসমৰ ক্ষেত্ৰত ৷

বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, চিৰাং আৰু কোকৰাঝাৰ- এই ৬ খন জিলা প্ৰস্তাৱিত কামতাপুৰৰ অন্তৰ্গত কৰাৰ দাবী জনাই আহিছিল কোঁচ-ৰাজবংশী দল-সংগঠন আৰু কে এল অ’ই (Assam Districts in Kamtapur state) ৷ কিন্তু অসমৰ এই জিলা কেইখনৰ ক্ষেত্ৰত কে এল অ’ৰ দাবী পূৰণত জটিলতাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰে ৷ এই দাবী পূৰণ কৰিলে বিটিআৰ আৰু ৰাভা হাচঙৰে সংঘাতৰ সন্মুখীন হ’বলগীয়া হ’ব ৷

চিৰাং, কোকৰাঝাৰত বিটিআৰ আৰু গোৱালপাৰা জিলাত ৰাভা হাচঙৰে সংঘাত কোনো কাৰণতে বিচৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ ৰাভা আৰু বড়োসকলক কোনো কাৰণতে অসন্তুষ্ট কৰিব খোজা নাই কেন্দ্ৰই ৷ বৃহৎ কামতাপুৰৰ এই দাবী মানি ল’ব খোজা নাই কেন্দ্ৰই ৷ কে এল অ’য়ো এই ক্ষেত্ৰত এৰাধৰা নীতি কৰিবলৈ সাজু হৈছে ৷

কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্ভূক্ত নোহোৱা অসমৰ অঞ্চলসমূহক লৈ বিটিচিৰ দৰে ষষ্ঠ অনুসূচীৰ আধাৰত এক পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ দাবী কৰিছে কেন্দ্ৰক ৷ এই সকলো বিষয় স্পষ্ট হ’ব অহা ৮ জানুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী পৰ্যায়ত হ’বলগীয়া দিপাক্ষিক বৈঠকৰ পিছতেই ৷ ২৬ জানুৱাৰীত পৃথক কামতাপুৰ প্ৰসংগ ঘোষণা প্ৰসংগত বিভিন্ন কোঁচ-ৰাজবংশী দল-সংগঠনৰ লগতে আন আন দল-সংগঠনৰ মাজতো মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে, কেন্দ্ৰৰ এই পদক্ষেপৰ আঁৰত কেৱল কোঁচ-ৰাজবংশী সকলৰ প্ৰতি স্বীকৃতি নে আন উদ্দেশ্য আছে সেই লৈ প্ৰশ্ন উদ্বেগ ঘটিছে ৷ দেশৰ নিৰাপত্তাৰ স্বাৰ্থতে চিকেল নেক নিজৰ হাতত ৰখাৰ উদ্দেশ্যৰেই কেন্দ্ৰই এই বিশেষ পদক্ষেপ লোৱাৰ দিশে আগবাঢ়িছে বউলি প্ৰচাৰ চলিছে ৷ কিন্তু মূলতঃ পশ্চিমবংগত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ শক্তি নাশ কৰাৰ উদ্দেশ্যেৰেহে উত্তৰ বংগৰ বৃহৎ অংশ কামতাপুৰত চামিল কৰাৰ পদক্ষেপ লৈছে বুলি ব্যাপক চৰ্চা চলিছে ৷

আনহাতে বিহাৰৰ নীতিশ কুমাৰৰ ওপৰত চাপ সৃষ্টিৰ বাবে বিহাৰৰ ৪ খন জিলা কামতাপুৰত চামিলৰ প্ৰসংগ উত্থাপন হোৱা বুলি চৰ্চিত হৈছে৷ মনকৰিবলগীয়া যে, পৃথক কামতাপুৰৰ প্ৰসংগত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ অসমৰ অংশক লৈয়ো পৃথক কামতাপুৰ প্ৰসংগ উত্থাপন হৈছে ৷ তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে এটা স্পৰ্শপাতৰ বিষয়ত অজ্ঞতা প্ৰকাশ কৰা ঘটনাইয়ো কিছু ৰহস্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: UNSC welcomes new members : UNSCৰ নতুন সদস্য হিচাপে দায়িত্ব ল'লে ৫ খন দেশে

Last Updated : Jan 4, 2023, 6:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.