ETV Bharat / state

চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি

author img

By

Published : Jun 18, 2021, 11:00 PM IST

চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত এতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতি। শুকুৰবাৰে এক সংবাদ মেল যোগে এই কথা সঁদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Population policy to be implemented in Assam soon
চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি

গুৱাহাটী,১৮জুন: এতিয়াৰে পৰা চৰকাৰী উন্নয়ন মুলক আচঁনিৰ দ্বাৰা লাভান্বিত হ'বলৈ হ'লে হিতাধিকাৰীয়ে মানিব লাগিব জনসংখ্যা কেন্দ্ৰীক কেতবোৰ চৰ্ত। শুকুৰবাৰে স্থানীয় অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে, ৰাজ্যত যিহেতু ইতিমধ্যে ই জনসংখ্যা কেন্দ্ৰীক আইন বলবৎ হৈছে সেয়ে এতিয়াৰে পৰা চৰকাৰে আচঁনিৰ বিপৰীতে হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত সন্তানৰ সংখ্যা নিৰ্দিষ্ট কৰি দিব।

এই ক্ষেত্ৰত কেতিয়াও প্ৰথম পৰ্যায়ত দুটা সন্তানৰ কথা কোৱা হোৱা নাই যদিও সন্তানৰ সংখ্যা আৰম্ভ কৰা হ'ব ছয় বা পাঁচ জনৰ পৰা। পিছত লাহে লাহে দুই সন্তানৰ কথা উল্লেখ কৰা হ'ব। অৰ্থাৎ পৰৱৰ্তী সময়ত দুটা সন্তানৰ পিতৃ-মাতৃয়েহে চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব।‌‌ উল্লেখযোগ্য যে, ৰাজ্যত চলি থকা‌ মাইক্ৰ'ফাইনেন্সৰ ঋন ৰেহাই দিয়াক লৈ মন্তব্য কৰাৰ সময়তেই প্ৰসংগ ক্ৰমে মুখ্যমন্ত্ৰী গৰাকীয়ে জনসংখ্যা নীতিৰ কথা কয় যদিও ঋন ৰেহাইৰ ক্ষেত্ৰত এই নীতি বলবৎ নহ'ব বুলিও স্পষ্ট কৰি‌ দিয়ে।‌

লগতে পঢ়ক: ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি: ভৰত নৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.