ETV Bharat / state

চৰকাৰী চাকৰিত জনসংখ্যা নীতি : অৱশেষত জাৰি হ'ল জাননী - নিয়োগৰ ক্ষেত্ৰত জনসংখ্যা নীতি প্ৰয়োগ

এতিয়াৰে পৰা চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিবলৈ হ’লে আপোনাৰ থাকিব দুটি বা তাতকৈ কম সন্তান ৷

population-policy-in-government-jobs
চৰকাৰী চাকৰিত জনসংখ্যা নীতিঃ
author img

By

Published : Aug 22, 2021, 5:22 PM IST

গুৱাহাটী, 22 আগষ্ট : এতিয়াৰে পৰা কোনো চৰকাৰী চাকৰিয়ালৰে দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব ৷ ৰাজ্য চৰকাৰে নিয়োগৰ ক্ষেত্ৰত জনসংখ্যা নীতি প্ৰয়োগ কৰাৰ কথা ঘোষণা কৰিছিল যদিও এই সম্পৰ্কীয় জাননী জাৰি কৰা হোৱা নাছিল ৷ কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এই জাননী জাৰি কৰাত এতিয়াৰে পৰা কাৰ্যতঃ নিয়োগৰ ক্ষেত্ৰত জনসংখ্যা নীতি বলবৎ হ'ল ৷ সেই অনুসৰি চলিত বৰ্ষৰ 1 জানুৱাৰী বা তাৰ পিছত দুটা সন্তানৰ গৰাকী হোৱা কোনো লোকেই চৰকাৰী চাকৰিৰ বাবে যোগ্য বিবেচিত নহ’ব ৷

Population Policy in Government Jobs
চৰকাৰী চাকৰিত জনসংখ্যা নীতিঃ অৱশেষত জাৰি হ'ল জাননী

চৰকাৰী নিৰ্দেশনা মতে, চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পূৰ্বেই দুটাতকৈ অধিক সন্তান থকাসকলে সেই তাৰিখৰ পিছত যদি আৰু সন্তানৰ জন্ম দিয়ে তেন্তে তেওঁলোককো চৰকাৰী চাকৰিৰ বাবে যোগ্য বিবেচিত কৰা নহ’ব ৷ লগতে বৰ্তমান কৰ্মৰত কোনো চৰকাৰী চাকৰিয়ালে 1 জানুৱাৰীৰ পিছত যদি দুটাতকৈ অধিক সন্তান জন্ম দিছে তেন্তে তেওঁলোকো এই নীতিৰ সন্মুখীন হ'ব লাগিব ৷ প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে এতিয়াৰে পৰা সময়ে সময়ে চৰকাৰক‌ দাখিল কৰিব লাগিব পৰিয়ালৰ সম্পূৰ্ণ তথ্য ৷

উল্লেখযোগ্য যে, 2019 বৰ্ষতেই চৰকাৰে চাকৰিৰ ক্ষেত্ৰত জনসংখ্যা নীতিৰ বিধি ৰাজপত্ৰিত অধিসূচনা যোগে প্ৰকাশ কৰিছিল যদিও সেয়া‌ কাৰ্যকৰী কৰা হোৱা নাছিল ।

লগতে পঢ়কঃ শ্ৰীশ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিব বিশ্বমুখী বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.