ETV Bharat / state

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ

দেশত জনসংখ্যা বিস্ফোৰণ প্ৰতিহত কৰিবলৈ এখন কঠোৰ আইন প্ৰণয়নৰ দাবী জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংখ্যা সমাধান ফাউণ্ডেছনে ।

author img

By

Published : Oct 8, 2020, 6:21 PM IST

population control programme by rss guwahati assam etv bharat news
জনসংখ্যা নিয়ন্ত্ৰণ অভিযান

গুৱাহাটী,8 অক্টোবৰ : আমি শংকৰ-মাধৱৰ দেশৰ জনতা, নকৰিবি আমাক ভগনীয়া, কৰিব লাগিব বন্ধ জনসংখ্যা বিস্ফোৰণ, দেশত লাগে আইন জনসংখ্যা নিয়ন্ত্ৰণৰ-আদি শ্লোগানেৰে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান ৷ এই প্ৰসংগত জনসংখ্যা সমাধান ফাউণ্ডেছনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱপ্ৰসাদ শৰ্মাই, দেশৰ বাবে ভয়ংকৰ হৈ উঠা জনসংখ্যা বিস্ফোৰণৰ সমস্যা, বিকল্প মাথো এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন বুলি মন্তব্য প্ৰকাশ কৰে । ইয়াৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেছনৰ দ্বাৰা সমগ্ৰ দেশতে চলোৱা হৈছে সজাগতা অভিযান ।

জনসংখ্যা নিয়ন্ত্ৰণ অভিযান

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জিলাৰ কেন্দ্ৰসমূহৰ পৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে । দেশৰ জনসংখ্যা বিস্ফোৰণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় অধিকাৰী ইন্দ্ৰেশ কুমাৰে 11 অক্টোবৰৰ পুৱা 11.30 বজাত জনসংখ্যা সমাধান ফাউণ্ডেছনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ www.facebook.com/anilchaudhary.jsf পেজৰ পৰা লাইভত থাকি দেশবাসীক মাৰ্গ দৰ্শন কৰিব । অসমবাসীক 11 অক্টোবৰত এই লাইভ অনুষ্ঠানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অধ্যক্ষগৰাকীয়ে ।

লগতে চাওকঃ বিশ্বনাথত দলৱদ্ধ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.