ETV Bharat / state

যেন আৰক্ষীৰ বেৰেক নহয়, গৰু ছাগলীৰ গড়ালহে !

author img

By

Published : Aug 23, 2021, 4:37 PM IST

মহানগৰ আৰক্ষীৰ বিষয়া-জোৱানে জিৰণি লোৱা আৱাসগৃহৰ তথৈবচ অৱস্থা ৷ স্বাভাৱিকতে মহানগৰীৰ এখন অন্যতম গুৰুত্বপূৰ্ণ থানাৰ এনে পুতৌ লগা অৱস্থাই গৃহ বিভাগৰ চৰম ব্যৰ্থতাকে যেন পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে ।

poor-infrastructure-of-metro-smart-police-etv-bharat-assam-news
যেন আৰক্ষীৰ বেৰেক নহয়, গৰু ছাগলীৰ গড়ালহে !

গুৱাহাটী, 23 আগষ্ট : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আৰক্ষী আয়ুক্ত কৰণৰ পিছত মৈত্ৰী আঁচনিৰ অধীনত চৰকাৰে আন্তঃগাঁথনি উন্নীতকৰণ তথা আধুনিকীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই আঁচনিয়ে ঢুকি নোপোৱা বাবে আজিও মহানগৰীৰ কেইবাখনো থানাৰ জোৱানসকলে থকা বেৰেকৰ অৱস্থা তথৈবচ। মহানগৰীৰ পূব প্ৰান্তৰ তেনে এখন থানা হৈছে নুনমাটি আৰক্ষী থানা । মধ্য আৰক্ষী জিলাৰ অন্তৰ্গত নুনমাটি থানাৰ অধীনস্থ নাৰেংগী, নুনমাটি, পাথৰকোৱাৰী, বীৰকুচি, বোন্দা, ফৰেষ্টগেট, 2 নং মঠঘৰীয়া, পূব গীতানগৰ, বিজিয়াৰ্ড, নিউ গুৱাহাটী, শিৱনগৰ, পাণিপথ, চূণচালি, ভৱানীপুৰ, শ্বহীদ নগৰ আদি অঞ্চলৰ লক্ষধিক লোকে বাস কৰে।

গোহালীত পৰিণত আৰক্ষীৰ আৱাস গৃহ

কিন্তু পৰিতাপৰ কথা এইয়ে যে, নুনমাটি থানাৰ অন্তৰ্গত প্ৰতিটো অঞ্চল অহৰ্নিশে আৰক্ষীয়ে নজৰত ৰখাৰ বাবে জনসংখ্যা অনুপাতে থানাখনত নাই পৰ্যাপ্ত আৰক্ষী । ফলত অঞ্চলসমূহত সঘনাই সংঘটিত হৈ থকা চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ, লুণ্ঠন, প্ৰৱঞ্চনা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হব লগা হয় থানাখনৰ বিষয়া জোৱান সকল । ইয়াৰ সমান্তৰালভাৱে থানাখনৰ বেৰেকৰ অৱস্থাও অতি শোচনীয় । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত থানাখনৰ আওপুৰণি বেৰেকত দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে ইয়াৰ জোৱানসকলে ।

আৰক্ষী বিষয়া-কনিষ্টবলে জিৰণি লোৱা আৱাসগৃহৰ অৱস্থা ইমানেই বেয়া যে, কোন মুহূৰ্তত ঘৰৰ মুধচ ভাঙি মূৰৰ ওপৰত পৰে তাৰ কোনো নিশ্চয়তা নাই । তদুপৰি কোঠা সমূহৰ দুৱাৰ খিৰিকী সমূহ ভাঙি-ছিঙি যোৱাৰ লগতে চিলিং আৰু টিনপাট আদি মামৰে ধৰি ফুটি যোৱাৰ ফলত বাৰিষাৰ এজাক বৰষুণতে কোঠাৰ ভিতৰত পানী সোমাই এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

কেৱল এয়াই নহয়, জৰাজীৰ্ণ গৃহত সোমোৱা সাপ-ভেকুলীৰ সৈতে সহৱস্থান কৰিব লগা হয় থানাখনৰ জোৱান সকলে । মন কৰিবলগীয়া কথা এয়ে যে, সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা নুনমাটি থানাৰ কৰ্তব্যৰত বিষয়া কনিষ্টবলে উপযুক্ত আবাসগৃহৰ লগতে শৌচাগাৰ-প্ৰসাৱগাৰ, খোৱাপানী আদিকে ধৰি নানা সমস্যাৰ মাজত বছৰৰ পিছত বছৰ ধৰি দিন পাৰ কৰাৰ পিছতো নিৰ্বিকাৰ হৈ আছে মহানগৰ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষ কিম্বা ৰাজ্য চৰকাৰৰ গৃহ বিভাগ । স্বাভাৱিকতে মহানগৰীৰ এখন অন্যতম গুৰুত্বপূৰ্ণ থানাৰ এনে পুতৌ লগা অৱস্থাই গৃহ বিভাগৰ চৰম ব্যৰ্থতাকে যেন প্ৰতিপন্ন কৰিছে ।

আনহাতে থানাখনৰ বেৰেকৰ দুৰৱস্থাৰ লগতে উপ পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক, মুখ্য কনিষ্টবল, নায়ক, কনিষ্টবল আদিকে ধৰি কেইবাটাও পদ দীৰ্ঘদিন ধৰি খালি হৈ থকাৰ পিছতো বৰ্তমানলৈকে পূৰণ নকৰাত এতিয়া থানাত কৰ্তব্যৰত বিষয়া জোৱান সকলে অতিৰিক্ত বোজা ব’ব লগা হৈছে । সেয়ে ভুক্তভোগী আৰক্ষী-জোৱান সকলে জৰাজীৰ্ণ বেৰেক সমূহ অতি শীঘ্ৰে মেৰামতি কৰি উপযুক্ত পৰিবেশ গঢ়ি তোলাৰ বাবে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক:মৰাণত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.