গুৱাহাটী, ২৯ এপ্রিল : প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত অসম দেশৰ আন ৰাজ্যৰ তুলনাত বহু পিছ পৰি আছে । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে এডভাণ্টেজ অসম অনুষ্ঠিত কৰি কোটি কোটি টকা ব্যয় কৰিলে যদিও অসমত বিদেশী বিনিয়োগ কৰিবলৈ এতিয়াও উদ্যোগীসকল আগবাঢ়ি অহা নাই (Poor foreign investment in Assam) । ৰাজ্য চৰকাৰে অসমত বিনিয়োগ কৰাৰ বাবে উদ্যোগী সকলক বাৰে বাৰে আহ্বান জনাই আহিছে যদিও কোনো ফল ধৰা নাই ।
বিনিয়োগকাৰী সকলে অসমৰ পৰিৱৰ্তে কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আদি ৰাজ্যতেহে বিনিয়োগ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে । যাৰ ফলত বিগত বৰ্ষত অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) হৈছে মাত্র ৬.০২ নিযুত মার্কিন ডলাৰহে । অসমৰ এই পুতৌজনক ছবিখনৰ বিপৰীতে ২০২১ বৰ্ষত কৰ্ণাটকৰ দৰে ৰাজ্যত প্রত্যক্ষ বিদেশী বিনিয়োগ হৈছে মুঠ ১৮,৫৫৪.২৯ নিযুত মার্কিন ডলাৰ । কৰ্ণাটকৰ পাছতে এই তালিকাত ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, গুজৰাট, হাৰিয়ানা আদি ৰাজ্যই স্থান লাভ কৰিছে । আনকি বিহাৰ, ওড়িশা আদি ৰাজ্যও অসমৰ তুলনাত এইক্ষেত্ৰত বহুদূৰ আগবাঢ়ি আছে ।
![Poor foreign investment in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-assam-lags-far-behind-in-direct-investment-7209925_29042022172350_2904f_1651233230_710.jpg)
বিগত বৰ্ষত প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান হৈছে ২৩ নম্বৰ । কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ বিভাগে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত দেখা গৈছে যে গুজৰাটৰ দৰে ৰাজ্যতকৈয়ো কৰ্ণাটক, দিল্লীৰ দৰে ৰাজ্যত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে ।
আনহাতে পূৰ্বতকৈ বিহাৰ, পশ্চিম বংগ আদিতো লক্ষণীয়ভাৱে বিদেশী বিনিয়োগ বৃদ্ধি পাইছে । কিন্তু এইক্ষেত্ৰত অসমহে লক্ষণীয়ভাৱে পিছপৰি আছে। প্ৰকৃতাৰ্থত পুতৌজনক আন্তঃগাঁথনিৰ বাবেই বিদেশী বিনিয়োগকাৰীসকলে ৰাজ্যখনত ধন বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে (Assam lacks foreign investment for poor infrastructure) ।
![Poor foreign investment in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-assam-lags-far-behind-in-direct-investment-7209925_29042022172350_2904f_1651233230_850.jpeg)
লক্ষণীয় বিষয় যে বিগত বৰ্ষত মহাৰাষ্ট্ৰত ১২,২২৬.১৫ নিযুত মার্কিন ডলাৰ, দিল্লীত ৭৬৪৭.৬৩ নিযুত মার্কিন ডলাৰ, তেলেংগানাত ৩০২৩.৩৩ নিযুত মার্কিন ডলাৰ, গুজৰাটত ২৭০৯.৮১ নিযুত মার্কিন ডলাৰ, হাৰিয়ানাত ২৫৮৭.৩৬ নিযুত মার্কিন ডলাৰ আৰু তেলেংগানাত ১৫৮৪.৫৯ নিযুত মার্কিন ডলাৰ বিদেশী বিনিয়োগ হৈছে। উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২০১৮ চনত অসমত ঢাক-ঢোল বজাই অতি জাকজমকতাৰে এডভাণ্টেজ অসম অর্থাৎ বিশ্ব বিনিয়োগ সন্মিলন নামৰ এক বিয়াগোম অনুষ্ঠানৰ আয়োজন কৰিছিল ।
উক্ত অনুষ্ঠানত জাপান, বাংলাদেশ, ভূটানকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল । আনকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন উদ্বোধন কৰি অনাগত দিনত অসমখন বিদেশী বিনিয়োগকাৰীৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলিও ঘোষণা কৰিছিল । কিন্তু বাস্তৱত সেয়া হৈ নুঠিল । বিগত সময়ছোৱাত আঙুলিৰ মূৰত লিখিব পৰা মুষ্টিমেয় দেশীয় কেইটামান কোম্পানীৰ বাহিৰে বিদেশী কোম্পানীসমূহে অসমত ধন বিনিয়োগ কৰাৰ বাবে বিশেষ আগ্রহ প্রকাশ নকৰিলে ।
ৰাজ্যখনত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত যি পৰিৱেশ গঢ়ি তুলিব লাগে তেনে এক পৰিৱেশ চৰকাৰে আজিলৈকে গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই । অজিও ৰাজ্যখনত ২৪ ঘণ্টাই বিদ্যুৎ উপলব্ধ নহয় । এনে পৰিস্থিতিত বিদেশী বিনিয়োগৰ নামত কোটি কোটি টকা ব্যয় কৰি ঢাক-ঢোল বজাই অনুষ্ঠান আয়োজন কৰিলেও বিদেশী বিনিয়োগকাৰী যে অসমলৈ নাহে সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।
উল্লেখ যে ২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম' শীর্ষক বিনিয়োগৰ সন্মিলন ।
ইফালে ৰাজকোষৰ পুঁজি ব্যয় কৰি বিয়াগোম আয়োজনেৰে অনুষ্ঠিত কৰা নমামি ব্ৰক্ষ্মপুত্ৰৰ যোগেদিও ৰাজ্যবাসীক বহু সপোন দেখুওৱা হৈছিল । কিন্তু বাস্তৱত কি হ'ল সেয়া সকলোৰে জ্ঞাত । বিধানসভাত অসম চৰকাৰে দিয়া তথ্য অনুসৰি এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগমেলাত বিভিন্ন বিনিয়োগকাৰী, উদ্যোগপতি বা কোম্পানীৰ পৰা বিভিন্ন শিতানত ২৬২খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু বিনিয়োগৰ প্ৰস্তাৱ আছিল ৫১,৯৫৮,২০ কোটি টকা ।
এতিয়াও ১৬,১৬৪,৪০ কোটি টকাৰ বিনিয়োগ প্ৰাৰম্ভিক পৰ্যায়ত আছে ৷ চমমপ্ৰদ প্ৰচাৰ আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই অসম চৰকাৰে জাক-জমককৈ আয়োজন কৰা এই এডভাণ্টেজ আছামৰ নামত বিগত চাৰিবছৰত অসমৰ কোনো বিশেষ উন্নয়ন নেদেখিলে অসমবাসীয়ে ৷
লগতে পঢ়ক : New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ