ETV Bharat / state

Diwali 2022: দীপাৱলীৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

author img

By

Published : Oct 18, 2022, 6:08 PM IST

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বিকট শব্দ কৰি ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা । ১২৫ ডেচিবলতকৈ বেছি শব্দৰ সৃষ্টি কৰা ফটকা প্ৰস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা । দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলীৰ সময়ছোৱাত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জৰীপ কৰিব বায়ুৰ গুণগত মান আৰু শব্দ প্ৰদূষণৰ মাত্ৰা । সেউজ ফটকা ব্যৱহাৰৰ বাবে আহ্বান ।

Pollution Control Board guidelines for Diwali in Assam
দীপাৱলীৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

গুৱাহাটী, ১৮ অক্টোবৰ: পূৰ্বৰ দৰে এইবাৰো পুনৰ দীপাৱলীক কেন্দ্ৰ কৰি জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা । কিন্তু প্ৰত্যেকবাৰেই এই নিৰ্দেশনাসমূহ বাস্তৱত কাৰ্যকৰী হোৱা পৰিলক্ষিত নহয় । এইবাৰো দীপাৱলীৰ সময়ত আতচবাজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা বান্ধি দিছে (Pollution Control Board guidelines for Diwali in Assam)।

উল্লেখ্য যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকা ফুটোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ কঠোৰ নিৰ্দেশনা । ২০০৫ চনতে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক নিৰ্দেশনাৰ ভিত্তিত পৰিষদে জাৰি কৰিছে এই নীতি-নিৰ্দেশনা । সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বিকট শব্দ কৰি ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । শব্দ প্ৰদূষণ সৃষ্টি নকৰা ফটকাহে ব্যৱহাৰ কৰিব পাৰিব ৰাইজে (Diwali 2022) ।

১২৫ ডেচিবলতকৈ বেছি শব্দৰ সৃষ্টি কৰা ফটকা প্ৰস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলীৰ সময়ছোৱাত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ুৰ গুণগত মান আৰু শব্দ প্ৰদূষণৰ মাত্ৰা জৰীপ কৰিব । গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ুৰ মান জৰীপ কৰাৰ উপৰি গুৱাহাটী মহানগৰীত বায়ুৰ মান ১৫ দিন ধৰি নিৰীক্ষণ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ।

দেৱালীৰ পূৰ্বৰ ৭ দিন আৰু পিছৰ ৭ দিন গুৱাহাটীৰ বায়ুৰ মান নিৰীক্ষণ কৰিব পৰিষদে । আনকি ফটকাৰ গুদামসমূহতো তালাচী চলাব পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে । যাতে শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব পৰা ফটকা বিক্ৰী উৎসতে বন্ধ কৰিব পাৰে । পৰিষদৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়াও যাব । জিলা উপায়ুক্তসকলে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

উল্লেখ্য যে পৰিষদে গুৱাহাটী, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি নগাঁও, মৰিগাঁও, হোজাই, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, তেজপুৰ, উত্তৰ লখিমপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা, আৰু বঙাইগাঁৱৰ শব্দ প্ৰদূষণৰ মাত্ৰা ২৪ আৰু ২৫ অক্টোবৰত পৰীক্ষা কৰিব । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সেউজ ফটকা ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে ।

উল্লেখ যে ২০১৯ চনৰ পিছৰ পৰা পর্যায়ক্ৰমে সেউজ ফটকা ব্যৱহাৰ আৰম্ভ হৈছে । সেউজ ফটকাত বেৰিয়াম নাইট্ৰেট নামৰ ক্ষতিকাৰক ৰাসায়নিক নাথাকে । উল্লেখ্য যে ২০১৪ চনত উচ্চতম ন্যায়ালয়ে দেশবাসীৰ স্বাস্থ্য আৰু বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ফটকা প্ৰস্তুতৰ নিৰ্দেশ দিয়ে ।

সেউজ ফটকা ফুটালে ইয়াৰ পৰা তুলনামূলকভাৱে কমকৈ কাৰ্বন নির্গমন হয় । প্ৰচলিত ফটকাত সাধাৰণতে এলুমিনিয়াম, বেৰিয়াম, পটাছিয়াম, নাইট্ৰেট বা কাৰ্বন অধিক পৰিমাণে ব্যৱহাৰ হয় । এইসমূহ প্ৰাকৃতিৰ বাবে যথেষ্ট ক্ষতিকাৰক । কিন্তু সেউজ ফটকাত এইসমূহ ক্ষতিকাৰক ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নহয় ।

লক্ষণীয় বিষয় যে নিষেধাজ্ঞা তথা নিৰ্দেশনা থকাৰ পাছতো এনে আতচবাজীৰ অবাধে ব্যৱহাৰ হৈ আহিছে । এইবাৰৰ নিষেধাজ্ঞা কিমানদূৰ কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Jatinga Festival Controversy: চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱৰ আয়োজন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.