ETV Bharat / state

ৰাজনীতিলৈ সাংবাদিকঃ ভোট যুদ্ধত নমাৰ মন কেইবাজনৰো

author img

By

Published : Oct 5, 2020, 10:21 PM IST

ৰাজনীতি আৰু সাংবাদিক । এই সম্পৰ্কটো বা এই ৰসায়নটো বহু পুৰণি । দীৰ্ঘসময় সাংবাদিকতা কৰাৰ অন্তত ৰাজনীতিত যোগ দি ভিন ভিন দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা সাংবাদিকৰ সংখ্যা ভাৰতবৰ্ষক যথেষ্ঠ । এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসমো ।

politics-and-journalist
ৰাজনীতিলৈ সাংবাদিকঃ ভোট যুদ্ধত নমাৰ মন কেইবাজনৰো

গুৱাহাটী, ৫ অক্টোবৰঃ ৰাজনীতি আৰু সাংবাদিক । এই সম্পৰ্কটো বা এই ৰসায়নটো বহু পুৰণি । দীৰ্ঘসময় সাংবাদিকতা কৰাৰ অন্তত ৰাজনীতিত যোগ দি ভিন ভিন দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা সাংবাদিকৰ সংখ্যা ভাৰতবৰ্ষক যথেষ্ঠ । এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসমো । সৌ তাহানিতে কবি-সাংবাদিক দেৱকান্ত বৰুৱাই সাংবাদিকতা ত্যাগ কৰি ৰাজনীতিত যোগ দিছিল । পৰৱৰ্তী পৰ্যায়ত আৰু বহুকেইগৰাকী সাংবাদিকে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰবেশ কৰে । মেহদী আলম বৰা, আব্দুল খালেক, ৰঞ্জিৎ দাস, কিশোৰ ভট্টাচাৰ্য, বিচিত্ৰ চৌধুৰী, অদীপ কুমাৰ ফুকন, দিলীপ শৰ্মা, ৰাতুল শৰ্মা, অজিত কুমাৰ ভূঞাকে আদি কৰি শেহতীয়াকৈ জিয়াউৰ‌ ৰহমানলৈকে ।

ৰাজ্যৰ বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যৰ আৰু একাংশ সাংবাদিক সাজু হৈছে ৰাজনীতিত যোগ দিবলৈ । জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই আগন্তুক কেইটামান দিনৰ ভিতৰতে কংগ্ৰেছ দলত যোগ দিব । হাজো সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ মন এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ । সমান্তৰালকৈ আৰু দুটা টেলিভিছন চেনেলৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিকে বিজেপিত যোগ দিয়াৰ প্ৰস্তুতি চলিছে । ইয়াৰে এজনে প্ৰাৰ্থী হব খোজে বঢ়মপুৰ সমষ্টিৰ । আন গৰাকীয়ে তেজপুৰৰ পৰা নিৰ্বাচন খেলাৰ ইচ্ছা ।

আনহাতে যোৱা সময়চোৱাত সাংবাদিকতাৰ পৰা আহি ৰাজনীতিত ভৰি দিয়া সকলৰ মাজত যিকেইজন এই ক্ষেত্ৰখনত‌ সফল হৈছে তাৰ মাজত প্ৰথমেই আহে সাংসদ আব্দুল খালেকৰ নাম । সাংসদ খালেকে সোমবাৰে ই টিভি ভাৰতৰ আগত কয় যে সাংবাদিকে ৰাজনীতিত প্ৰবেশ কৰাটো কোনো নতুন কথা নহয় । লালকৃষ্ণ আদৱানী কিম্বা অৰুণ শ্বোৰী বা দেৱকান্ত বৰুৱাও সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰাই ৰাজনীতিলৈ আহিছিল । আগন্তুক সময়ত অসমৰ একাংশ সাংবাদিকে যি দলতে যোগদান নকৰক কিয়, তেওঁলোকৰ প্ৰতি শুভকামনাও জ্ঞাপন কৰে সাংসদগৰাকীয়ে ।‌

লগতে পঢ়ক: প্ৰসংগ ডেনিয়েল হত্যাকাণ্ডঃ পূৰ্বৰ অভিযুক্ত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.