ETV Bharat / state

Mysterious Death in Guwahati : অভিভাৱকৰ মন্তব্যই আশ্বস্ত কৰিব পৰা নাই আৰক্ষীক - ৰয়েল হেৰিটেজ

গুৱাহাটীৰ বৰবাৰীত এটা ফ্লেটৰ ভিতৰত এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ (Mysterious Death in Guwahati)। যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক স্বাভাৱিক মৃত্যু বুলি পিতৃ-মাতৃয়ে কৰা মন্তব্যত সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

Mysterious Death in Guwahati
অভিভাৱকৰ মন্তব্যই আশ্বস্ত কৰিব পৰা নাই আৰক্ষীক
author img

By

Published : Nov 12, 2022, 10:34 PM IST

গুৱাহাটী, ১২ নৱেম্বৰ : ধূলা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ! এইবাৰ গুৱাহাটীৰ বৰবাৰীত এটা ফ্লেটৰ ভিতৰত এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । মৃত কিশোৰীগৰাকী ওদালগুৰি জিলাৰ জোৰ পুখুৰীৰ,পানেৰি গাঁৱৰ বাসিন্দা এঞ্জেলিনা চোৰেন(১৭) বুলি জানিব পৰা গৈছে (Angelina Soren death case Guwahati)।

আৰক্ষী সূত্ৰে জানিব পৰা মতে বৰবাৰীৰ ৰাধানগৰত অৱস্থিত ৰয়েল হেৰিটেজ নামৰ ফ্লেটটোৰ(Royal Heritage Guwahati) চতুৰ্থ মহলাৰ বাসিন্দা ব্যৱসায়ী প্ৰতীক হাৰলালকাৰ ঘৰত আন এগৰাকী যুৱতীৰ ৰ সৈতে বনকৰা হিচাপে কাম কৰিছিল এঞ্জেলিনা নামৰ কিশোৰীগৰাকী । হাৰলালকাৰ মাতৃ, পত্নী আৰু কণমানি সন্তান থকা উক্ত ফ্লেটটোত এঞ্জেলিনাৰ লগতে আনগৰাকী যুৱতীয়ে ঘৰুৱা কাম বন চোৱাচিতা কৰিছিল ।

শুকুৰবাৰে দুইগৰাকী আন দিনাৰ দৰে দিনটোৰ কামকাজ শেষ কৰি নিশাৰ ভাগত ভাত পানী খাই শুই থাকে । শনিবাৰে পুৱাৰ ভাগত বহু দেৰিলৈ এঞ্জেলিনা শুই থকা দেখি আনগৰাকী বন কৰা যুৱতীয়ে জগাবলৈ যায় । যুৱতীগৰাকীয়ে বহুবাৰ মাত দিয়াৰ পিছতো মাত নিদিয়াত সন্দেহ উপজে । যুৱতীগৰাকীয়ে তাইৰ শৰীৰটো লিৰিকি চাই এনেদৰে নিথৰ হৈ পৰি থকা দেখি চিঞৰ বাখৰ লগায় ।

তাইৰ চিঞৰ শুনি কাষৰ কোঠাত থকা হাৰলালকাৰ পৰিয়াল দৌৰি আহি সেই দৃশ্য দেখি হতচকিত হৈ পৰে ৷ লগে লগে ফ্লেটটোৰ আন কিছু লোকৰ সহযোগত এঞ্জেলিনাক প্ৰতীক্ষা হাস্পাতালত অনা হয় যদিও চিকিৎসকে প্ৰাথমিক পৰীক্ষা কৰি শুই থকা অৱস্থাত মৃত্যু হোৱা বুলি ঘোষণা কৰে (Minor House maid girl death in Guwahati)। শনিবাৰে এই কথা পোহৰলৈ অহাৰ পিছত হাস্পতাল চৌহদত উপস্থিত হয় যুৱতীগৰাকীৰ পিতৃ-মাতৃ ।

সংবাদ মাধ্যমৰ আগত বিগত দুবছৰ ধৰি প্ৰতীক হাৰলালকাৰ ঘৰত কৰ্মৰত হৈ থকা কিশোৰীগৰাকী হাপানী ৰোগত আক্ৰান্ত আছিল বুলি উল্লেখ কৰি কিশোৰীগৰাকীৰ মৃত্যু এক স্বাভাৱিক মৃত্যু বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈছে । ইফালে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে ৰজু কৰে এটা গোচৰ । গোচৰৰ ওপৰত ভিত্তি কৰি ঘটনাস্থলীত উপস্থিত হোৱা DCP সুধাকৰ সিং আৰু দিছপুৰ থানৰ ACP হিমাংশু দাসে আৰম্ভ কৰে তদন্ত পক্ৰিয়া ।

ইফালে উক্ত ঘটনাৰ তদন্ত খৰতকীয়া কৰাৰ বাবে CID য়ে ফিংগাৰ প্ৰিণ্টকে ধৰি প্ৰয়োজ নীয় সমল সংগ্ৰহ কৰে । আনহাতে মহিলা দণ্ডাধীশৰ জৰিয়তে কিশোৰীগৰাকীৰ দেহত কিবা আঘাতৰ চিন আছে নেকি সেয়াও তন্নতন্নকৈ পৰীক্ষা কৰে । ইফালে দিনৰ ভাগত DCP সুধাকৰ সিঙৰ নেতৃত্বত ফাৰেঞ্চিকৰ এটা অনুসন্ধানকাৰী দল চচলৰ ৰাধানগৰস্থিত ৰয়েল হেৰিটেজ এপাৰ্টমেণ্টৰ বাসিন্দা প্ৰতীক হাৰলালকাৰ ফ্লেটত উপস্থিত হয় ।

অনুসন্ধানকাৰী দলটোৱে মৃত বনকৰা কিশোৰীগৰাকীৰ কোঠালীৰ পৰা নমুনা সংগ্ৰহ কৰে । মৃত কিশোৰীগৰাকীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানি অনুসন্ধানকাৰী দলটোৱে সংগ্ৰহ কৰে । সংগ্ৰহ কৰা কাপোৰ আৰু নমুনাসমূহ ৰাজ্যিক ফৰেঞ্চিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি DCP সুধাকৰ সিঙে(DCP Sudhakar Singh) ব্যক্ত কৰে । তদুপৰি প্ৰতিটো সমগ্ৰীৰ লগত সংগ্ৰহ কৰা নমুনাসমূহ তুলনা কৰা হ’ব বুলিও DCP গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় মৃত কিশোৰীগৰাকীৰ মৃতদেহ । যদিওবা কিশোৰীগৰাকীৰ মৃত্যু এক স্বাভাৱিক মৃত্যু নতুবা এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰক্ষীৰ সঠিক তদন্ত তথা মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে স্পষ্ট হ’ব কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য । এই ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা প্ৰতীক হাৰলালকাৰ ৰ পৰিয়ালক নজৰত ৰাখিছে অনুসন্ধানকাৰী আৰক্ষীয়ে ।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে, আনগৰাকী কাম কৰা যুৱতীৰ সৈতে স্বাভাৱিক কথা বতৰা পাতি পিছত নৈশ আহাৰ গ্ৰহণ কৰি শোৱাপাটীত উঠা কিশোৰীগৰাকীৰ শুই থকা অৱস্থাত মৃত্যু হল কেনেকৈ ? যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কিয় স্বাভাৱিক মৃত্যু বুলি কৈ নিজক শান্তনা দিবলৈ চেষ্টা কৰিলে পিতৃ মাতৃয়ে ! যদিহে মৃত কিশোৰীগৰাকী পূৰ্বৰ পৰা কিবা ৰোগত আক্ৰান্ত আছিল তেন্তে ঘৰৰগৰাকীয়ে কিয় উপযুক্ত চিকিৎসা কৰাৰ ব্যৱস্থা কৰা নাছিল ? এনেধৰণৰ প্ৰশ্ন ই এতিয়া দোলা দি ফুৰিছে সচেতন লোকৰ মাজত ।

লগতে পঢ়ক : Dhula Murder Case update: ধূলা কাণ্ডৰ ৰাজসাক্ষী হ’ব নিলম্বিত অ’চি উৎপল বৰাৰ গাড়ীচালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.