ETV Bharat / state

গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে

author img

By

Published : Oct 25, 2019, 1:52 PM IST

Updated : Oct 25, 2019, 2:20 PM IST

ইমান দিনে কোনো ড্ৰাইভিং লাইচেঞ্চেই নাছিল আৰক্ষী বিষয়া গৰাকীৰ ৷ যাৰ বাবে ৰাজপথত গাড়ী চলাব পৰা নাছিল তেওঁ ৷ কিন্তু যান-বাহন আইন কঠোৰ হোৱাৰ পাছতেই লাইচেঞ্চ বনাবলৈ তৎপৰ হৈ পৰিল দীপক কুমাৰ ৷

গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে

গুৱাহাটী,25 অক্টোবৰ: পৰীক্ষাত অৱতীৰ্ণ হ'ল মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ ৷ কেৱল লিখিত পৰীক্ষাই নহয়, ব্যৱহাৰিক পৰীক্ষাও দিলে আৰক্ষী বিষয়া গৰাকীয়ে ৷ অৱশ্যে এইয়া কোনো বিভাগীয় পৰীক্ষা নহয়, গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈহে পৰীক্ষা দিলে দীপক কুমাৰে ৷

আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ড্ৰাইভিং টেষ্ট

ইমান দিনে কোনো ড্ৰাইভিং লাইচেঞ্চেই নাছিল আৰক্ষী বিষয়া গৰাকীৰ ৷ যাৰ বাবে ৰাজপথত গাড়ী চলাব পৰা নাছিল তেওঁ ৷ কিন্তু যান-বাহন আইন কঠোৰ হোৱাৰ পাছতেই লাইচেঞ্চ বনাবলৈ তৎপৰ হৈ পৰিল দীপক কুমাৰ ৷ সেই নিমিত্তে আৰক্ষী বিষায়া গৰাকী উপস্থিত হ'ল মহানগৰীৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৷ সম্পূৰ্ণ নিয়মৰ মাজেৰে নিজৰ ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰক্ষী বিষয়া দীপক কুমাৰ ৷

লিখিত পৰীক্ষাত দহটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হয় আৰক্ষী বিষয়া গৰাকী ৷ তাৰ পিছতেই তেওঁ অৱতীৰ্ণ হয় বাহন চালনৰ পৰীক্ষাত ৷ ইংৰাজী 8 সংখ্যাটোৰ নক্সাত গাড়ী চলাবলৈ সক্ষম হয় তেওঁ ৷ লিখিত আৰু ব্যৱহাৰিক দুয়োটা পৰীক্ষাতে উত্তীৰ্ণ হোৱাৰ পাছত বাহন চালনৰ প্ৰমাণ পত্ৰ (ড্ৰাইভিং লাইচেঞ্চ) লাভ কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ অনুভৱ ব্যক্ত কৰি আৰক্ষী গৰাকীয়ে কয় যে, আইন শৃংখলা সকলোৰে বাবে সমান,গতিকে প্ৰত্যেকজন ব্যক্তিয়েই প্ৰশাসনৰ নীতি নিয়ম মানি চলিব লাগে ৷ যি সকল চালকে অনুজ্ঞা পত্ৰ অবিহনে গাড়ী চলাই আছে তেওঁ লোককো নিজৰ নিজৰ ড্ৰাইভং লাইচেঞ্চ উলিয়াই লবলৈ আহ্বান জনায় মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

Intro:অৱশেষত মহানগৰীত গাড়ী চলাব পাৰিব আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ নাছিল ড্ৰাইভিং লাইচেঞ্চ। ড্ৰাইভিং লাইচেঞ্চ অবিহনে আছিল যদিও মহানগৰীত গাড়ী চলোৱা নাছিল তেওঁ । কিন্তু যানবাহন আইন কঠোৰ হোৱাৰ পিছতেই ড্ৰাইভিং লাইচেন্স বনাবলৈ উপস্থিত হল DTO অফিচত । প্ৰথমে লিখিত পৰীক্ষা আৰু তাৰ পিছতে গাড়ী চলোৱাৰ পৰীক্ষাও দিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে। Body:সম্পূৰ্ণ নিয়মৰ মাজেৰে ড্ৰাইভিং লাইচেন্স উলিওৱা আৰক্ষী আয়ুক্ত দীপক কুমাৰে কলে মনৰ অনুভৱ।

Bite:- দীপক কুমাৰ।

লিখিত পৰীক্ষাৰ 10 টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হয় আৰক্ষী আয়ুক্ত গৰাকী আৰু তাৰ পিছতে গাড়ী চলাই আঠ বনাবলৈ সক্ষম হল আয়ুক্ত গৰাকী।আৰক্ষী আয়ুক্ত দীপক কুমাৰে লগতে কয় যে আইন শৃংখলা সকলোৰে বাবে সমান। গতিকে সকলো ব্যক্তিয়ে প্ৰশাসনৰ নিয়ম মানিব লাগে । দীপক কুমাৰৰ অনুৰোধ চালক সকললৈ যে সকলোৱে ড্ৰাইভিং লাইচেন্স উলিয়াব লাগে।

Conclusion:লিখিত পৰীক্ষা পৰীক্ষা আৰু গাড়ী চলোৱা দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী আয়ুক্ত দীপক কুমাৰে পাবলৈ সক্ষম হৈছে learning driving license. লগতে আইন সকলোৰে বাবে সমান সেই কথাৰ প্ৰমাণ দিলে মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।
Last Updated : Oct 25, 2019, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.