গুৱাহাটী, 21 ডিচেম্বৰ: শনিবাৰে হেল্থ চিটি হাস্পাতালত দিনৰ 1:20 বজাত বিশিষ্ট কবি অনুপম কুমাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত দুবছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট কবিগৰাকী ৷ অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতত বিশেষ অৰিহণা আগবঢ়োৱা কবিগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷
তেখেতৰ মৃত্যুত অসম সাহিত্য সভা, গোটানগৰ ৰাস সমিতি, শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰ, হিন্দু মহাসভাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুকুট চন্দ্ৰ ডেকা, এন.এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ লগতে স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰে ৷ নৱগ্ৰহ শ্মশানত বিশিষ্ট কবিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
লগতে পঢ়ক: দিপালী বৰঠাকুৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী