গুৱাহাটী, ১৯ জুলাইঃ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দেওবাৰে টেলিফোন যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ৰাজ্যৰ বান পৰিস্থিতি, গৰাখহনীয়া, কভিড-১৯ আৰু বাঘজান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে l
লগতে পঢ়কঃ বাক্সা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰৰ সহ সক্ৰিয় গুলী উদ্ধাৰ
মুখ্যমন্ত্ৰী সোণোৱালে বৰ্তমানৰ সমস্যা সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে l প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে l
দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷