ETV Bharat / state

Corridor to Kamakhya: কামাখ্যা মন্দিৰকলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা পৰিকল্পনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ - Kamakhya Temple at Nilachal

নতুন ৰূপত উজলি উঠিব কামাখ্যা মন্দিৰৰ চৌপাশ । বাৰাণসীৰ কাশী-বিশ্বনাথ মন্দিৰৰ ক'ৰিডৰৰ আৰ্হিত গুৱাহাটীৰ কামাখ্যা মন্দিৰত এটা ক'ৰিডৰ নিৰ্মাণৰ পৰিকল্পনা অসম চৰকাৰৰ । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে আপলোড কৰা পৰিকল্পিত ক'ৰিডৰৰ ভিডিঅ' দেখি আপ্লুত প্ৰধানমন্ত্ৰী (New project on making Maa Kamakhya corridor) ।

Maa Kamakhya corridor
অসম চৰকাৰৰ বিশেষ পৰিকল্পনা
author img

By

Published : Apr 20, 2023, 6:54 PM IST

অসম চৰকাৰৰ বিশেষ পৰিকল্পনা

গুৱাহাটী, ২০ এপ্ৰিল: বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰৰ চৌপাশক অনন্য ৰূপ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে বিশেষ পৰিকল্পনা কৰিছে । বাৰাণসীৰ কাশী-বিশ্বনাথ মন্দিৰৰ ক'ৰিডৰৰ আৰ্হিত গুৱাহাটীৰ কামাখ্যা মন্দিৰত এটা ক'ৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে । নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়ৰ কৰিড’ৰক নতুন ৰূপ দিয়া হ’ব (Kamakhya Temple at Nilachal)।

দেশী-বিদেশী ভক্তৰ আধ্যাত্মিকতাৰ স্থলী শক্তিপীঠ কামাখ্যা ধামৰ কৰিড’ৰৰ আৰ্হিৰ ভিডিঅ' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগে ৰাজহুৱা কৰিছে (Himanta Biswa Sarma twitter) । ভিডিঅ'টোত দেখুওৱা হৈছে যে অদূৰ ভৱিষ্যতে পুনৰ নিৰ্মাণ কৰিবলগীয়া মা কামাখ্যাৰ ক'ৰিডৰটো কেনেকুৱা হ'ব (Project on making Maa Kamakhya corridor) ।

বিশেষ আকৰ্ষণ লাভ কৰা ভিডিঅ'টো সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (PM Modi twitter) । মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত আপলোড কৰা চাৰি মিনিটৰ কামাখ্যা দেৱালয়ৰ কৰিড’ৰ সন্দৰ্ভত ভিডিঅ’টো পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ‘‘মই নিশ্চিত যে মা কামাখ্যাৰ কৰিড’ৰ এটা যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’ব । কাশীৰ বিশ্বনাথ ধাম আৰু শ্ৰী মহাকাল মহালোক আধ্যাত্মিক অভিজ্ঞতাৰ দিশলৈ পৰিৱৰ্তিত হৈ আহিছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ লগতে পর্যটন তথা স্থানীয় অর্থনীতিও সমৃদ্ধ হৈছে’’ (Kamakhya temple new project by State Govt)৷

  • I am sure Maa Kamakhya corridor will be a landmark initiative.

    Kashi Vishwanath Dham and Shree Mahakal Mahalok have been transformative as far as the spiritual experience is concerned. Equally important is the fact that tourism is enhanced and the local economy gets a boost. https://t.co/le8gmNrSNv

    — Narendra Modi (@narendramodi) April 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, কামাখ্যা দেৱালয়ৰ কৰিড’ৰৰ পুনৰ নিৰ্মাণৰ ফলত মন্দিৰৰ চাৰিওফালে থকা মুকলি ঠাই বৰ্তমানৰ ৩০০০ বর্গফুটৰ পৰা প্ৰায় এক লাখ বর্গ ফুটলৈ বৃদ্ধি পাব । তদুপৰি প্ৰৱেশ কৰিড’ৰৰ প্ৰস্থ বৰ্তমানৰ ৮-১০ ফুটৰ পৰা ২৯-৩০ ফুটলৈ বৃদ্ধি পাব । আনহাতে, নীলাচল পাহাৰত থকা আন ৬ টা মন্দিৰকো ভক্তৰ দৃষ্টি আকৰ্ষণৰ হেতুকে নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব । একেদৰে অম্বুবাচী মেলাৰ সময়ত ৮০০০-১০,০০০ তীর্থযাত্ৰী থকাৰ সু-ব্যৱস্থাও গঢ়ি তোলা হ'ব ।

লক্ষ্যনীয় বিষয় যে, চৰকাৰৰ এই পদক্ষেপৰ ফলত তীৰ্থযাত্ৰীৰ কাৰণে বহুখিনি সুবিধা হ'ব । বিশেষকৈ অম্বুবাচীকে ধৰি আন কেতবোৰ উৎসৱৰ সময়ত তীৰ্থযাত্ৰী সকলৰ যথেষ্ট সুবিধা হ'ব (Ambubachi at Kamakhya) ।

লগতে পঢ়ক : Annada Gohain: অসমৰ বিদুষী মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.