ETV Bharat / state

দেৰগাওঁ বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:16 PM IST

PM Modi condoles tragic road accident in Balijan: বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়েও শোক প্ৰকাশ কৰে ৷ ‘‘কাৰ ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে তাক চালি জাৰি চোৱা হ'ব’’ এই মন্তব্য মন্ত্ৰী শুক্লবৈদ্যৰ ৷

PM Modi condoles tragic road accident in Balijan of Dergaon
বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী

গুৱাহাটী, 3 জানুৱাৰী : বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাই চকু সেমেকাই তুলিছে ৰাজ্যবাসীৰ ৷ দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকল যাতে পুনৰ সুস্থ হৈ উঠে তাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে ৷

ইফালে বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকল লৈ 50 হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷

  • Pained by the loss of lives due to a road mishap in Golaghat, Assam. Condolences to the bereaved families. May the injured recover at the earliest. The local administration is providing all possible assistance to those affected. An ex-gratia of Rs. 2 lakh from PMNRF would be…

    — PMO India (@PMOIndia) January 3, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

শোকাবহ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও শোক প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি তেওঁ কয়, ‘‘পুৱা দেৰগাঁৱত সংঘটিত কৰুণ পথ দুৰ্ঘটনাৰ খবৰটিয়ে ব্যথিত কৰিছে ৷ দুর্ঘটনাটোত অকালতে বিয়োগ হোৱা মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷ এই দুখৰ মুহূৰ্তত ভুক্তভোগী পৰিয়ালসমূহক গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ এই কঠিন সময়ত স্থানীয় প্ৰশাসনে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে ৷’’

  • HCM Dr @himantabiswa has expressed his deep anguish at the horrific bus accident in Dergaon and offers his condolences to the bereaved families.

    The local administration is providing all necessary support to the injured in this difficult hour.

    Prayers for their swift recovery.

    — Chief Minister Assam (@CMOfficeAssam) January 3, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি কয়, ‘‘বছৰৰ আৰম্ভণিতে এনে দুৰ্ঘটনা হ’ব বুলি কোনেও ভবা নাছিলোঁ ৷ কাৰ ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে তাক চালি জাৰি চোৱা হ'ব ৷ দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে গুৱাহাটীৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হৈছে পৰিবহন আয়ুক্ত অংকুৰ জৈন আৰু পৰিবহন সুৰক্ষাৰ মুৰব্বী গৌৰৱ উপাধ্যায় ৷’’

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰি কয়, ‘‘দেৰগাঁৱৰ বালিজানত সংঘটিত মর্মান্তিক পথ দুর্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যুৰ কৰুণ খবৰে আমাক ব্যথিত কৰিছে ৷ নিহতসকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো আৰু দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷’’

  • দেৰগাঁৱৰ বালিজানত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কেইবাগৰাকীও লোকৰ মৃত্যুৰ কৰুণ খবৰে আমাক ব্যথিত কৰিছে। নিহতসকলৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

    — Sarbananda Sonowal (@sarbanandsonwal) January 3, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : দেৰগাঁৱৰ বালিজানত হোৱা শোকবহ পথ দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব : গোলাঘাট জিলা আয়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.