ETV Bharat / state

অৱশেষত মহানগৰীত বন্ধ হ'ল পিংক বাছ সেৱা - হিমন্ত বিশ্ব চৰকাৰ

মহানগৰীত বন্ধ হ'ল ২৫ খন পিংক বাছ(Pink bus service stopped in Guwahati) । 'ভ্ৰমণ সাৰথি' আঁচনিৰ অন্তৰ্ভুক্ত আছিল এই বাছসমূহ । যাত্ৰীয়ে ব্যৱহাৰ নকৰাৰ বাবেই ২১খন বাছ প্ৰত্যাহাৰৰ সিদ্ধান্ত । এতিয়াৰে পৰা কেৱল ৪খন গুলপীয়া বাছ চলিব মহানগৰীত। গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদৰী কৰে এইকথা ৷

pink-bus-service-stoped-in-guwahati
অৱশেষত মহানগৰীত বন্ধ হ'ল পিংক বাছ সেৱা
author img

By

Published : May 27, 2022, 10:32 PM IST

গুৱাহাটী, 27 মে' : গুৱাহাটী মহানগৰীত বন্ধ হ'ল পিংক বাছ সেৱা(Pink bus service stoped in Guwahati) । মহানগৰীৰ মহিলাৰ আৰু বয়োজেষ্ঠৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা 'ভ্ৰমণ সাৰথি' নামেৰে আৰম্ভ কৰা এই বাছ সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰি কৰে এই কথা ।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে ঢাক ঢোল বজাই মহানগৰীত প্ৰথমবাৰৰ বাবে বৃদ্ধ আৰু মহিলাৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা 'ভ্ৰমণ সাৰথি' নামেৰে আৰম্ভ কৰিছিল । ২০২১ চনৰ ১০ জানুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'ভ্রমণ সাৰথি' আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীৰ মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূর্ণ বিনামূলীয়া এই বাছ সেৱা খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ পৰা ‘ফ্লেগ অফ' কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ।

অৱশেষত মহানগৰীত বন্ধ হ'ল পিংক বাছ সেৱা

গুৱাহাটীৰ বিভিন্ন স্থানত ২৫ খন পিংক বাছ চলাচল কৰিছিল । এই সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, যাত্ৰী নোহোৱাৰ বাবেই এই বাছ সেৱা বন্ধ কৰা হৈছে ।

দৰাচলতে চৰকাৰে ধন আৱন্টন নিদিয়াৰ ফলত বাছসমূহ চলাবলৈ পৰিবহণ বিভাগে সমস্যাৰ সন্মুখীন হৈছে । যাৰ ফলত এই বাছ সেৱা বন্ধ কৰা হৈছে । উল্লেখ্য যে, ২০২১ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে পিংক বাছৰ বাবদ ৯১ লাখ টকা আৱন্টন দিছিল । কিন্তু বৰ্তমান হিমন্ত বিশ্ব চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালত পিংক বাছৰ বাবদ কোনো ধন আৱন্টন দিয়া হোৱা নাই ।

লগতে পঢ়ক : Act East Through Northeast: গুৱাহাটীত অনুষ্ঠিত Act East সম্মিলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.