ETV Bharat / state

উপ-নিৰ্বাচন : ফণী তালুকদাৰৰ বিৰুদ্ধে ভুল তথ্য দাখিলৰ অভিযোগ - বিজেপি

তৃণমূল কংগ্ৰেছৰ দাবী, মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত ভুল তথ্য দিছে ফণী তালুকদাৰে । এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে এক অভিযোগ ।

phani talukdar complain for by election
ফণী তালুকদাৰৰ বিৰুদ্ধে ভুল তথ্য দাখিলৰ অভিযোগ
author img

By

Published : Oct 13, 2021, 1:35 PM IST

গুৱাহাটী, 13 অক্টোবৰ : পাঁচটা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে ৩৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়নৰ আটাইকেইখনেই বৈধ বুলি নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে ৷ কিন্তু ভবানীপুৰৰ বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ মনোনয়ন বাতিল কৰিবলৈ আবেদন জনাইছে তৃণমূল কংগ্ৰেছে । তৃণমূল কংগ্ৰেছৰ দাবী-মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত ভুল তথ্য দিছে ফণী তালুকদাৰে ।

ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছে এক অভিযোগ দাখিল কৰিছে । অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে যে, শপত নামাত বিজেপি প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ ওপৰত নিৰ্ভৰশীল কোনো নাই ৷ কিন্তু ২০১৬ ৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাত‌ তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ কথা উল্লেখ কৰা হৈছিল । ঠিক একেদৰে, শপতনামাত বৰপেটা আৰু বজালী জিলাত তেওঁৰ কোনো কৃষিভূমি নাই বুলি উল্লেখ কৰা হৈছে ।

phani talukdar complain for by election
ফণী তালুকদাৰৰ বিৰুদ্ধে ভুল তথ্য দাখিলৰ অভিযোগ

কিন্তু সৰুপেটা ৰাজহ চক্ৰৰ অধীনত হাঠিনাপুৰত তেওঁৰ ঘৰ, মাটি থকাৰ লগতে ব্যৱসায় কৰা মাটিও আছে ৷ যি শপত নামাত উল্লেখ কৰা হোৱা নাই ।

অভিযোগ পত্ৰখনত উল্লেখ কৰা অনুসৰি, বিগত মাৰ্চ মাহত দাখিল কৰা শপত নামা আৰু এইবাৰ দাখিল কৰা শপতনামাৰ মাজত বহু অমিল পৰিলক্ষিত হৈছে । বিগত বিধানসভা নিৰ্বাচনৰ সময়ত দাখিল কৰা শপত নামাত তেওঁৰ বিৰুদ্ধে পঞ্জীয়নভুক্ত গোচৰৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছিল যে, কেৱল BIEO ত তেওঁৰ বিৰুদ্ধে এটা গোচৰো চলি আছে । কিন্তু এইবাৰৰ শপতনামাত আৰু এটা গোচৰৰ কথা উল্লেখ কৰা হৈছে ৷ যিটো পূৰ্বৰ শপতনামাত লুকুৱাই ৰখা হৈছিল ।

লগতে পঢ়ক : উপনিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা কিয় সোৱঁৰাইছে TMC য়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.