ETV Bharat / state

মহানগৰীৰ বজাৰে-বজাৰে যোগান মন্ত্ৰীৰ তহল..

author img

By

Published : Jul 8, 2020, 8:47 PM IST

ৰাইজৰ অভিযোগৰ পিছতেই সাৰ পালে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। বুধবাৰে মহানগৰীৰ বজাৰে বজাৰে ঘূৰিলে মন্ত্ৰীগৰাকী।

phani-bhusan-choudhury-minister-food-civil-supplies-and-consumer-affairs-visit-pandu-market
মহানগৰীৰ বজাৰে বজাৰে কোন !

গুৱাহাটী,8জুলাইঃ লক ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে যধে মধে দাম বৃদ্ধি কৰিছে সামগ্ৰীৰ । ইপিনে ৰাইজৰ অভিযোগৰ পিছতেই সাৰ পালে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। বুধবাৰে মহানগৰীৰ বজাৰে বজাৰে দেখা গ'ল মন্ত্ৰীগৰাকীক।

মহানগৰীৰ বজাৰে বজাৰে কোন !

পাণ্ডুৰ বিভিন্ন বজাৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । কিন্তু ৰাইজৰ ৰোষত পৰে মন্ত্ৰী ফণীভূষণ চৌধুৰী । সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত জবাবদিহি কৰে মন্ত্ৰীগৰাকীক । ইফালে একাংশ স্থানীয় বিজেপি কৰ্মীয়ে মন্ত্ৰীৰ ফলিয়া হৈ দাম বৃদ্ধি হোৱা নাই বুলি মন্ত্ৰী ফণীভূষণ চৌধুৰীক অৱগত কৰে । যাৰ বাবে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। এনে অনাকাংক্ষিত পৰিস্থিতি দেখি ততালিকে সেই স্থান ত্যাগ কৰে মন্ত্ৰী ফণীভূষণে। আনহাতে মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত দাম বৃদ্ধি হোৱা নাই বুলি দায়সৰা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃ জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.