গুৱাহাটী,২৫ আগষ্ট: পৰিবহণ ব্যৱস্থাটোক চৰকাৰে বহিৰাগত পুঁজিপতিক গতাই দিয়াৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰে মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চই । লাখ লাখ পৰিয়ালৰ সংস্থাপনৰ বাট মুকলি কৰা পৰিবহন খণ্ডটোক পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে মঞ্চই ।
চৰকাৰক ৬০% ৰাজহ দিয়ে পৰিবহণ খণ্ডটোৱে । তাৰ পিছটো যদি চৰকাৰে পৰিবহণ খণ্ডটোক মাৰিব বিচাৰিছে খোজে তেনেহলে সোণৰ কণী দিয়া হাঁহটোক পেট ফালিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ দত্তই । গুৱাহাটী প্ৰেছ ক্লাৱত শুক্ৰবাৰে মঞ্চৰ তৰফৰ পৰা এই সন্দৰ্ভত সম্বোধন কৰে এখন সংবাদমেলৰ ।
সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক নৰেন পাঠকে কয় যে ২৫ লাখ মালিক আৰু শ্ৰমিক জড়িত থকা অসমত পৰিবহণ উদ্যোগটো এতিয়া ৰুগ্ন । মাটি বিক্ৰী কৰি ফাইনেন্স কোম্পানীৰ জৰিয়তে একোখন বাহন ক্ৰয় কৰে । কিন্তু গাড়ী ক্ৰয় কৰোঁতেই অতিমাত্ৰা টেক্স, ৰাষ্ট্ৰীয় পথত গতিবেগ অলপ বেছি হলেও জৰিমণা, ১১-১৫ বছৰলৈ ৰোড টেক্স লোৱাৰ পিছতো অতিমাত্ৰা টোল টেক্স, বীমাৰ কিস্তিৰ অভাৱনীয় বৃদ্ধি আদি কাৰণতে পৰিবহণ উদ্যোগটো আজি ৰুগ্ন বুলি মন্তব্য প্ৰকাশ কৰে সাধাৰণ সম্পাদক নৰেন পাঠকে ।
সেয়েহে চৰকাৰী পৰিবহণ নীতি শিথিল কৰা, বে-আইনী টোল গেট বন্ধ কৰাৰ লগতে টোল কৰ হ্ৰাস কৰা, পৰিবহণ শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষা আঁচনি ৰূপায়ণ কৰা, চৰকাৰে অলা, উবেৰৰ লেখীয়াকৈ চৰকাৰীভাৱে এপ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা, মবাইল এপৰ দ্বাৰা ফটো মাৰি পৰিবহণ জৰিমণা আৰোপ ব্যৱস্থা বন্ধ কৰা ব্যৱস্থা কৰিবলৈ দাবী জনাই ৩০ আগষ্টত মঞ্চৰ ফালৰ পৰা পৰিবহণ আয়ুক্তৰ জৰিয়তে চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিব মটৰ পৰিবহণ সেৱাকৰ্মী সন্মিলিত মঞ্চই।