ETV Bharat / state

Passengers block Kolongpar train: কলংপাৰ ট্ৰেইন আৱদ্ধ কৰি ডেৰ শতাধিক যাত্ৰীৰ প্ৰতিবাদ

ৰে’ল চলাচলত বিলম্বক লৈ বামুণীমৈদামত হুলস্থুল ৷ শ শ যাত্ৰীয়ে কৰিলে ৰে’লপথ অৱৰোধ ৷

author img

By

Published : Jun 28, 2023, 9:37 PM IST

protest
প্ৰতিবাদ

গুৱাহাটী, ২৮ জুন : ৰে’লৱে কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবে দীৰ্ঘদিন ধৰি চাকৰি নতুবা অন্য কামৰ বাবে গুৱাহাটীলৈ কলংপাৰ পেছেঞ্জাৰ নামৰ ট্ৰেইনখনত অহা যোৱা কৰা যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে । যাত্ৰীৰ অভিযোগ অনুসৰি নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ গন্তব্য স্থানত উপস্থিত হয় কলংপাৰ পেছেঞ্জাৰ ট্ৰেইনখন । যাত্ৰী সকলে দীৰ্ঘদিন ধৰি এনে অসুবিধাৰ সন্মুখীন হৈ অহাৰ পিচতো ৰে’লৱে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি বুধবাৰে বামুণীমৈদামৰ ৬ নং গেটত কলংপাৰ ট্ৰেইনখন আৱদ্ধ কৰি প্ৰায় ডেৰ শতাধিক যাত্ৰীয়ে ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

দিনৰ ভাগত প্ৰায় আধা ঘণ্টাতকৈ অধিক সময় কলংপাৰ ট্ৰেইনখন অৱৰোধ কৰি যাত্ৰীসকলে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিস্থিতি গৈ এনে পৰ্যায় পায়গৈ যে আৰক্ষী আৰু প্ৰতিবাদকাৰী যাত্ৰীসকলৰ মাজত হতাহতিৰো সৃষ্টি হয় ।

আনহাতে এনে পৰিস্থিতিৰ বাবে দুয়ো দিশৰ পৰা অহা ৰে’ল চলাচল সাময়িকভাৱে ব্যাহত হৈ পৰে । ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ৰে’ল অভিযন্তা সহিতে ৰেল বিভাগৰ শীৰ্ষ আৰক্ষী বিষয়া । ৰেল আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে প্ৰতিবাদকাৰী সকলক এই সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰে ।

উল্লেখ্য যে, নগাঁও, মৰিগাঁও, জাগীৰোড আদি অঞ্চলৰ পৰা বহু লোকে নিজৰ কৰ্তব্যৰ খাতিৰত কলংপাৰ ৰে’ল যোগে দৈনিক গুৱাহাটীলৈ অহা যোৱা কৰে । কিন্তু বিগত প্ৰায় এমাহ ধৰি প্ৰতিদিনেই কলংপাৰ ৰে’ল খন পলমকৈ অহাৰ বাবে চাকৰিকে ধৰি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে যাত্ৰীসকল ।

লগতে পঢ়ক : Bodoland University Controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.