ETV Bharat / state

Pariksha Pe Charcha 2023; পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকল উপকৃত হ’ব: শিক্ষামন্ত্ৰী

author img

By

Published : Jan 27, 2023, 6:07 PM IST

দেশৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গুৱাহটীত আয়োজন পৰীক্ষা পে চৰ্চা কাৰ্যসূচী (Pariksha Pe Charcha 2023 program held in Guwahati) ৷ গুৱাহাটীত শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱেও অংশগ্ৰহণ কৰে (Ranoj Pegu in Pariksha Pe Charcha event) ৷ লগতে শিক্ষাৰ্থীসকলৰ লগত মত বিনিময়ো কৰে মন্ত্ৰীগৰাকীয়ে ৷

Pariksha Pe Charcha 2023
গুৱাহটীত আয়োজন পৰীক্ষা পে চৰ্চা কাৰ্যসূচী

গুৱাহাটী, 27 জানুৱাৰী : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘‘পৰীক্ষা পে চৰ্চা’’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে (PM Modi in Pariksha Pe Charcha event) । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় 38 লাখ ছাত্ৰ-ছাত্ৰীৰ সৈতে এই অনুষ্ঠানৰ জৰিয়তে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে ।

ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ লগত পোনপটীয়াকৈ লাইভ কনফাৰেন্সযোগে মত বিনিময় কৰে ৷ কোনো চাপ নোহোৱাকৈ কিদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰি সেই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ আগত বক্তব্য ডাঙি ধৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘পৰীক্ষা পে চৰ্চা’’ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ উদ্যোগত শুক্ৰবাৰে এক অনুষ্ঠানৰো আয়োজন কৰা হয় (Pariksha Pe Charcha 2023 program held in Guwahati)। য’ত অসমৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে অংশগ্ৰহণ কৰে (Ranoj Pegu in Pariksha Pe Charcha event) আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ।

Pariksha Pe Charcha 2023
পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচী

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে দিল্লীৰ টালকটোৰা ষ্টেডিয়ামত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেই নহয়, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ ভিডিঅ’ লাইভ স্ক্ৰীনিং কৰা হয় ।

এই অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত, সাংসদ কুইন ওজা, সমগ্ৰ শিক্ষা অভিযান মিছন সঞ্চালক ওম প্ৰকাশ, বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালিকা মমতা হোজাইৰ লগতে বহু শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী তথা আন বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ।

এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে ভাষণ দি কয়, ‘‘শিক্ষাৰ্থীসকলৰ মাজত আত্মবিশ্বাস জগাই তুলি দেশত এক নিৰ্ভীক, চাপমুক্ত আৰু উন্নত শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ দ্বাৰা সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব’’ । আনহাতে এই অনুষ্ঠানতে শিক্ষাৰ্থীসকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক শিক্ষামন্ত্ৰীগৰাকীয়ে পুৰষ্কাৰো বিতৰণ কৰে ।

পৰীক্ষাৰ সময় ছাত্ৰ-ছাত্ৰীসকলে মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে দিল্লীৰ টালকটোৰা ষ্টেডিয়ামত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে গুৰুমন্ত্ৰ দিয়ে । মোডীয়ে কয়, ‘‘পৰীক্ষা পে চৰ্চা মোৰ পৰীক্ষা আৰু দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীয়ে মোৰ পৰীক্ষা লৈ আছে । এই পৰীক্ষা দি মই আনন্দ পাও । পৰিয়ালৰ নিজৰ সন্তানৰ পাৰ আশা কৰা ভাল কথা ৷ কিন্তু এয়া যদি কেৱল সামাজিক স্থিতি বজাই ৰাখিবৰ বাবে কৰা হয় তেন্তে ই অতি ভয়ংকৰ’’ ।

তেওঁ লগতে কয়, ‘‘তোমালোকৰ দৰে আমাৰ ৰাজনৈতিক জীৱনতো হেচাঁ পৰে । নিৰ্বাচনত ভাল ফলাফল অহাৰ পাচতো আমি আৰু ভাল আশা কৰো । চিন্তা নকৰিবা, কেৱল চাপমুক্ত আৰু আনন্দিত হৈ থাকি নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ চেষ্টা কৰা আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱা । যদি তোমালোকে অন্য কাৰ্যকালাপৰ প্ৰতিও গুৰুত্ব দিয়া, তেন্তে এনে চাপৰ পৰা মুক্ত হ’ব পাৰিবা’’ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ‘‘আত্মনিৰীক্ষণ কৰা । আমি নিজে নিজৰ সম্ভাৱনা, আকাংক্ষা, লক্ষ্যবোৰ চিনাক্ত কৰা উচিত’’ । সময়ৰ উচিত ব্যৱহাৰৰ ওপৰতো প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেওঁ কয়, ‘‘কেৱল পৰীক্ষাৰ বাবেই নহয়, আমি যিকোনো ধৰণে জীৱনৰ সময় ব্যৱস্থাপনাৰ বিষয়েও অৱগত হোৱা উচিত । কাম কৰিলে ভাগৰ নহয় সন্তুষ্টি থাকে । কাম নকৰিলে ভাগৰ লাগে যে ইমান কাম বাকী আছে’’ ।

ইয়াৰোপৰি আৰু কেইবাটাও দিশত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আনকি বহু ছাত্ৰ-ছাত্ৰীয়ে মোডীক ভাৰ্চুৱেলী প্ৰশ্ন সোধে আৰু মোডীয়ে তাৰ উত্তৰ দিয়ে ।

লগতে পঢ়ক : Pariksha Pe Charcha 2023: তিনিচুকীয়াত ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.