গুৱাহাটী, ৫ ছেপ্তেম্বৰ : আলফা স্বাধীনৰ কেন্দ্ৰীয় পৰিষদত সালসলনি ঘটাই দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা সংগঠনটোৰ তিনিখন কেন্দ্ৰীয় পৰিষদ নতুনকৈ গঠন কৰা হৈছে । এক বিবৃত্তি যোগে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এই বিষয়ে জানিবলৈ দিয়ে । সেই অনুসৰি আলফা স্বাধীনৰ সামৰিক বিভাগটো পূৰ্বৰ দৰেই বাহাল ৰাখি সংগঠনটোৰ সংবিধানস্থ আন্তঃগাঁঠনি কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ সিদ্ধান্ত মৰ্মে সাময়িকভাৱে স্থগিতকৰণ কৰি নতুনকৈ গাঠনিগত পৰিৱৰ্তন কৰা হৈছে ।
সংগঠনটোৰ তিনিখন পৰিষদ ক্ৰমে উচ্চতম পৰিষদ, উচ্চ পৰিষদ আৰু নিম্ন পৰিষদ গঠন কৰি দায়িত্বৰ সালসলনি কৰা হৈছে । কিন্তু আশ্চৰ্যজনকভাৱে নতুনকৈ গঠন কৰা তিনিওখন পৰিষদৰ এখনতো নাম নাই আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ । নতুনকৈ গঠন কৰা এই তিনিখন পৰিষদৰ উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে জেনেৰেল পৰেশ অসমক। উচ্চতম পৰিষদৰ আন দুগৰাকী সদস্য হৈছে লেফটেনেণ্ট জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম ।
আনহাতে, নিম্ন পৰিষদত মেজৰ জেনেৰেল নয়ন অসমক সভাপতি আৰু ব্ৰিগেডিয়াৰ অৰুণোদয় অসমক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে । নিম্ন পৰিষদত ১৪ জনীয়া আৰু ইয়াৰে দুজনক সামৰিক বিভাগৰ পৰা জ্যেষ্ঠতাৰ ভিত্তিত অন্তৰ্ভুক্ত কৰা হৈছে ।
নিম্ন পৰিষদত ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসমক উপ সভাপতি, মেজৰ জেনেৰেল নয়ন অসমক সাংগঠনিক সম্পাদক, ব্ৰিগেডিয়াৰ অৰুণোদয় অসমক বিত্ত সম্পাদক, ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) সমীৰণ অসমক সাংস্কৃতিক সম্পাদক, কৰ্নেল গণেশ অসম আৰু লেফটেনেণ্ট কৰ্ণেল ৰূপম অসমক যুটীয়া সহকাৰী বিত্ত সম্পাদক ৷
লেফটেনেণ্ট কৰ্ণেল প্ৰাণময় অসমক সহকাৰী বৈদেশিক সম্পাদক, মেজৰ তীব্ৰজিৎ অসমক সহকাৰী সাংগঠনিক সম্পাদক, মেজৰ দীপাংকৰ অসমক (অৱসৰপ্ৰাপ্ত) সহকাৰী সাংস্কৃতিক সম্পাদক, কেপ্তেইন ৰিজু অসমক সহকাৰী প্ৰচাৰ সম্পাদক আৰু কৰ্ণেল সুজিৎ অসমক (অৱসৰপ্ৰাপ্ত) কাৰ্যালয় পৰিচালকৰ দায়িত্ব দিয়া হৈছে ।
লক্ষণীয় বিষয় যে, আলফা স্বাধীনৰ সৈতে শান্তি চুক্তিৰ বিষয়ে শেহতীয়াকৈ চৰ্চা চলিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনক মূলসুঁতিলৈ ঘূৰাই অহাৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে । হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সৈতে শান্তি আলোচনাৰ সন্দৰ্ভত অনানুষ্ঠানিক কথা বতৰা চলি থকাৰ কথাও সদৰি কৰিছে । এনে সময়ত আলফা স্বাধীনে আন্তঃগাঁথনিৰ পৰিৱৰ্তন কৰাৰ লগতে সভাপতি ডাঃ অভিজিত অসমক নতুনকৈ গঠন কৰা পৰিষদত অন্তৰ্ভুক্ত নকৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক : মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুকৰ