ETV Bharat / state

অসম গণ পৰিষদত যোগদান কৰিলে ড° পৰমানন্দ ৰাজবংশীয়ে

author img

By

Published : Nov 10, 2020, 7:43 PM IST

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰমানন্দ ৰাজবংশীয়ে আজি মহানগৰীৰ আমবাৰীত থকা অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে।

অসম গণ পৰিষদত যোগদান কৰিলে ড° পৰমানন্দ ৰাজবংশীয়ে
অসম গণ পৰিষদত যোগদান কৰিলে ড° পৰমানন্দ ৰাজবংশীয়ে

গুৱাহাটী, ১০ নৱেম্বৰ: অৱশেষত অসম গণ পৰিষদ দলত যোগ দিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। ৰাজবংশীক দললৈ স্বাগতম জনাই অগপ সভাপতি অতুল বৰাই কয় যে, 'এটা জাতিৰ সামগ্ৰিক উন্নয়নৰ বাবে সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষকতা অতিকে জৰুৰী। ড° পৰমানন্দ ৰাজবংশী সাহিত্য সভাৰ সৈতে জড়িত হৈ থাকি অসমীয়া সাহিত্যৰ হকে দীৰ্ঘ সময় কাম কৰাৰ উপৰি তেখেতৰ দ্বাৰা সম্পাদিত তথা ৰচিত বহু গ্ৰন্থই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। ৰাজবংশীৰ অসমীয়া জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পথাৰখনতো বিভিন্ন উল্লেখযোগ্য কাম কৰি আহিছে। জাতীয়তাবাদৰ ৰাজনীতিত তেখেতৰ দৰে অভিজ্ঞ সাংস্কৃতিক ব্যক্তিৰ অতিকে প্ৰয়োজন।'

ড° ৰাজবংশীয়ে সাহিত্য-সংস্কৃতিৰ উন্নয়নৰ দিশে কাম কৰি যাব বুলি সভাপতি অতুল বৰাই আশা প্ৰকাশ কৰি আৰু কয় যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত সাংগঠনিক কামৰ জৰিয়তে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰা ড° পৰমানন্দ ৰাজবংশীৰ যোগদানে অগপ দলক এক নতুন গতিশীলতা দিব।

আনহাতে, অগপ দলত যোগদান কৰি আগবঢ়োৱা ভাষণত ড° পৰমানন্দ ৰাজবংশীয়ে কয় যে, 'আজি মোৰ কৰ্মজীৱনৰ চল্লিশ বছৰৰ অন্তত মই জীৱনৰ শেষ খেলখনৰ পথাৰত অৱতীৰ্ণ হৈছো। মানুহ মাত্রেই ৰাজনৈতিক প্রাণী বুলি আমি জ্ঞাত। ১৯৭৯ চনত মহাবিদ্যালয়ৰ ছাত্ৰাৱস্থাতেই তদানীন্তন সাংসদ হীৰালাল পাটোৱাৰীৰ আকস্মিক বিয়োগৰ বাবে মঙলদৈ লোকসভা সমষ্টিৰ ভোটাৰ তালিকা সংশোধনী পৰ্বত জড়িত হৈছিলো। প্রত্যক্ষ কৰিছিলো ৪৫ হাজাৰৰো অধিক অচিনাকি মানুহৰ নাম। তেতিয়াই সেই নামবোৰ কৰ্তনৰ বাবে প্ৰশাসনৰ সৈতে যি দ্বন্দতাৰ ফলশ্ৰুতিত বিদেশী বিতাৰণ আন্দোলনৰ সূত্রপাত হৈছিল মঙলদৈ চহৰৰ পৰা। সেয়ে চল্লিশৰো অধিক বসন্তক ৰাজপথ, গতানুগতিক সভা-সমিতিৰ মাজেৰে অতিক্রম কৰাৰ পিছত আজি দেখিছো ইয়াৰ ফলাফল শূন্য। তাতোকৈ ৰাজনৈতিক সমস্যাক ৰাজনৈতিকভাৱে সমাধানৰ বাবে শেষ চেষ্টা নকৰো কিয়? মই এনে এটি ৰাজনৈতিক মঞ্চত অৱতীৰ্ণ হ'ব খুজিছো কিয়নো, এই মঞ্চখন গঠনৰ বাট মুকলি কৰিছিল অসম চুক্তিৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে। অসমৰ জাতি-ধর্মবর্ণ-ভাষা-নির্বিশেষ প্রায় সকলোবাৰে জাতীয়প্রেমী ৰাইজ উবুৰি খাই পৰিছিল এই আঞ্চলিক মঞ্চখনিৰ মজিয়াত। এইখন চৰকাৰে অসমীয়া মানুহক সাংবিধানিকভাৱে ৰক্ষা কবচ দিব পাৰিব বুলি আমাৰ অন্তিম আশাৰ চাকিগছি জ্বলাই ৰাখিছে আৰু সেয়া যদি নুমাই যায় অসমীয়া মানুহে নিজৰ ভৱিষ্যত নিজে গঢ়ি তুলিবৰ বাবে মাথোঁ আৰু এটি গণতান্ত্রিক পথেই আমাৰ সমুখত ৰৈ আছে।'

উল্লেখ্য যে, আজি যোগদান কাৰ্যসূচীত ফণীভূষণ চৌধুৰী, কেশৱ মহন্তৰ লগতে অগপৰ শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতিত ড° পৰমানন্দ ৰাজবংশীৰ লগতে আনুষ্ঠানিকভাৱে যোগদান কৰে বিশিষ্ট শিক্ষাবিদ ড° বলেন্দ্ৰ কুমাৰ দাস, জ্যেষ্ঠ অধিবক্তা ননীগোপাল গোস্বামী প্ৰমুখ্য কিছু সংখ্যক বিশিষ্ট ব্যক্তি।

লগতে পঢ়ক:বড়ো ভাষাৰ ফলকক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.