গুৱাহাটী, 18 ফেব্ৰুৱাৰী: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আওতাত থকা ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধি তথা পঞ্চায়ত সদস্য সদস্যা সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম পঞ্চায়ত সদস্য সদস্যা সমন্বয়ৰক্ষী সমিতিয়ে মহানগৰীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধি তথা সদস্য সদস্যা সকলে ৰাজ্যৰ সকলো পঞ্চায়ত সদস্যৰ বাবে স্থগিত ৰখা 1500 টকা মাহিলী দৰমহা মুকলাই দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰতি গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ তথা সদস্য সদস্যাৰ বাবে মাহিলী 20,000 টকাকৈ দৰমহা প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷
বিধায়ক সকল একো একোগৰাকী জনপ্ৰতিনিধি হৈ যদি সকলো সা-সুবিধা লাভ কৰে, তেনে স্থলত ৰাউজৰ হৈ কাম কৰা পঞ্চায়ত প্ৰতিনিধি সকলৰ ক্ষেত্ৰত এই ভেদাভেদ কিয় কৰা হয় বুলি প্ৰশ্ন কৰি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে কেৱল এখন নিৰ্দিষ্ট চৰকাৰ নহয়, বৰঞ্চ শাসনত অদিষ্ঠিত প্ৰতিখন চৰকাৰেই পঞ্চায়ত প্ৰতিনিধি সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
1500 টকা মাহিলী ভাট্টা মুকলি কৰি দিয়াৰ লগতে দৰমহা আয়োগ গঠন কৰি সম্পূৰ্ণ সাংবিধানিক পদমৰ্যদাৰে পঞ্চায়ত প্ৰতিনিধি তথা সদস্য সদস্যা সকলক দৰমহা প্ৰদান কৰাৰ আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰীলৈ প্ৰতিবাদকাৰী সকলে প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: অসম চুক্তিৰ ৬ নং দফাকলৈ কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক সমালোচনা