ETV Bharat / state

গুৱাহাটীত ৰাষ্ট্ৰীয় লোক সাংস্কৃতিক সমাৰোহ "পঞ্চকলা মহোৎসৱ" আৰম্ভ - panchakala mahotsav

এই মহোৎসৱত ভাগ লৈছে অসমৰ উপৰিও তেলেংগানা,বিহাৰ,ঝাৰখণ্ড,মণিপুৰ,ওড়িষ্যাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা লোক-সংস্কৃতিৰ দলে ৷ এই মহোৎসৱ অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৷

panchakala mahotsav
গুৱাহাটীত ৰাষ্ট্ৰীয় লোক সাংস্কৃতিক সমাৰোহ "পঞ্চকলা মহোৎসৱ" আৰম্ভ
author img

By

Published : Oct 19, 2019, 4:50 PM IST

Updated : Aug 9, 2022, 6:23 PM IST

গুৱাহাটী,১৯ অক্টোবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ সন্ধিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় লোক সংস্কৃতিৰ সমাৰোহ তৃতীয় বাৰ্ষিক "পঞ্চকলা মহোৎসৱ" ৷ এইবাৰ এই মহোৎসৱত(Panchakala mahotsav) ভাগ লৈছে অসমৰ উপৰিও তেলেংগানা,বিহাৰ, ঝাৰখণ্ড,মণিপুৰ,ওড়িষ্যাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা লোক সংস্কৃতিৰ দলে ৷

এই মহোৎসৱ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পিছতে প্ৰতিখন ৰাজ্যৰ পৰা অহা লোকশিল্পীৰ দলে নিজা নিজা লোক নৃত্য আৰু লোক সংগীত পৰিৱেশন কৰি অগণন দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় ৷ তিনিদিন ধৰি চলিবলগীয়া এই মহোৎসৱত বহুকেইখন ৰাজ্যই নিজা নিজা লোক সংস্কৃতি পৰিৱেশন কৰিব ৷

উল্লেখ্য যে লোক নৃত্য আৰু লোক সংস্কৃতিৰ পাঠ্যক্ৰমযুক্ত শিক্ষা প্ৰদান কৰি অহা অসমৰ একমাত্ৰ অনুষ্ঠান "পঞ্চসুৰ"-এ বিগত দুটা বছৰৰ পৰা সাংস্কৃতিক বিনিময়ৰ উদ্দেশ্যে এই পঞ্চকলা মহোৎসৱৰ আয়োজন কৰি আহিছে ৷

আনহাতে এই মহোৎসৱত তেলেংগানাৰ পৰা অহা লোক শিল্পীৰ দলে পৰিৱেশন কৰা "উগু নৃত্য" ই মন্ত্ৰমুগ্ধ কৰি ৰাখে অগণন দৰ্শকক ৷ অপূৰ্ব নৃত্য শৈলীৰে পৰিৱেশন কৰা উগু নৃত্য ইতিমধ্যে দেশজুৰি সমাদৃত হৈছে ৷ তেলেংগানাৰ পৰা অহা এই শিল্পীৰ দলটোৱে এই উগু নৃত্য ইতিমধ্যে দেশৰ দহ হাজাৰতকৈও অধিক মঞ্চত পৰিৱেশন কৰি ভূয়সী প্ৰসংসা লাভ কৰিছে। তেলেংগানাৰ এই বিশেষ লোকনৃত্য শৈলীয়ে পঞ্চকলা মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷

Last Updated : Aug 9, 2022, 6:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.