ETV Bharat / state

SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ

author img

By

Published : Oct 6, 2020, 12:12 PM IST

Updated : Oct 6, 2020, 5:13 PM IST

P K Dutta arrested from indo nepal border Etv bharat news
পি কে দত্ত

12:07 October 06

প্ৰাক্তন আৰক্ষী বিষয়া দত্তক ভাৰত-নেপালৰ সীমান্তৱৰ্তী কাকাৰভিটাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কেচিন’ৰ ব্যৱসায় সূত্ৰে নেপাললৈ সঘন আহ-যাহ অব্যাহত ৰাখিছিল দত্তই ৷

নিউজ ডেস্ক,6 অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ SI পদৰ বাছনি পৰীক্ষাৰ কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্ত ৷ দত্তই নেপালৰ পৰা অসমলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় আৰক্ষীৰ হাতত ৷ বিগত 20 ছেপ্তেম্বৰৰ পৰা পলাতক অৱস্থাত আছিল সমগ্ৰ SI কাণ্ডৰ মূল নায়ক দত্ত ৷ উল্লেখ্য যে,কেচিন’ৰ ব্যৱসায় সূত্ৰে প্ৰায়ে নেপাললৈ আহ-যাহ অব্যাহত ৰাখিছিল দত্তই ৷ মঙলবাৰে ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাৰ পৰা গ্ৰেপ্তাৰ হোৱা দত্তক ৰামপুৰৰ আদালতত হাজিৰ কৰোৱা হ’ব ৷ সম্প্ৰতি পশ্চিমবংগ আৰক্ষীৰ জিম্মাত থকা পি কে দত্তক বুধবাৰে অসম আৰক্ষীক অৰ্পণ কৰা হ’ব ৷ 

স্থাৱৰ সম্পত্তিৰ প্ৰায় পাহাৰ গঢ়ি তোলা প্ৰাক্তন ডিআইজি গৰাকীৰ আছে কেইবা হাজাৰ কোটি টকাৰ সম্পত্তি ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈকে বিভিন্ন স্থানত দত্তৰ আছে প্ৰায় 12 বিঘাৰো অধিক মাটি ৷ তদুপৰি ফাৰ্ম হাউচৰ লগতে মহানগৰীতে আছে চাৰিখনকৈ বিলাসী হোটেল ৷ হোটেল ভাৰ্গৱ গ্ৰেণ্ড নামৰ তিনি তাৰকাযুক্ত হোটেলখন লখৰাত থকাৰ বিপৰীতে আইএছবিটিৰ সমীপত আছে হোটেল ভাৰ্গৱ, পল্টন বজাৰত ভাৰ্গৱ ইন আৰু গণেশগুৰিস্থিত হোটেল ভাৰ্গৱ নামৰ চাৰিখনকৈ হোটেলৰ স্বত্বাধিকাৰী হৈছে পি কে দত্ত ৷ ডিব্ৰুগড়ৰ উপায়ুক্তৰ বাসভৱনৰ কাষতো দত্তই নিৰ্মাণ কৰিছিল ভাৰ্গৱ এপাৰ্টমেণ্ট নামৰ এক বিশাল অট্টালিকা ৷ লগতে চহৰখনৰ সাত ঠাইত আছে দত্তৰ স্থাৱৰ সম্পত্তি ৷ এয়াই নহয়,মহানগৰীৰ হেঙেৰাবাৰীত দত্তৰ আছে প্ৰাসাদোপম দুটাকৈ অট্টালিকা ৷ আনহাতে, ডিব্ৰুগড়, দিল্লী আৰু গুৱাহাটীত ধনকুবেৰগৰাকীৰ নামত 12 টাকৈ ফ্লেট আছে । বৰাক উপত্যকাৰ উদাৰবন্দত প্ৰায় 1400 বিঘা যোৰা এখন বিশাল চাহ বাগিচা থকাৰ বিপৰীতে একেখন বাগিচাতে আছে প্ৰায় কোটিটকীয়া এটা বিলাসী বাংলো ৷ এই সমস্ত সম্পত্তিৰ গৰাকী হৈছে প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্তৰ উপৰিও পত্নী, কন্যা, জোঁৱাইৰ লগতে হোটেলৰ বিশ্বস্ত মেনেজাৰ ৷

লগতে চাওকঃ চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক

Last Updated : Oct 6, 2020, 5:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.