ETV Bharat / state

2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে

author img

By

Published : Nov 15, 2020, 6:16 PM IST

বিহাৰৰ নিৰ্বাচনী ফলাফলৰ পিছতে ওৱেইছিয়ে মন্তব্য কৰিছে যে তেওঁৰ দলে অসমৰ নিৰ্বাচনত ভাগ নলয় ‌। যিহেতু বদৰুদ্দিন আজমল তেওঁৰ বন্ধু, গতিকে অসমৰ নিৰ্বাচনত ভাগ লৈ তেওঁ আজমলক অসুবিধাত নেপেলায় । গতিকে সন্দেহ অধিক ঘনীভূত হৈছে । বিহাৰত বিজেপিক জয়ী‌ কৰাবলৈ ওৱেইছিয়ে যি ভূমিকা ল’লে অসমত সেই একেই ভূমিকা আজমলে নলয়তো !

oweisi ajmal guwahati assam etv bharat news
আজমল-ওৱেইছি

গুৱাহাটী,15 নৱেম্বৰ: বিহাৰত মহাজোঁটবন্ধনক সবাতোকৈ অধিক ক্ষতি কৰিলে আশাউদ্দিন ওৱেইছি নেতৃত্বাধীন এআইএমআইএম দলে । কোনেও ভবা নাছিল যে, ওৱেইছিৰ দলে বিহাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু পাঁচখনকৈ আসনত জয়ী হ’ব । ওৱেইছিয়ে বিহাৰৰ নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীক অৱতীৰ্ণ কৰোৱাৰ ফলত সবাতোকৈ অধিক লাভৱান হ'ল বিজেপি । কিয়নো, কংগ্ৰেছ কিম্বা মহাজোঁটবন্ধনৰ সংখ্যালঘু ভোট বেংকতহে এআইএমআইএমে আঘাত হানিলে । মূলতঃ ধৰ্মীয় সংখ্যালঘুৰ ভোটেৰে ৰাজনীতি কৰি অহা ওৱেইছিয়ে বিহাৰত লোৱা এনে ভূমিকাই দেশৰ ৰাজনৈতিক বিশ্লেষকৰ মাজত জন্ম দিছে এক নতুন সন্দেহৰ । কিয়নো মুখেৰে বিজেপি বিৰোধ কৰি থাকিলেও ওৱেইছিৰ সৈতে বিজেপিৰ একাংশ শীৰ্ষ আৰু অত্যন্ত প্ৰভাৱশালী নেতাৰ আছে মধুৰ তথা ঘনিষ্ঠ সম্পৰ্ক । সেই সম্পৰ্কৰ আঁত ধৰিয়েই বিহাৰত বিজেপিয়ে ওৱেইছিক শিখণ্ডী হিচাপে ব্যৱহাৰ কৰিলে বুলিও ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে ৷

অনুৰূপ অৱস্থা অসমতো হ’ব নেকি ? কিয়নো কংগ্ৰেছে গঠন কৰিবলৈ লোৱা মহাজোঁটবন্ধনৰ প্ৰতি এতিয়াও কোনো ধৰণৰ মুকলি বা আনুষ্ঠানিক সমৰ্থন আগবঢ়োৱা নাই বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে । এই কথা নক’লেও চলে যে ৰাজনৈতিকভাবে বিজেপি এআইইউডিএফৰ শত্ৰু হ'লেও গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ ব্যক্তিগত সম্পৰ্ক অতি মধুৰ । তেনে ক্ষেত্ৰত শেষ মুহুৰ্তত মুখেৰে বিজেপি বিৰোধ কৰি থাকিলেও কাৰ্যতঃ নিৰ্বাচনৰ পথাৰত এআইইউডিএফে কংগ্ৰেছৰ সংখ্যালঘু ভোট ভাঙি আওপকীয়াকৈ বিজেপিকে সহায় কৰাৰ সম্ভাৱনাও নথকা নহয় । ঠিক আশাউদ্দিন ওৱেইছিৰ দৰে ৷

ইপিনে, বিহাৰৰ নিৰ্বাচনী ফলাফলৰ পিছতে ওৱেইছিয়ে মন্তব্য কৰিছে যে তেওঁৰ দলে অসমৰ নিৰ্বাচনত ভাগ নলয় ‌। যিহেতু বদৰুদ্দিন আজমল তেওঁৰ বন্ধু, গতিকে অসমৰ নিৰ্বাচনত ভাগ লৈ তেওঁ আজমলক অসুবিধাত নেপেলায় । গতিকে সন্দেহ অধিক ঘনীভূত হৈছে । বিহাৰত বিজেপিক জয়ী‌ কৰাবলৈ ওৱেইছিয়ে যি ভূমিকা ল’লে অসমত সেই একেই ভূমিকা আজমলে নলয়তো !

লগতে চাওকঃ বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.