ETV Bharat / state

Assam teacher post vacant: ৰাজ্যৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহস্ৰাধিক বিষয় শিক্ষকৰ পদ খালী - প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়

ৰাজ্যৰ ৫৭১খন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১,২৭০ টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে । সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকাই শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ।

Assam teacher post vacant
Assam teacher post vacant
author img

By

Published : Jul 26, 2023, 7:16 PM IST

গুৱাহাটী, 26 জুলাই: ৰাজ্যৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ আছে সহস্ৰাধিক বিষয় শিক্ষকৰ পদ । ৰাজ্যৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষকৰ পদেই সৰ্বাধিক খালী হৈ আছে ।

ৰাজ্যৰ ৫৭১খন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১,২৭০ টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে। সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকাই শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ।

Assam teacher post vacant
ৰাজ্যৰ ৫৭১খন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১,২৭০ টা বিষয় শিক্ষকৰ পদ খালী

ইয়াৰ পৰা দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ শিক্ষা ব্যৱস্থা কোন দিশে গতি কৰিছে । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তুলনাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল নিম্নগামী হোৱাৰ ই প্ৰধান কাৰণ । এই পদবোৰ অতিশীঘ্ৰে পূৰ্ণ কৰিবৰ বাবে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কর্মচাৰী সন্থাৰ সম্পাদকে ৰাজ্যৰ শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে ।

উল্লেখ্য যে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকাই শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনৰ মতে, এই বিদ্যালয়কেইখনত অসমীয়া বিষয়ৰ শিক্ষকৰ পদেই সৰ্বাধিক খালী হৈ আছে ৷

Assam teacher post vacant
প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহস্ৰাধিক বিষয় শিক্ষকৰ পদ খালী

পত্ৰখনত উল্লেখ আছে যে আধুনিক ভাৰতীয় ভাষাৰ ৪১৬ টা শিক্ষকৰ পদ খালী হৈ আছে । তাৰ ভিতৰত অসমীয়া বিষয়ৰেই ৩৬১ টা পদ খালী হৈ আছে । দ্বিতীয় সৰ্বাধিক খালী হৈ আছে ইতিহাস বিষয়ৰ শিক্ষকৰ পদ । ১৪০ টা ইতিহাস বিষয়ৰ শিক্ষকৰ পদ খালী আছে । তদুপৰি, ঐচ্ছিক অসমীয়া বিষয়ৰ ১৩০ টা আৰু ইংৰাজী বিষয়ৰ ৯৪ টা শিক্ষকৰ পদ খালী হৈ আছে ।

তথ্য মতে, নগাঁও জিলাত সৰ্বাধিক ১১৩ টা শিক্ষকৰ পদ খালী হৈ আছে । একেদৰে ধুবুৰীত ৬৮, কোকৰাঝাৰত ২৫, মৰিগাঁৱত ২৭, ধেমাজিত ২৭, ওদালগুৰিত ৪২, বাক্সাত ২৭, শোণিতপুৰত ৩২, শিৱসাগৰত ৩৯ টা, তিনিচুকীয়াত ৪৩ টা, কাছাৰত ৭৭, কৰিমগঞ্জত ৮৭, নলবাৰীত ৫৯, বিশ্বনাথত ৫৩, গোৱালপাৰাত ৪১, হোজাইত ৩২, চৰাইদেউত ৪৪, বঙাইগাঁৱত ২৮, কাৰ্বি আংলঙত ৪০, দৰঙত ২১, যোৰহাটত ৩৩, ডিব্ৰুগড়ত ৩৭, মাজুলীত ১৯, দক্ষিণ শালমাৰাত ৩৯, কামৰূপ (মহানগৰ)ত ৫৩, গোলাঘাট জিলাত ১৯, লখিমপুৰত ৩৫, কামৰূপত ৬২, বৰপেটা জিলাত ৬৮ টা বিভিন্ন বিষয়ৰ শিক্ষকৰ পদ খালী হৈ আছে ।

লগতে পঢ়ক: Golaghat Triple Murder: গোলাঘাট ট্ৰিপল মাৰ্ডাৰে প্ৰমাণ কৰিলে লাভ জিহাদ এতিয়াও আছে; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.