ETV Bharat / state

AJP Joining program: অসম জাতীয় পৰিষদত যোগদান আছুৰ দুই শতাধিক নেতা-সদস্যৰ

author img

By

Published : Aug 11, 2023, 7:11 PM IST

গুৱহাটীত অসম জাতীয় পৰিষদৰ বিশাল যোগদান কাৰ্যসূচী ৷ প্ৰায় দুই শতাধিক আছু কৰ্মীয়ে যোগদান কৰে জাতীয় পৰিষদত ৷

AJP Joining program
AJP Joining program
গুৱহাটীত অসম জাতীয় পৰিষদৰ বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটী, 11 আগষ্ট: আছুৰ দুই শতাধিক নেতা সদস্য শুকুৰবাৰে অসম জাতীয় পৰিষদত যোগদান কৰে । গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এখন সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী উপদেষ্টা উদ্দীপজ্যোতি গগৈসহ আছুৰ দুই শতাধিক নেতা, সদস্যই অসম জাতীয় পৰিষদত যোগদান কৰে ।

লক্ষণীয় যে বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগ লাগি জন্ম দিয়া অসম জাতীয় পৰিষদ দলটোৰ সৈতে শেহতীয়াকৈ ছাত্ৰ সন্থাৰ একাংশ শীৰ্ষ নেতাৰ দূৰত্ব বৃদ্ধি পোৱা বুলি চৰ্চা চলিছে ৷ এনে সময়তে ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ নেতৃত্বত সংগঠনটোৰ বৃহৎ দল এটাই জাতীয় পৰিষষদত যোগদান কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

উদ্দীপজ্যোতি গগৈৰ সৈতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ লগতে মহকুমা, আঞ্চলিক আৰু বিশ্ববিদ্যালয় আছু গোটৰ আন কেইবাগৰাকী নেতা তথা কৰ্মকৰ্তাই যোগদান কৰিছে জাতীয় পৰিষদত ৷ সভাৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে এয়া নতুন আৰম্ভণি । বৰ্তমানৰ অসমৰ যুৱক যুৱতীৰ জাতীয়তাবাদত আস্থা আছে । যাৰ বাবে এওঁলোকে আজি জাতীয়তাবাদৰ বাবে যুঁজিবলৈ ওলাই আহিছে ।‌ ভৱিষ্যতেও আহি থাকিব ।

ইপিনে অজাপত যোগদান কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে কয় যে অসমৰ জাতীয় আশা আকাংক্ষাক ৰক্ষাৰ কৰাৰ স্বাৰ্থত ৰাজনীতি কৰিব ওলাই আহিছে ।‌ ভৱিষ্যতে অজাপৰ হৈ নিষ্ঠাৰে কাম কৰি যাব বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.