ETV Bharat / state

Orunodoi scheme poster irony: বিজ্ঞাপনত ফটো জিলিকা ব’হাগী দেউৰীয়েই আজিলৈকে নাপালে অৰুণোদয়ৰ ধন

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:34 PM IST

অৰুণোদয় আঁচনিক লৈ ৰাজ্যত এইকেইদিন উখল-মাখল পৰিৱেশ দেখা গৈছে ৷ হাঁহিমুখেৰে মুখ্যমন্ত্ৰীয়েও মহিলাসকলক বুজাইছে অৰুণোদয়ৰ ধন কেনেকৈ খৰচ কৰিব ৷ পিচে পৰিতাপৰ কথা যে অৰুণোদয়ৰ পোষ্টাৰত জিলিকি থকা মহিলাগৰাকীয়েই আজিলৈকে পোৱা নাই এই আঁচনিৰ ধন ৷ তেওঁৰ নামত নাই কোনো চৰকাৰী আঁচনি ৷

Orunodoi scheme poster irony
Orunodoi scheme poster
বিজ্ঞাপনত ফটো জিলিকা ব’হাগী দেউৰীয়েই আজিলৈকে নাপালে অৰুণোদয়ৰ ধন

সোণাপুৰ, ১৩ অক্টোবৰ: ৰাজ্যত এতিয়া হিতাধিকাৰী আঁচনিৰ ৰূপায়ণৰ আনুষ্ঠানিকতা আৰু প্ৰচাৰ তুংগত আছে । ৰাজ্যজুৰি অৰুণোদয় ২.০ শুভাৰম্ভ ৷ শদিয়াৰ পৰা ধুবুৰীলৈ মুখ্যমন্ত্ৰীৰ ফটো সহিতে চৰকাৰে বিজ্ঞাপনৰে চলাইছে ব্যাপক প্ৰচাৰ । ব্যাপক প্ৰচাৰৰ মাজতে চৰকাৰৰ এক আজৱ কাণ্ড পোহৰলৈ আহিছে ৷

হ’ৰ্ডিং, বেনাৰ আৰু পোষ্টাৰ আদিত মুখ্যমন্ত্ৰীৰ লগত অৰুণোদয়ৰ বিজ্ঞাপনত অসমৰ সকলোতে জিলিকি আছে এগৰাকী হাঁহিমুখীয়া মহিলাৰ ফটো ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ 'পোষ্টাৰ ৱমেন' তেওঁ ৷ নাম ব’হাগী দেউৰী ৷ ২০২১ৰ পৰাই অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত ব্যৱহাৰ হৈ আহিছে ব’হাগী দেউৰীৰ ফটো। অসমবাসীৰ এখন চিনাকী মুখ ব’হাগী দেউৰী ৷

ব’হাগী দেউৰী নামৰ এই গৰাকী মহিলাৰ ঘৰ ডিমৰীয়াৰ ধোপগুৰি পঞ্চায়তৰ অন্তৰ্গত বাঁহতলা গাঁৱৰ ৷ কিন্তু পৰিতাপৰ কথাটো হ'ল এইগৰাকী আৰ্থিকভাৱে সবল নোহোৱা মহিলাই আজি পৰ্যন্ত লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন ।

২০২০-২১ বৰ্ষৰ পৰাই প্ৰকাশিত অৰুণোদয়ৰ বিজ্ঞাপনত এইগৰাকী মহিলাৰ আলোকচিত্ৰ প্ৰকাশ কৰি অহা হৈছে যদিও এই পৰ্যন্ত মহিলাগৰাকীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন । ৰাজ্যজুৰি ধুমধামেৰে চৰকাৰে মহিলা হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰিছে অৰুণোদয়ৰ মঞ্জুৰী পত্ৰ ৷ অহা ১০ নৱেম্বৰৰ ভিতৰত হিতাধিকাৰীৰ একাউণ্টত সকলো হিতাধিকাৰীয়েই লাভ কৰিব অৰুণোদয়ৰ ধন ৷ পিছে সমগ্ৰ অসমতে অৰুণোদয়ৰ বাণী বিজ্ঞাপনত হাঁহি হাঁহি বিলোৱা ব’হাগী দেউৰী এইবাৰো নহ’ল অৰুণোদয়ৰ হিতাধিকাৰী ৷

বুধবাৰে ৰাজ্যজুৰি অৰুণোদয়ৰ মঞ্জুৰি পত্ৰ বিলোৱাৰ পিছতে পোহৰলৈ আহে যে খোদ অৰুণোদয় আঁচনিৰ বিজ্ঞাপনৰ মডেল ব’হাগী দেউৰীকেই স্পৰ্শ কৰিব পৰা নাই আঁচনিখনে ৷

গাঁৱৰ সহজ-সৰল মহিলাগৰাকীৰ সন্দেহ দুবছৰ পূৰ্বে কোনো চৰকাৰী সভাত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁৰ আলোকচিত্ৰ উঠাই এনেদৰে ব্যৱহাৰ কৰা হৈছে অৰুণোদয়ৰ বিজ্ঞাপনত ৷ তাক লৈ বিশেষ আক্ষেপো কৰা নাই তেওঁ ৷ কিন্তু তেওঁৰ আক্ষেপ অৰুণোদয়কে ধৰি কোনো চৰকাৰী আঁচনিৰ সুবিধা নোপোৱাক লৈ ৷ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে ব্যৱহাৰ কৰা এই হাঁহিমুখীয়া ফটোৰ মহিলাগৰাকীয়ে কিন্তু আজিলৈ লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন ।

অৰুণোদয় আঁচনিৰ প্ৰচাৰৰ আৰ্থিকভাৱে দুৰ্বল নিজৰ অজ্ঞাতে মডেল হৈ পৰা মহিলা গৰাকীকেই স্থানীয় পঞ্চায়ত তথা প্ৰশাসনে এই পৰ্যন্ত গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত মহিলাগৰাকীৰ আত্মীয়ও ৷ তেওঁলোকৰ প্ৰশ্ন আচঁনিৰ বিজ্ঞাপনত ব্যৱহৃত মহিলাগৰাকীয়েই যদি আচঁনিয়ে স্পৰ্শ কৰিব পৰা নাই তেন্তে প্ৰকৃত আৰ্থিকভাৱে দুৰ্বল জনক কিমান দূৰ সামৰিব পাৰিব এই আঁচনিয়ে ?

লগতে পঢ়ক: Assam CM on Orunodoi: হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.