গুৱাহাটী, 21 মাৰ্চ : ন্যায্য প্রাপ্তিৰ দাবীত মহানগৰীৰ চচলত প্ৰতিবাদত বঢ়িল কেইবাটাও সংগঠন (Protest in sachal) ৷ অসম বিধান সভাৰ বাজেট অধিবেশনৰ সপ্তম দিনা কেইবাটাও সংগঠনে প্ৰতিবাদেৰে উত্তাল কৰিলে চচল ৷
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ দাবীত যৌথভাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাভা জনগোষ্ঠীটোৰ বহুকেইটা দল সংগঠনে (Organizations protest demanding justice at Sachal) । প্ৰতিবাদকাৰী সকলক সংগ দিয়ে সদৌ অসম ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰী আৰু ৰাভা স্বায়ত্ব পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক অন্তৰ্ভূক্ত নকৰিলে আগন্তক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে সংগঠনটোৰ নেতৃত্বই ।
অসমত বসবাস কৰা হিন্দু বঙালী সকলৰ নাগৰিকত্ব সমস্যাৰ সমধান, ডি ভোটাৰ সকলৰ সমস্যাৰ সমধান, ডিটেনশন কেম্প বন্ধ কৰা, হিন্দু বঙালী সকলক বিদেশী ন্যায়াধীকৰণৰ ন’টিচ দিয়া বন্ধ কৰা, চেটেলাইট কাউন্সিল প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনে চচলত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলক লৈ ৰাজ্য জুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ছেবাৰ এনে কাণ্ডক লৈ সৰৱ হৈ পৰা ভাৰতীয় গণতান্ত্ৰিক ছাত্র ফেডাৰেচন চমুকৈ SFI ৰ অসম ৰাজ্যিক কমিটিয়ে সোমবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ আৰ চি জৈন আৰু ছেবাৰ সচিবৰ পদত্যাগৰ দাবী তুলি সোমবাৰে চচলত অনশন কাৰ্চসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰী সকলে ছাত্র ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষামন্ত্ৰী গ’বেক, প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰক, নৈতিক দায়িত্ব স্বীকাৰ কৰি ছেবাৰ অধ্যক্ষ আৰু সচিবে পদত্যাগ কৰক, সংস্কাৰৰ মাজেদি ছেবাৰ ওপৰত অসমৰ মানুহৰ আস্থা ঘূৰাই আনক, ঢলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন কৰক আদি শ্লোগানেৰে চচলৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
লগতে পঢ়ক : Protest against municipality tax hike: এজেৱাইচিপিৰ প্ৰতিবাদত উত্তাল যোৰহাট পৌৰসভা কাৰ্যালয়