ETV Bharat / state

Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী, বিৰোধীয়ে বিচাৰিলে তদন্ত - Opposition seeks probe into CM familys land scam

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চৰ্চিত ভূমি কেলেংকাৰীক লৈ উত্তপ্ত সদন। বিৰোধীয়ে ত্যাগ কৰিলে সদন। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ১০৬ বিঘা ভূমি ক্ৰয় কৰাৰ বাবে প্ৰশাসন যন্ত্রটোক ব্যৱহাৰ কৰিছে। মিডিয়া কোম্পানীটোৱে ফুড প্ৰচেছিঙৰ নামত লাভ কৰিছে ১০ কোটি টকাৰ ৰাজসাহাৰ্য । সমগ্ৰ ঘটনাৰ তদন্ত দাবী কংগ্ৰেছৰ।

Riniki Bhuyan Sarma land scam
মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী, বিৰোধীয়ে বিচাৰিলে তদন্ত
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:24 PM IST

মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী, বিৰোধীয়ে বিচাৰিলে তদন্ত

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চৰ্চিত ভূমি কেলেংকাৰীৰ প্ৰসংগটোক লৈ বিধানসভা উত্তাল হৈ পৰে। বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী বিষয়টো সদনৰ মজিয়াত আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আগবঢ়াই যদিও অধ্যক্ষই সম্মতি প্ৰদান‌ নকৰিলে। যাক লৈ সদন উত্তপ্ত হৈ পৰে আৰু সদন দুবাৰকৈ স্থগিত ৰখা হয়।

পুনৰ সদন আৰম্ভ হয় যদিও বিষয়টো আলোচনা নকৰাত বিৰোধীয়ে সদন ত্যাগ কৰে। হাতে হাতে প্লে-কাৰ্ড লৈ বিৰোধীয়ে সদন ত্যাগ কৰে। এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়টো চৰ্চিত হৈছে। অসমত থলুৱা লোকসকলক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদিত লোকসকলক সংস্থাপন দিয়া হোৱা নাই। তেনেস্থলত সমাজৰ শেষৰজন ব্যক্তিৰ বাবে এইখন চৰকাৰে কিমান কাম কৰিছে তাত সন্দেহ আছে। মুখ্যমন্ত্রীয়ে তেওঁৰ পৰিয়ালৰ লোকে কোনো ধৰণৰ চৰকাৰী সাহায্য লোৱা নাই বুলি কৈছে। কিন্তু ২২ মাৰ্চত সংসদত বিজেপিৰ সাংসদ পল্লৱ লোচন দাসে বিনিয়োগৰ ওপৰত এটা প্ৰশ্ন কৰিছিল আৰু যাৰ উত্তৰ দিছিল কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে।

ইয়াৰ উত্তৰত প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডক ১০ কোটি টকাৰ ৰাজসাহাৰ্য দিয়াৰ কথা উল্লেখ কৰা হয়। এই সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰা এটা স্পষ্টীকৰণ বিচৰা হৈছিল আৰু আজি সদন স্থগিত কৰি বিষয়টোত আলোচনা বিচৰা হৈছিল। কিন্তু অনুমতি দিয়া নহ'ল বাবে সদন ত্যাগ কৰা হয় বুলি দেৱব্ৰত শইকীয়াই সদৰী কৰে ।

আনহাতে বিধায়ক ভৰত নৰহে সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰি কয় যে, চিলিং আইন অনুসৰি ৫০ বিঘাৰ ওপৰত মাটি ল'ব নোৱাৰে। কিন্তু মুখ্যমন্ত্রীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে নগাঁৱৰ কলিয়াবৰত ৫০ বিঘা মাটি লৈছে। আনহাতে ৰাজসাহাৰ্য লাভ কৰিছে ১০ কোটি টকা।

এনে ঘটনা পূৰ্বতে হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, টপচেম চিমেণ্টে চিলিং আইন ভংগ কৰি এশ বিঘাৰো অধিক মাটি লৈছিল যদিও পাছত ৫০ বিঘা মাটি ৰাখি বাকীখিনি প্ৰশাসনে ঘূৰাই লৈছিল। কিন্তু মুখ্যমন্ত্রীৰ পৰিবাৰে ক্ৰয় কৰা ভূমিৰ ক্ষেত্রত তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰং আৰু ৫৬ বিঘা ভূমি ক্ৰয় কৰা হৈছে মুখ্যমন্ত্রীৰ পৰিবাৰৰ মালিকানাধীন কোম্পানীৰ নামত। আনহাতে এই মাটি শ্ৰেণী বিভাজন কৰি ক্ৰয় কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।

নৰহে লগতে কয় যে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে মুঠ ১০৬ বিঘা ভূমি ক্ৰয় কৰাৰ বাবে প্ৰশাসন যন্ত্রটোক ব্যৱহাৰ কৰিছে। আনহাতে কোম্পানীটোৱে ফুড প্ৰচেছিঙৰ নামত ১০ কোটি টকাৰ ৰাজসাহাৰ্য লাভ কৰিছে। মুখ্যমন্ত্রীয়ে ৰাজসাহাৰ্য লোৱা নাই বুলি কৈছে যদিও খাদ্য সংসাধন মন্ত্রণালয়ৰ ৱেবচাইটত স্পষ্টভাৱে উল্লেখ আছে প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নাম। এটা মিডিয়া কোম্পানীয়ে কিদৰে ফুড প্ৰচেছিঙৰ বাবে ৰাজসাহাৰ্য লাভ কৰিব পাৰে বুলি তেওঁ প্ৰশ্ন কৰে। এই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে বুলি নৰহে দাবী কৰে ৷

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.