গুৱাহাটী, ২৩ ডিচেম্বৰ: অসম চৰকাৰে আৰ্থিকভাৱে পিছ পৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থা বা ‘ই ডব্লিউ এছ’ কোটা বাতিল কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Scrapping of EWS reservation)। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা এই প্ৰসংগকলৈ বিৰোধীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ (MLA Jakir Hussain Sikdar) আৰু এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam) 'ই ডব্লিউ এছ' কোটা বাতিল কৰাক লৈ অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে (Opposition critisize Assam Govt)।
উল্লেখ্য যে, অসম চৰকাৰৰ চাকৰিত এতিয়াৰে পৰা আৰু বলবৎ নহ'ব আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থা বা ‘ই ডব্লিউ এছ’ কোটা (Economically weaker section)। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে জাননী । জাৰি কৰা জাননী অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ‘ই ডব্লিউ এছ’ কোটা বাতিল কৰা হৈছে । অৱশ্যে জাননীত কোৱা হৈছে যে ২০২২ চনৰ ২১ ডিচেম্বৰৰ পূৰ্বে প্ৰকাশিত চাকৰিৰ বিজ্ঞাপনত এই আদেশ প্ৰযোজ্য নহ'ব ।
একেদৰে শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত থকা 'ই ডব্লিউ এছ' কোটা বাহাল থাকিব । উল্লেখ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সংবিধানৰ সংশোধনী ঘটাই শিক্ষা আৰু চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত সাধাৰণ বৰ্গৰ বাবে অর্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । উচ্চতম ন্যায়ালয়েও এই সংৰক্ষণ ব্যৱস্থা বাহাল ৰাখিছিল । ২০১৯ চনৰ ১২ জানুৱাৰীত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে ‘ই ডব্লিউ এছ’ৰ বিলত স্বাক্ষৰ কৰিছিল (President Ram Nath Kovind)।
কেন্দ্ৰত এই বিল গৃহীত হোৱাৰ পাছতে অসমতো পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে তাৎক্ষণিকভাৱে ‘ই ডব্লিউ এছ’ ব্যৱস্থা কাৰ্যকৰী কৰিছিল (Assam CM Sarbananda Sonowal)। কিন্তু ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰ বিপৰীতে গৈ কিয় ‘ই ডব্লিউ এছ’ৰ চাকৰিৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰিলে সেয়া বৰ্তমানেও ৰহস্যৰ বিষয় । উল্লেখযোগ্য যে, বিজেপি আৰু আৰ এছ এছে দেশত সংৰক্ষণ ব্যৱস্থা উঠাই দি অর্থনৈতিক ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ দাবী কৰি আহিছে ৷ ‘ই ডব্লিউ এছ’ ব্যৱস্থা হৈছে অৰ্থনৈতিক ভিত্তিক সংৰক্ষণ ব্যৱস্থা । এই ব্যৱস্থাৰ বিলুপ্তিকৰণে নিঃসন্দেহে সাধাৰণ বৰ্গৰ দৰিদ্ৰ পৰিয়ালসমূহক ক্ষতিগ্ৰস্থ কৰিব (opposition react on scrapping of EWS reservation )।
উল্লেখনীয় যে, এই সিদ্ধান্তৰ সৈতেই ৰাজ্য চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূলৰ নামত লোৱা দুমুখীয়া স্থিতি স্পষ্ট হৈ পৰিছে । যি সময়ত ৰাজ্যত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ সময়ত তথা আন তেনে বহু আঁচনি যুগুত কৰি থকাৰ সময়তেই আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ নিযুক্তিৰ ক্ষেত্ৰত বাহাল থকা সংৰক্ষণ ব্যৱস্থা উঠাই দি চৰকাৰখনে প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি উল্লেখ কৰে বিৰোধীয়ে ।
তাৎপৰ্যপূৰ্ণ বিষয় যে, দেশৰ আন আন ৰাজ্যত এই সংৰক্ষণ ব্যৱস্থা বাহাল থকাৰ পৰিৱৰ্তে অসম চৰকাৰে একপক্ষীয়ভাৱে এনে সংৰক্ষণত নিষেধাজ্ঞা আৰোপ কৰিছে । যাক লৈ সম্প্ৰতি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: New Haflong railway station: নিউ হাফলং ষ্টেচনত ভাৰতীয় ৰেল বোৰ্ডৰ পেচেঞ্জাৰ চাৰ্ভিছ কমিটিৰ প্ৰতিনিধি