গুৱাহাটী, ১৪ জুলাই : বিগত দুমাহ ধৰি বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোলাঘাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বর্ষাশ্রী বুঢ়াগোহাঁইৰ ন্যায়ৰ দাবীৰে আজি অসম ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ (Assam State Legal Services Authority) আৰু গোলাঘাট জিলা আইনী সেৱা কৰ্তৃপক্ষলৈ (Golaghat District Legal Services Authority) পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Devabrat Saikia letter to Legal Services Authority) ।
যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীগৰাকীৰ ১৬ জুলাইৰ পৰা হ'বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিবলৈ অনুৰোধ জনাই প্ৰেৰণ কৰা পত্ৰখনত শইকীয়াই ছাত্ৰীগৰাকীৰ আগন্তুক শিক্ষা জীৱনৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত উপস্থিতিৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ দাবী জনায় (Devi Charan Baruah college student Barshashree Burhagohain in jail) ।
কেইবাখনো উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ উদ্ধৃতি দি বিৰোধী দলপতিগৰাকীয়ে জনায় যে বিভিন্ন উচ্চ ন্যায়ালয়ে এজন আটকাধীন ব্যক্তিক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া সম্পর্কে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । সেইসমূহৰ ভিতৰত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় ধৰৰ বিচাৰপীঠে প্ৰদান কৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী, দিল্লী আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে পালন কৰা এক ৰায়দান অনুসৰি আটক হৈ থকা এজন ব্যক্তিক পৰীক্ষা দিয়াত বাধা দিব নোৱাৰি, যদিহে গুৰুত্বপূৰ্ণ পৰিস্থিতি নাথাকে, য'ত আনকি আটকাধীনজনৰ নিৰাপত্তাও অন্তর্ভুক্ত থাকিব পাৰে ।
পত্ৰখনত শইকীয়াই উনুকিয়ায় যে আদালতে একেধৰণৰ বিষয়ত হস্তক্ষেপ কৰাৰ পৰৱৰ্তী সময়ত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ ১৮ জন বন্দীকো তেওঁলোকৰ পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হৈছিল । দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আত্তৌ ৰহমান মাছুদীৰ খণ্ড বিচাৰপীঠেও এজন বন্দীক পৰীক্ষাত বহিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিছিল । উক্ত ৰায়বোৰৰ আধাৰত গোচৰটোৰ গুৰুত্ব বিবেচনা কৰি তাৎক্ষণিক পদক্ষেপৰ জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষক ছাত্ৰীগৰাকীক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আৰু ন্যায় ব্যৱস্থাৰ মৰ্যাদা বজাই ৰাখিবলৈ নিৰ্দেশনা দিবলৈ বিৰোধী দলপতিগৰাকীয়ে অনুৰোধ জনায় ।
লগতে ছাত্ৰীগৰাকীৰ আৰ্থিক অৱস্থাৰ কথা বিবেচনা কৰি সংশ্লিষ্ট জিলা আইনী সাহায্য কর্তৃপক্ষক ছাত্ৰীগৰাকীক প্রয়োজনীয় আইনী সহায় প্ৰদান কৰিবলৈ নিৰ্দেশ দিবলৈও তেওঁ অনুৰোধ জনায় । কাৰাৰুদ্ধ ছাত্রীগৰাকীৰ মৌলিক সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাই প্রেৰণ কৰা পত্ৰখনত তেওঁ ছাত্ৰীগৰাকীৰ ওপৰত জাপি দিয়া বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰাসমূহৰ পুনৰ বিবেচনা কৰিবৰ বাবেও আদালতক অনুৰোধ জনায় ।
লগতে পঢ়ক :Barshashree Burhagohain Case : বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে মুক্তিৰ দাবী ছাত্র সন্থাৰ