ETV Bharat / state

মাজুলীত সোণোৱাল ‘চালানী’ নাছিল নেকি ?: দেৱব্ৰত শইকীয়া

author img

By

Published : Feb 17, 2022, 4:24 PM IST

সমাগত মাজুলীৰ উপ-নিৰ্বাচন ৷ মাজুলীক লৈ ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ মাজত চলিছে বহু জলপনা-কল্পনা ৷ মাজুলীৰ এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকে । কংগ্ৰেছে এইবাৰ মাজুলী এৰি দিছে অসম জাতীয় পৰিষদক ৷ এই লৈ শাসকীয় দলৰ মাজতো চলিছে চৰ্চা ৷ যাক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia remarks on Sarbananda Sonowal) ৷

Majuli by election
মাজুলীৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকে

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : ভোটৰ ৰাজনীতি মানেই যেন একাংশ ৰাজনৈতিক নেতাৰ মুখ চুপতি ! অন্ততঃ শেহতীয়া ৰাজনৈতিক বাতাবৰণে সাধাৰণ জনতাক তেনেকৈয়ে ভাবিবলৈ বাধ্য কৰাইছে । মাজুলীৰ উপ-নিৰ্বাচনৰ (Majuli by election 2022) বাবে বিজেপিয়ে ভুবন গামৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছদিনাই অসম জাতীয় পৰিষদে ঘোষণা কৰিছিল তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ।

বিগত বিধানসভা নিৰ্বাচনত ধেমাজিত পৰাজয় বৰণ কৰা চিত্তৰঞ্জন বসুমতাৰীক অসম জাতীয় পৰিষদে মাজুলীত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । উল্লেখ্য যে, মাজুলীৰ এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকে । কংগ্ৰেছে এই আসনখন এৰি দিছে অসম জাতীয় পৰিষদক । সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিৰোধী দলপতিগৰাকীৰ (Debabrat Saikia remarks on Sarbananda Sonowal) ৷

কিন্তু জাতীয় পৰিষদে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছতে শাসকীয় পক্ষই প্ৰাৰ্থীগৰাকীক ‘চালানী’ বুলি কটাক্ষ কৰাৰ পিছত বৃহস্পতিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উভতি কৰে বিজেপি আৰু মিত্ৰজোঁটক । বিৰোধী দলপতি গৰাকীৰ প্ৰশ্ন, "সৰ্বানন্দ সোণোৱাল কি মাজুলীত চালানী নাছিল নেকি ? গতিকে এনে ধৰণৰ মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসন্মান নকৰাই ভাল’’ ।

আনহাতে, আগন্তুক ৰাজ্যসভা নিৰ্বাচন প্ৰসংগতো মন্তব্য আগবঢ়াই বিৰোধী দলপতি গৰাকীয়ে কয় যে, ৰাজ্যসভাৰ একেখন আসনতে কংগ্ৰেছেও প্ৰাৰ্থী আগবঢ়াব খুজিছে আৰু এ আই ইউ ডি এফেও বিচাৰিছে । কিন্তু এতিয়ালৈকে কোনোধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি তেওঁ মন্তব্য কৰে । লগতে তেওঁ এই বুলিও কয় যে, প্ৰাৰ্থী যাৰেই নহওক, সেয়া হ’ব লাগিব দুয়োটা দলৰ পাৰস্পৰিক বুজাবুজি আৰু সমিলমিলৰ মাজেৰে । অন্যথা শাসকপক্ষহে লাভবান হ’ব ।

আনহাতে, অসম জাতীয় পৰিষদৰ সৈতে মাজুলীৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ যি বুজাবুজি হৈছে তাত বিতৰ্ক হ’বলগীয়া কোনো কথা নাই বুলি মন্তব্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, বিগত বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই মাজুলীৰ আসনখন অসম জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিছে ।

লগতে পঢ়ক : মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.