ETV Bharat / state

জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে : বিৰোধী দলপতি

‘‘দলিত নেতা জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে (Gujarat MLA Jignesh Mevani rearrested case)। মেৱানীৰ গ্ৰেপ্তাৰ সম্পৰ্কত পক্ষপাতদুষ্ট আচৰণ আৰক্ষীৰ ৷’’ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

Gujarat MLA Jignesh Mevani rearrested case
জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে: বিৰোধী দলপতি
author img

By

Published : Apr 26, 2022, 8:04 PM IST

গুৱাহাটী, ২৬ এপ্ৰিল : ‘‘গুজৰাটৰ দলিত নেতা জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । মেৱানীৰ গ্ৰেপ্তাৰ সম্পৰ্কত পক্ষপাতদুষ্ট আচৰণ আৰক্ষীৰ ৷’’ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Gujarat MLA Jignesh Mevani rearrested case)। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি দেৱব্ৰত শইকীয়া কয় যে, জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা সমগ্ৰ বিষয় সন্দৰ্ভত সাক্ষাৎ বিচৰা হৈছিল ৰাজ্যপালৰ । কিন্তু ৰাজ্যপালে সময় নিদিলে কংগ্ৰেছৰ বিধায়িনী দলক । এই ক্ষেত্ৰত ৰাজ্যপালেও পক্ষপাতদুষ্ট আচৰণ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

‘‘অসম আৰক্ষীয়ে জিগনেছ মেৱানীক ধৰ্ম, জাতি, ভাষা, বাসস্থান আৰু সম্প্ৰীতি বিৰোধী কাম-কাজত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ ৰাজনৈতিক চক্ৰান্তত মেৱানীক হাৰাশাস্তি কৰা হৈছে । তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ কোনো ভিত্তি নাই ৷ মেৱানীৰ কণ্ঠৰোধৰ বাবেই বিজেপিৰ এয়া দুৰ্বল প্ৰচেষ্টা’’ বুলি তেওঁ উল্লেখ কৰে । লগতে তেওঁ কয় যে জাননী জাৰি নকৰাকৈ গ্ৰেপ্তাৰ কৰা হৈছিল মেৱানীক । কোকৰাঝাৰৰ গোচৰৰ পৰা জামিন লাভ কৰাৰ পাছতে মহিলা আৰক্ষীক অপদস্থ কৰাৰ অভিযোগত পুনৰ মেৱানীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰাজনৈতিকভাৱে অসম আৰক্ষী ব্যৱহৃত হৈছে বুলি তেওঁ অভিযোগ কৰে ।

জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে: বিৰোধী দলপতি

শইকীয়াই কয় যে, কংগ্ৰেছৰ সদস্যই কংকনা ৰাণাৱট আৰু অৰ্ণব গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে (FIR against Arnab Goswami) । কিন্তু এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে । বিজেপিয়ে আৰক্ষীক ভৃত্য হিচাপে ব্যৱহাৰ কৰিছে ।

বিৰোধী দলপতিগৰাকীৰ মতে, প্ৰধানমন্ত্ৰীৰ সপোনৰ SMART হ'ব পৰা নাই অসম আৰক্ষী । অসম আৰক্ষীয়ে ১.৫৩ শতাংশ অপৰাধীকহে দোষী সাব্যস্ত কৰিব পাৰিছে, সৰ্বভাৰতী হাৰ ৩৪.১৬ শতাংশ বুলি অসম আৰক্ষীক সমালোচনা কৰি তেওঁ কয় যে ২০২০ চনৰ তথ্য অনুসৰি ১,৩৩,৬৪১ গৰাকী ব্যক্তিক বিভিন্ন অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

১,৩৩,৬৪১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ বিপৰীতে ৬১,৬৬৮ গৰাকীৰ বিৰুদ্ধে অভিযোগনামা দিয়ে । ইয়াৰ ভিতৰত ৯৪৯ গৰাকী দোষী সাব্যস্ত হৈছে । ইয়েই অসম আৰক্ষীৰ ব্যৰ্থতা আৰু ৰাজনৈতিক স্বাৰ্থত যে আৰক্ষী ব্যৱহৃত হয় তাক প্ৰমাণ কৰে । মেৱানীৰ গ্ৰেপ্তাৰৰ লগত সম্পৰ্ক আছে গুজৰাটৰ নিৰ্বাচন । মেৱানীৰ বিৰুদ্ধে অধিক গোচৰ ৰুজু কৰাৰ আশংকা প্ৰকাশ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

কিয়নো অখিল গগৈকো এইদৰে এসময়ত গ্ৰেপ্তাৰ কৰা হৈছিল । মেৱানীৰ গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া কৰে তেওঁ । বৰপেটাত প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি নিদিয়াটো দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে ।

কংগ্ৰেছ নেতাদ্বয় আব্দুল খালেক, জাকিৰ হুছেইন শিকদাৰক গ্ৰেপ্তাৰ কৰা ঘটনাদুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে দেৱব্ৰত শইকীয়াই । মেৱানীৰ মুক্তিৰ দাবীত বৰপেটাত প্ৰতিবাদ কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে দুই নেতাক। চৰকাৰক প্ৰকৃত গণতন্ত্ৰ ৰক্ষা কৰাৰ আহ্বান জনাই বিনাচৰ্তে কংগ্ৰেছ নেতাদ্বয়ক মুক্তিৰ দাবী জনায় । আনহাতে সঞ্জীৱ শৰ্মাৰ আলফাত যোগদান সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে অসম আৰক্ষীয়ে গুপ্তচৰ পঠিয়াইছে আলফা স্বাধীনলৈ । আলফাত যুৱকৰ যোগদানৰ লগত আৰক্ষীৰ যোগসূত্ৰ থকাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত ন্যায়িক তদন্তৰ দাবী জনায় (Spy of police in ULFA I)।

আনহাতে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ মন্তব্য কৰে যে, সকলো পৰীক্ষা বেমেজালিৰে অনুষ্ঠিত হৈ আছে (SI exam question paper leak)। ই সঁচাকৈয়ে দুৰ্ভাগ্যজনক । আনহাতে সংবাদমেলত ৰাণা গোস্বামীয়ে কয় যে, কংগ্ৰেছৰ বিপৰ্যয় বুলি একো নাই ৷ কংগ্ৰেছ এখন প্ৰকাণ্ড সমুদ্ৰৰ দৰে । কোনোবাই কংগ্ৰেছ ত্যাগ কৰিলেই কংগ্ৰেছ শুকাই নাযায় । অসম চৰকাৰে পুতলা নাচ দি আছে ৷ অসম চৰকাৰ দিল্লীৰ ৰিম’ৰ্ট কন্ট্ৰলত চলিছে ৷ দিল্লীয়ে যি কয় অসম চৰকাৰে সেয়া কৰে বুলি চৰকাৰক সমালোচনা কৰে গোস্বামীয়ে ।

তেওঁ লগতে কয় যে, নিৰ্বাচনত পৰাজয় আমি মানি লৈছো । ভৱিষ্যতে কোনোবা এটা নিৰ্বাচন বেলট পেপাৰত পাতি দেখুৱাওক ৷ তেতিয়াহে নিৰ্বাচন আয়োগৰ ওপৰত মানুহৰ আস্থা বাঢ়িব ৷ 2024 ৰ লোকসভা আৰু 2026ৰ বিধানসভাৰ নিৰ্বাচন বেলট পেপাৰত অনুস্থিত কৰাৰ আহ্বান ৰাণা গোস্বামীৰ । সংবাদমেলত উপস্থিত থাকে ভৰত নৰহ,ৰাণা গোস্বামী, আব্দুল ৰশিদ মণ্ডল, ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন ।

লগতে পঢ়ক: Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.