ETV Bharat / state

Operation Sarkhar 2.0: সাৱধান ! আৰম্ভ হ’ল অপাৰেশ্যন ছাৰখাৰ - অপাৰেশ্যন কুৰুক্ষেত্ৰ

400 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে আৰম্ভ হ’ল অপাৰেশ্যন ছাৰখাৰ 2.0 ৷ কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে চলাইছে এই অভিযান (Operetaion Sarkhar in Guwahati) ৷ কৰ আদায় নিদিয়াসকলক শীঘ্ৰেই যাৱতীয় কৰ পৰিশোধ কৰাৰ আহ্বান পৰিবহন বিভাগৰ ৷

Operation Sarkhar 2.0
সাৱধান ! আৰম্ভ হ’ল অপাৰেশ্যেন ছাৰখাৰ
author img

By

Published : Mar 1, 2023, 7:46 PM IST

আৰম্ভ হ’ল অপাৰেশ্যন ছাৰখাৰ

গুৱাহাটী, 1 মাৰ্চ: বুধবাৰৰ পৰা আৰম্ভ হ’ল পৰিবহন বিভাগৰ অপাৰেশ্যন ছাৰখাৰ 2.0 অভিযান (Operation Sarkhar) ৷ যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধৰ বাবে বিগত 31 জানুৱাৰীলৈ চূড়ান্ত সময়সীমা ঘোষণা কৰিছিল পৰিবহন বিভাগে ৷ কিন্তু বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ লগতে বিভাগীয় নিৰ্দেশনাক অৱমাননা কৰি গুৱাহাটী মহানগৰীতে কেইবাকোটি টকাৰ যানবাহন কৰ আদায় নিদিয়াকৈ বহু ব্যক্তিগত বিলাসী বাহনৰ লগতে বিভিন্ন ব্যৱসায়িক যানবাহন চলাই আছে (Operetaion Sarkhar in Guwahati) ৷

যান-বাহনৰ যাৱতীয় কৰ আৰু নথি পত্ৰ নৱীকৰণ নকৰি ৰাজপথত চলাচল কৰি থকা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে আৰম্ভ কৰিছে এই ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ । যোৱা দিনবোৰত যিসমূহ যান-বাহনে যাৱতীয় নথি-পত্ৰ নৱীকৰণ নকৰাৰ লগতে কৰ-কাটল আদায় নিদি সম্পূৰ্ণ অনিয়মভাৱে ৰাজপথত চলি আছে সেইসমূহক উচিত শিক্ষা দিবলৈ পৰিবহন বিভাগে ৰাজপথত আৰম্ভ কৰিছিল ‘অপাৰেশ্যন কুৰুক্ষেত্ৰ’ (Operation Kurukshetra)।

অসম চৰকাৰৰ পৰিবহন বিভাগৰ (Transport department of Assam) উদ্যোগত অসমৰ বিভিন্ন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ নামেৰে বুধবাৰৰ পৰা ব্যাপক অভিযান চলাই থকা হৈছে । সেয়েহে আজি ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ অংশ স্বৰূপে মহানগৰীৰ খানাপাৰাত জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত পৰিবহন বিভাগৰ এটা বৃহৎ দলে অভিযান চলাই অভিযানকালত কেইবাখনো বাহন জব্দ কৰাৰ লগতে জৰিমনা বিহি যানবাহন আইনৰ অধীনত বিভিন্ন গোচৰ ৰুজু কৰিছে ।

এই অভিযানত এনফৰ্চমেন্টৰ এটা দলেও সহযোগিতা আগবঢ়ায় ৰাজপথত আৰম্ভ কৰা ‘অপাৰেশ্যন ছাৰখাৰ 2.0’ অভিযানত ৷ এই অভিযানৰ পূৰ্বে এক সজাগতা সভা অনুষ্ঠিত কৰি এই সন্দৰ্ভত জিলা পৰিবহন বিষয়া গৌতম দাসে যানবাহনৰ গৰাকীসকলক অতি শীঘ্ৰে যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধ কৰিবলৈ আহ্বান জনায় ৷ অন্যথা সুৰক্ষিত যাতায়তৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কোনো বাহনকেই ৰাজপথত উঠিবলৈ দিয়া নহ’ব বুলিও উল্লেখ কৰে ৷

এই অভিযান আজিৰে পৰাই দিনে নিশাই অধিক তীব্ৰতৰ কৰা হ’ব বুলিও সদৰী কৰে পৰিবহন বিষয়াগৰাকীয়ে । উল্লেখ্য যে, এইবাৰ 400 কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য পৰিবহন বিভাগৰ ।

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাবে গঢ়ি তুলি ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহন বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, প্ৰচাৰ পুস্তিকা বিতৰণ, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে ৷ এনেক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে বেআইনীভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়াতত ব্যাঘাত জন্মাইছে ।

লগতে পঢ়ক: Tripura Assembly election result: ত্ৰিপুৰাত 2018ৰ পুনৰাবৃত্তি ঘটাব পাৰিব নে বিজেপিয়ে; কিং মেকাৰ হ’ব নেকি টিপ্ৰা মঠা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.